ETV Bharat / sports

চেম্পিয়নছ ট্ৰফীৰ ভাৰতৰ পাকিস্তান ভ্ৰমণ: অমিত শ্বাহে কৰিলে স্থিতি স্পষ্ট - CHAMPIONS TROPHY 2025

author img

By ETV Bharat Sports Team

Published : Sep 7, 2024, 12:12 PM IST

India for champions trophy: চেম্পিয়নছ ট্ৰফীত অংশগ্ৰহণৰ বাবে ভাৰতীয় ক্ৰিকেট দলটো পাকিস্তানলৈ যাব নে নাই, সেই সন্দৰ্ভত ষ্পষ্ট কৰা হৈছে স্থিতি ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই প্ৰশ্নৰ উত্তৰ প্ৰদান কৰি ক্ৰিকেট অনুৰাগীসকলৰ মনত চলি থকা দীৰ্ঘদিনীয়া উৎকণ্ঠাৰ অৱসান ঘটাইছে ৷

CHAMPIONS TROPHY 2025
অমিত শ্বাহ আৰু ভাৰত-পাকিস্তানৰ ক্ৰিকেটাৰসকল (IANS PHOTOS)

স্প’ৰ্টছ ডেস্ক, 7 ছেপ্টেম্বৰ: 2025 চনৰ ফেব্ৰুৱাৰীত পাকিস্তানত অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্ৰফীৰ খেলসমূহ ৷ পিছে ভাৰতীয় ক্ৰিকেট দলটোৱে চেম্পিয়নছ ট্ৰফীত অংশগ্ৰহণ কৰিবলৈ পাকিস্তানলৈ যাব নে নাই, সেয়া এই মুহূৰ্তৰ এক ডাঙৰ প্ৰশ্নত পৰিণত হৈছে ৷

বিষয়টোৰ সন্দৰ্ভত চৰ্চা অব্যাহত আছে ক্ৰিকেট অনুৰাগীসকলৰ মাজত । পিছে এই সকলোবোৰ উৎকণ্ঠাৰ অৱসান ঘটাইছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে সদৰী কৰা অনুসৰি, সন্ত্ৰাসবাদী কাৰ্যকলাপে যেনেদৰে ভাৰতৰ ওপৰত প্ৰভাৱ পেলাইছে, তেনে পৰিস্থিতিত ভাৰতীয় ক্ৰিকেট দলটোৱে পাকিস্তান ভ্ৰমণ কৰাৰ কোনো প্ৰশ্নই উত্থাপন নহয় ৷

গৃহমন্ত্ৰীয়ে স্পষ্ট কৰিছে পাকিস্তান ভ্ৰমণৰ ছবিখন

গৃহমন্ত্ৰী অমিত শ্বাহে কৈছিল যে "সন্ত্ৰাসবাদ সম্পূৰ্ণৰূপে নাইকিয়া নোহোৱালৈকে আমি পাকিস্তানৰ সৈতে আলোচনাৰ পক্ষপাতী নহয়" ৷ অমিত শ্বাহৰ এই বক্তব্যৰ পিছত ভাৰতীয় ক্ৰিকেট দলটো পাকিস্তানলৈ নোযোৱাটোকে সূচাইছে ৷

অমিত শ্বাহৰ বক্তব্যৰ পৰা এইটো স্পষ্ট যে, সন্ত্ৰাসবাদমূলক কাৰ্যকলাপৰ সমাপ্তি নোহোৱালৈকে পাকিস্তান ভ্ৰমণৰ পৰা বিৰত থাকিব ভাৰতীয় ক্ৰিকেট দলটো । পূৰ্বে বি চি চি আইৰ উপ-সভাপতি ৰাজীৱ শুক্লায়েও ভাৰতৰ পাকিস্তান ভ্ৰমণ সন্দৰ্ভত প্ৰকাশ কৰিছিল প্ৰতিক্ৰিয়া ৷

ৰাজীৱ শুক্লায়ো ভাৰতৰ পাকিস্তান ভ্ৰমণৰ সন্দৰ্ভত সদৰী কৰিছিল সত্য

"চেম্পিয়নছ ট্ৰফীৰ ক্ষেত্ৰত ভাৰত চৰকাৰে আমাক যি কৰিবলৈ কয়, আমি সেয়াই কৰিম । ভাৰত চৰকাৰে আমাক অনুমতি দিয়াৰ পিছতহে আমি আমাৰ দলটো প্ৰেৰণ কৰিব পাৰো । গতিকে আমি ভাৰত চৰকাৰৰ সিদ্ধান্ত অনুসৰি চলিম" বুলি পূৰ্বতে বি চি চি আইৰ উপ-সভাপতি ৰাজীৱ শুক্লাই সদৰী কৰিছিল ৷

তেওঁ লগতে স্পষ্ট কৰি দিয়ে যে, বি চি চি আইয়ে চৰকাৰে যি কয়, সেয়াই কৰিব । এতিয়া অমিত শ্বাহৰ বক্তব্যই এই ভ্ৰমণ সন্দৰ্ভত চৰকাৰে যে অনুমতি প্ৰদান নকৰে, তাৰে ইংগিত বহন কৰিছে ৷

অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহৰ হাতত থাকিব ক্ষমতা

আই চি চিৰ নতুন অধ্যক্ষ জয় শ্বাহ হৈছে জ্যেষ্ঠ বিজেপি নেতা অমিত শ্বাহৰ পুত্ৰ । তেওঁ বহুসময়ত ভাৰতক পাকিস্তানলৈ পঠোৱাৰ বিপক্ষে মাত মাতিছিল । আনকি এছিয়া কাপৰ সময়তো ভাৰতীয় দলটোক পাকিস্তানলৈ প্ৰেৰণ কৰা হোৱা নাছিল । পৰৱৰ্তী সময়ত প্ৰতিযোগিতাখন এটা নিৰপেক্ষ স্থানত অনুষ্ঠিত হৈছিল । সম্প্ৰতি জয় শ্বাহ আই চি চিৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে আৰু 1 ডিচেম্বৰত তেওঁ দায়িত্ব গ্ৰহণ কৰিব ৷ উক্ত পদত অধিষ্ঠিত হোৱাৰ পাছত জয় শ্বাহৰ হাতত যথেষ্ঠ ক্ষমতা থাকিব, যাৰ জৰিয়তে তেওঁ ভাৰতক পাকিস্তানলৈ যোৱাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিব পাৰিব ৷

কেতিয়া অনুষ্ঠিত হ'ব চেম্পিয়নছ ট্ৰফী 2025 ?

পাকিস্তানে অহা বছৰৰ ফেব্ৰুৱাৰীত চেম্পিয়নছ ট্ৰফী আয়োজন কৰাৰ সম্ভাৱনা আছে । প্ৰতিযোগিতাখন 19 ফেব্ৰুৱাৰীত আৰম্ভ হৈ 9 মাৰ্চত ফাইনেল মেচৰ সৈতে সামৰণি পৰিব ৷ সংবাদ মাধ্যমৰ প্ৰতিবেদনৰ পৰা এইটো স্পষ্ট যে পাকিস্তানে হাইব্ৰিড মডেলৰ অধীনত চেম্পিয়নছ ট্ৰফী 2025 ৰ আয়োজন কৰিবলগীয়া হ’ব পাৰে ৷

লগতে পঢ়ক: ভাৰতীয় ক্ৰিকেট দলৰ সৈতে যাব নেকি নিৰাপত্তাবাহিনী: চেম্পিয়নছ ট্ৰফীক লৈ চলিছে জল্পনা-কল্পনা - CHAMPIONS TROPHY 2025

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.