স্প’ৰ্টছ ডেস্ক, 5 ছেপ্টেম্বৰ: ভাৰতীয় ক্ৰিকেট দলৰ অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাই গ্ৰহণ কৰিছে সক্ৰিয় ৰাজনৈতিক দলৰ সদস্যপদ ৷ জামনগৰৰ বিজেপি বিধায়ক তথা জাদেজাৰ পত্নী ৰিভাবাই সামাজিক মাধ্যমৰ জৰিয়তে ৰাজহুৱা কৰিছে এই খবৰ ৷ শেহতীয়াকৈ ক্ৰিকেটাৰগৰাকীয়ে টি 20 ক্ৰিকেটৰ পৰা গ্ৰহণ কৰিছিল অৱসৰ ৷
🪷 #SadasyataAbhiyaan2024 pic.twitter.com/he0QhsimNK
— Rivaba Ravindrasinh Jadeja (@Rivaba4BJP) September 2, 2024
প্ৰাপ্ত তথ্য অনুসৰি, গেৰুৱা দল বিজেপিৰ নীতি, আদৰ্শত আকৃষ্ট হৈ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে দলটোৰ প্ৰাথমিক সদস্যপদ গ্ৰহণ কৰিছে ৷
ৰবীন্দ্ৰ জাদেজাই পত্নী ৰিভাবাৰ সৈতে চলাইছিল প্ৰচাৰ
ভাৰতীয় ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাদেজাই পত্নী ৰিভাবাৰ সৈতে পূৰ্বে কেইবাবাৰো নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা গৈছে । নিৰ্বাচনৰ সময়ত পত্নীৰ সৈতে জাদেজাই কেইবাবাৰো বিজেপিৰ হৈ প্ৰচাৰত অংশগ্ৰহণ কৰিছে ৷ দম্পতীটোৱে ৰোড শ্ব’তো অংশগ্ৰহণ কৰিছিল ।
ৰবীন্দ্ৰ জাদেজাৰ পত্নী ৰিভাবা উত্তৰ জামনগৰৰ বৰ্তমানৰ বিধায়ক । সদ্যসমাপ্ত টি-20 বিশ্বকাপ 2024 জয় কৰাৰ পিছত ৰিভাবা আৰু ৰবীন্দ্ৰ জাদেজাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক টীম ইণ্ডিয়াৰ সৈতে সাক্ষাৎ কৰিছিল ।
ৰবীন্দ্ৰ জাদেজাৰ কেৰিয়াৰৰ ওপৰত এক দৃষ্টি
টীম ইণ্ডিয়াৰ তাৰকা অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাৰ আন্তঃৰাষ্ট্ৰীয় অভিলেখ যথেষ্ট দৰ্শনীয় । টি-20 বিশ্বকাপ 2024 ত বিজয়ী হোৱাৰ পিছত ৰবীন্দ্ৰ জাদেজাই অৱসৰ ঘোষণা কৰিছিল । জাদেজাই ভাৰতৰ হৈ 74 খন টি-20 মেচত অংশগ্ৰহণ কৰিছে ৷
এই সময়ছোৱাত ক্ৰিকেটাৰগৰাকীয়ে সংগ্ৰহ কৰে 515 ৰাণ ৷ তেওঁ এই ফৰ্মেটত 54 টা উইকেটো দখল কৰিছে ৷ জাদেজাৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন হৈছে 15 ৰাণত 3 টা উইকেট । খেলুৱৈগৰাকীয়ে টি 20 ৰ পৰা অৱসৰ গ্ৰহণ কৰিলেও ভাৰতৰ হৈ এদিনীয়া আৰু টেষ্ট মেচত অংশগ্ৰহণ কৰিব ৷ জাদেজাৰ লগতে ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়েও টি-20 ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা কৰে ।
এই খেলুৱৈসকল হৈ পৰিছে ৰাজনীতিবিদ:
- ভাৰতীয় ক্ৰিকেট দলৰ একাংশ খেলুৱৈয়ে ক্ৰিকেটক বিদায় জনোৱাৰ পিছত বিভিন্ন ক্ষেত্ৰত কাম কৰি আছে । তেওঁলোকৰ কিছুমানে ৰাজনীতিত প্ৰৱেশ কৰি যথেষ্ট সফল হোৱাও দেখা গৈছে ।
- হৰভজন সিঙেও ক্ৰিকেটক বিদায় দিয়াৰ পিছত ৰাজনীতিৰ পৃথিৱীত কেৰিয়াৰ গঢ়িবলৈ সিদ্ধান্ত লৈছিল । হৰভজন সিং আম আদমী পাৰ্টীৰ ৰাজ্যসভাৰ এগৰাকী সাংসদ ।
- ভাৰতীয় দলৰ বৰ্তমানৰ প্ৰশিক্ষক গৌতম গম্ভীৰেও ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পিছত ৰাজনীতিবিদ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিল । 2019 চনৰ লোকসভা নিৰ্বাচনৰ সময়ত গৌতম গম্ভীৰে বিজেপিত যোগদান কৰিছিল । গম্ভীৰে বিজেপিৰ টিকটত পূব দিল্লী সমষ্টিৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি নিৰ্বাচনত জয় লাভ কৰিছিল ।
- 2002 চনত নেটৱেষ্ট ট্ৰফীৰ ফাইনেলত ভাৰতীয় দলক বিজয় প্ৰদান কৰা মহম্মদ কাঈফক শ্ৰেষ্ঠ ফিল্ডাৰসকলৰ ভিতৰত এজন বুলি গণ্য কৰা হৈছিল । কাঈফে 2014 চনত ফুলপুৰৰ পৰা কংগ্ৰেছৰ টিকটত লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল । অৱশ্যে, তেওঁ পৰাজয়ৰ সন্মুখীন হয় ৷
- ভাৰতীয় ক্ৰিকেটৰ প্ৰাক্তন অধিনায়ক মহম্মদ আজহাৰউদ্দিনেও ৰাজনীতিত যোগদান কৰিছিল। আজহাৰে 2009 চনত ফিক্সিং বিতৰ্কৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ মঞ্চ ত্যাগ কৰি ৰাজনীতিত প্ৰৱেশ কৰিছিল ৷ আজহাৰউদ্দিনে উত্তৰ প্ৰদেশৰ মোৰাদাবাদ আসনৰ পৰা কংগ্ৰেছৰ টিকটত নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা আগবঢ়াই সাংসদ হিচাপে নিৰ্বাচিত হৈছিল ।