ETV Bharat / sports

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দুটাতকৈ অধিক খেলত অংশগ্ৰহণকাৰী ক্ৰিকেটাৰসকল... - CRICKETERS EXCELLED MULTIPLE SPORTS - CRICKETERS EXCELLED MULTIPLE SPORTS

Cricketers who played in more than two sports: অধিকাংশ খেলুৱৈয়ে একাধিক ক্ৰীড়াৰ সলনি কোনো এক বিশেষ ক্ৰীড়াতহে মনোনিৱেস কৰি উন্নত প্ৰদৰ্শন দাঙি ধৰিবলৈ প্ৰয়াস কৰে ৷ পিছে এই প্ৰতিবেদনত এনে কিছুমান খেলুৱৈৰ বিষয়ে উল্লেখ কৰা হৈছে যিয়ে দেশৰ হৈ একাধিক খেলত অংশগ্ৰহণ কৰি সুনাম অৰ্জন কৰিছে ৷

CRICKETERS EXCELLED MULTIPLE SPORTS
দেশৰ হৈ একাধিক খেলত অংশগ্ৰহণ কৰা একাংশ খেলুৱৈ (Getty Images)
author img

By ETV Bharat Sports Team

Published : Sep 20, 2024, 5:25 PM IST

স্প’ৰ্টছ ডেস্ক, 20 ছেপ্টেম্বৰ: গৰিষ্ঠসংখ্যক খেলুৱৈয়ে একে সময়তে বহুকেইটা খেলত মনোনিৱেশ কৰাতকৈ মন পছন্দৰ কোনো এক বিশেষ খেলতহে গুৰুত্ব আৰোপ কৰি ভালপায় ৷ সেই খেলবিধক কেৰিয়াৰ হিচাপে বাছি লৈ কেনেদৰে উৎকৃষ্ট প্ৰদৰ্শন অব্য়াহত ৰাখিব পাৰে, তাৰ বাবে বিশেষ প্ৰশিক্ষণো গ্ৰহণ কৰে তেওঁলোকে ৷

কিন্তু সমগ্ৰ বিশ্বত এনে একাংশ ক্ৰিকেটাৰ আছে, যিয়ে দুটাকৈ ভিন্ন খেলত নিজৰ দেশক প্ৰতিনিধিত্ব কৰি প্ৰতিভা আৰু ক্ৰীড়াৰ প্ৰয়োজনীয়তাৰ সৈতে খাপ খুৱাব পৰা সকলো ধৰণৰ ক্ষমতা প্ৰদৰ্শন কৰিছে ।

এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে সেইসকল ক্ৰিকেটাৰক লৈ, যিসকলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এটাতকৈ অধিক খেলত নিজৰ দেশক প্ৰতিনিধিত্ব কৰিছে । আন্তৰ্জাতিক পৰ্যায়ত দুটাতকৈ অধিক খেল খেলা ক্ৰিকেটাৰসকলৰ একাংশ হৈছে ক্ৰমে-

  • যুজৱেন্দ্ৰ চাহাল: ভাৰতৰ লেগ স্পিনাৰ যুজৱেন্দ্ৰ চাহালে শৈশৱত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দবা প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল । চাহালে 2002 চনত কলকাতাত ৰাষ্ট্ৰীয় অনুৰ্ধ-12 চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰিছিল ৷ এছিয়ান আৰু বিশ্ব অনুৰ্ধ 12 জুনিয়ৰ চেম্পিয়নশ্বিপতো অংশগ্ৰহণ কৰিছিল খেলুৱৈগৰাকীয়ে । বিশ্ব দবা ফেডাৰেচনৰ অফিচিয়েল ছাইটত তালিকাভুক্ত এফ আই ডি ই ৰেটিং অনুসৰি 2024 চনৰ জুনলৈকে দেশৰ খেলুৱৈসকলৰ ভিতৰত চাহালৰ ৰেটিং স্থান আছিল 1,833 ৷ আনহাতে, এছিয়াত তেওঁৰ স্থান 18,321 থকাৰ বিপৰীতে আৰু সমগ্ৰ বিশ্বত আছিল 82,387 তম স্থানত ৷ আনকি এজন ক্ৰিকেটাৰ হিচাপেও চাহাল এক ব্যতিক্ৰমী অভিলেখৰ গৰাকী ৷ যিয়ে 72 খন এদিনীয়া আৰু 80 খন টি-20 কে ধৰি 152 খন আন্তঃৰাষ্ট্ৰীয় মেচত 217 টা উইকেট দখল কৰিছে ।
  • কোটাৰ ৰামস্বামী: 1936 চনত ভাৰতৰ হৈ দুখন টেষ্ট খেলা প্ৰাক্তন ক্ৰিকেটাৰ কোটাৰ ৰামস্বামীয়ে টেষ্ট ক্ৰিকেট আৰু ডেভিছ কাপ টেনিছ দুয়োটাতে দেশক প্ৰতিনিধিত্ব কৰিছিল । ৰামস্বামীয়ে 40 বছৰ বয়সত ক্ৰিকেটত আত্মপ্ৰকাশ কৰিছিল আৰু 56.7 গড়ে 170 ৰাণ সংগ্ৰহ কৰি এক সুন্দৰ অভিলেখ গঢ়িছিল । তেওঁ ডেভিছ কাপত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল, যেতিয়া তেওঁ এজন 20 বছৰীয়া যুৱক আছিল ।
  • ছাৰ ভিভিয়ান ৰিচাৰ্ডছ: কিংবদন্তী ৱেষ্ট ইণ্ডিয়ান বেটছমেন ছাৰ আইজাক ভিভিয়ান ৰিচাৰ্ডছ বিংশ শতিকাৰ শেষৰ চতুৰ্থাংশত আটাইতকৈ ষ্টাইলিছ বেটছমেন হিচাপে প্ৰশংসিত হৈছিল । ৰিচাৰ্ডছে ৱেষ্ট ইণ্ডিজৰ হৈ 1975 আৰু 1979 চনৰ বিজয়ী বিশ্বকাপত অংশগ্ৰহণ কৰিছিল । আমোদজনকভাৱে, ভিভিয়ান ৰিচাৰ্ডছে 1974 চনত ফিফা বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জনকাৰী খেলসমূহত এণ্টিগুৱা আৰু বাৰ্বুডাৰ হৈ ফুটবল খেলিছিল ।
  • চুজি বেটছ: নিউজিলেণ্ডৰ মহিলা ক্ৰিকেটাৰ চুজি বেটছ বিস্ফোৰক বেটিঙৰ বাবে ক্ৰিকেটপ্ৰেমীসকলৰ মাজত জনাজাত ৷ তেওঁ এদিনীয়া আৰু টি-20 দুয়োটা ফৰ্মেটতে 100 খনতকৈও অধিক মেচ খেলিছে । বেটছে 2008 চনৰ বেইজিং অলিম্পিকত বাস্কেটবলত কিৱিবাহিনীৰ হৈ অংশগ্ৰহণ কৰিছিল ।
  • এলিজ পেৰী: অষ্ট্ৰেলিয়াৰ এলিজ পেৰীয়ে 17 বছৰ বয়সৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আত্মপ্ৰকাশ কৰিছিল । পেৰীয়ে বলিং অলৰাউণ্ডাৰ হিচাপে কেৰিয়াৰ আৰম্ভ কৰি 2010 চনৰ মহিলা টি-20 বিশ্বকাপত সৰ্বাধিক উইকেট সংগ্ৰহকাৰীত পৰিণত হৈছিল । নিউজিলেণ্ডৰ বিৰুদ্ধে ফাইনেলত খেলুৱৈগৰাকীয়ে তিনিটাকৈ উইকেট দখল কৰাটো আছিল দলটোৰ খিতাপ বিজয়ৰ টাৰ্ণিং পইণ্ট ৷ কিন্তু কৈশোৰ অৱস্থাত পেৰীয়ে মাটিল্ডাৰ হৈ ফুটবল খেলিছিল আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আত্মপ্ৰকাশ কৰাৰ এমাহৰো কম সময়ৰ পিছত তেওঁ অষ্ট্ৰেলিয়াৰ ফুটবল দলৰ হৈও প্ৰথমবাৰৰ বাবে প্ৰদৰ্শন কৰিছিল । এলিজ পেৰী অষ্ট্ৰেলিয়াৰ 2011 চনৰ ফিফা বিশ্বকাপ দলৰ সদস্য আছিল আৰু চুইডেনৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলত 1-3 ৰ পৰাজয়ত অষ্ট্ৰেলিয়াৰ হৈ একমাত্ৰ গ'লটো প্ৰদান কৰিছিল ।
  • ক্লেয়াৰ টেইলৰ: পেৰীৰ পূৰ্বে ক্লেয়াৰ টেইলৰ নামৰ এগৰাকী মহিলা খেলুৱৈ আছিল, যিয়ে ক্ৰিকেট আৰু ফুটবলৰ দুয়োটা বিশ্বকাপত অংশগ্ৰহণ কৰিছিল । 1993 চনত ক্ৰিকেটত বিশ্বকাপ জয় কৰাৰ পিছত তেওঁ 1995 চনৰ ফিফা মহিলা বিশ্বকাপত ইংলেণ্ডৰ চাৰিওখন খেলত অংশগ্ৰহণ কৰিছিল ।

লগতে পঢ়ক: খেলৰ মাজত আঘাতপ্ৰাপ্ত ক্ৰিকেটাৰসকল: কোনে হেৰুৱালে প্ৰাণ, কোনে জনালে ক্ৰিকেটক চিৰবিদায় - CRITICAL INJURIES IN FIELD

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.