ETV Bharat / sports

ভাৰতীয় ক্ৰিকেট দলৰ সৈতে যাব নেকি নিৰাপত্তাবাহিনী: চেম্পিয়নছ ট্ৰফীক লৈ চলিছে জল্পনা-কল্পনা - CHAMPIONS TROPHY 2025

author img

By ETV Bharat Sports Team

Published : Sep 1, 2024, 5:28 PM IST

Champion Trophy Security: চেম্পিয়নছ ট্ৰফী 2025 ৰ বাবে বেছ কিছুদিনৰে পৰা চৰ্চাত আছে পাকিস্তানৰ নাম ৷ ভাৰত চৰকাৰৰ পৰা অনুমতি লাভ কৰিলেহে ক্ৰিকেট দলটোৱে পাকিস্তান ভ্ৰমণ কৰিব বুলি ইতিমধ্যে সদৰী কৰিছে বি চি চি আইৰ উপ-সভাপতি ৰাজীৱ শুক্লাই ।

CHAMPIONS TROPHY 2025
ভাৰত বনাম পাকিস্তান (ANI PHOTO)

স্প’ৰ্টছ ডেস্ক, 1 ছেপ্টেম্বৰ: চেম্পিয়নছ ট্ৰফী 2025 অনুষ্ঠিত হ’বলৈ এতিয়াও মাজত বাকী আছে প্ৰায় ছমাহ সময় ৷ কিন্তু এই প্ৰতিযোগিতাক লৈ গুণা-গঁথা চলিছে ক্ৰিকেটপ্ৰেমীসকলৰ মাজত ৷ পাকিস্তানত অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাখনৰ প্ৰস্তুতি ইতিমধ্যে পূৰ্ণগতিত আৰম্ভ হৈছে ।

তেনেক্ষেত্ৰত এতিয়াও ভাৰতে পাকিস্তানত অনুষ্ঠিত হ’বলগীয়া চেম্পিয়নছ ট্ৰফীত অংশগ্ৰহণ কৰিবনে নাই, সেয়া সিদ্ধান্ত হোৱা নাই ৷ সুৰক্ষাজনিত কাৰণতে বৰ্তমানলৈকে দলটোৱে এই সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাই ৷ সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, ভাৰতে চেম্পিয়নছ ট্ৰফীৰ সকলোবোৰ মেচ হাইব্ৰিড মডেলত ৰাখিব বিচাৰে ৷

অৱশ্যে, যদিহে এই বিষয়ত ভাৰত চৰকাৰে সন্মতি প্ৰদান কৰে, তেন্তে দলটোৱে পাকিস্তান ভ্ৰমণ কৰাটো ঠিৰাং হ’ব পাৰে ৷ এনে দোধোৰ-মোধোৰ অৱস্থাত অনুৰাগীসকলে পাকিস্তানলৈ নিৰাপত্তা বাহিনী প্ৰেৰণ কৰিব পাৰিনে নে নাই, তাক লৈ চৰ্চা অব্যাহত ৰাখিছে ৷

ভাৰতীয় দলৰ সৈতে যাব নেকি নিৰাপত্তাৰক্ষী

সাধাৰণতে কোনো অনুষ্ঠান বা প্ৰতিযোগিতাত সুৰক্ষা দলে তেতিয়াহে ভ্ৰমণ কৰে, যদি এখন দেশ ভ্ৰমণৰ ক্ষেত্ৰত সুৰক্ষাজনিত প্ৰশ্নৰ অৱতাৰণা ঘটে ৷ অৱশ্যে এইক্ষেত্ৰত আয়োজক দেশে ভ্ৰমণকাৰী খেলুৱৈসকলক নিৰাপত্তা প্ৰদান কৰে । কিন্তু দেশখনৰ নিৰাপত্তা ব্যৱস্থাপকে দলটোৰ সৈতে ভ্ৰমণ কৰা পৰিলক্ষিত হয় ।

অৱশ্যে, কোনো দেশক নিজৰ ক্ৰিকেট দলৰ সৈতে সেনা আৰু কোনো সশস্ত্ৰ নিৰাপত্তাবাহিনী নিবলৈ সাধাৰণতে অনুমতি প্ৰদান কৰা নহয় ৷ এইবোৰ কাৰণতে, ভাৰতীয় দলটোৱে ভ্ৰমণৰ পূৰ্বে নিৰাপত্তাৰক্ষী সংস্থাবোৰক সুৰক্ষাৰ দিশটো চালি-জাৰি চাবলৈ পাকিস্তানলৈ পঠিওৱাৰ সম্ভাৱনা আছে ৷ কিন্তু কোনো সশস্ত্ৰ নিৰাপত্তাবাহিনীৰ পৰিৱৰ্তে কেৱল নিৰাপত্তা বিষয়াইহে এই অনুমতি লাভ কৰিব পাৰে ।

ভ্ৰমণৰ পূৰ্বে সুৰক্ষা দল প্ৰেৰণ কৰা দেশসমূহ

  • বাংলাদেশৰ পাকিস্তান ভ্ৰমণ

ক্ৰিকবাজৰ এক প্ৰতিবেদন অনুসৰি, বাংলাদেশ চৰকাৰে দেশৰ ক্ৰিকেট ব'ৰ্ডৰ তৰফৰ পৰা দলটোক আগন্তুক পাকিস্তান ভ্ৰমণৰ সময়ত নিৰাপত্তা উপদেষ্টা প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে । পাকিস্তানে এই অনুৰোধত সন্মতি প্ৰদান কৰিছে ৷ লগতে বাংলাদেশে নিজাববীয়াকৈ সুৰক্ষা বাহিনী পাকিস্তানলৈ প্ৰেৰণ কৰাৰো সম্ভাৱনা ব্যক্ত কৰিছে ৷

  • পাকিস্তানৰ নিউজিলেণ্ড ভ্ৰমণ 2024

টি-20 শৃংখলাৰ পূৰ্বে এপ্ৰিলত কিৱি দলৰ ভ্ৰমণৰ ব্যৱস্থা পৰ্যালোচনা কৰিবলৈ নিউজিলেণ্ড ক্ৰিকেটৰ এটা সুৰক্ষা প্ৰতিনিধি দল উপস্থিত হৈছিল পাকিস্তানত । ইয়াত নিউজিলেণ্ড ক্ৰিকেটৰ দুজন সদস্য আৰু এজন স্বতন্ত্ৰ সুৰক্ষা বিশেষজ্ঞ অন্তৰ্ভুক্ত আছিল । তেওঁলোকে লাহোৰ, ৰাৱালপিণ্ডি আৰু ইছলামাবাদ ভ্ৰমণ কৰিবলৈ পাকিস্তানত উপস্থিত হৈছিল ।

  • 2008 ত ইংলেণ্ডৰ ভাৰত ভ্ৰমণ

ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব’ৰ্ডৰ নিৰাপত্তা বিশেষজ্ঞ ৰেগ ডিকাছনে ষ্টেডিয়াম আৰু হোটেলৰ পুনৰীক্ষণ কৰিবলৈ আৰু বিষয়াসকলৰ সৈতে ইংলেণ্ডৰ দুখন টেষ্ট শৃংখলাৰ নিৰাপত্তা ব্যৱস্থাৰ বিষয়ে আলোচনা কৰিবলৈ উপস্থিত হৈছিল ভাৰতত ।

  • 2005 ত ইংলেণ্ডৰ পাকিস্তান ভ্ৰমণ

ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব’ৰ্ডৰ(ই চি বি) দুগৰাকী নিৰাপত্তা বিশেষজ্ঞই ইংলেণ্ড ভ্ৰমণৰ স্থানসমূহ পৰিদৰ্শন কৰিবলৈ পাকিস্তানৰ কৰাচী চহৰত উপস্থিত হয় ।

  • 2001 চনত ইংলেণ্ডৰ ভাৰত ভ্ৰমণ

2001 চনত ইংলেণ্ডৰ ভাৰত ভ্ৰমণৰ সময়ত অৱশ্যে বি চি চি আইয়ে প্ৰথমতে কৈছিল যে, ভাৰতে ভ্ৰমণকাৰী দলটোক কোনো বিশেষ সুৰক্ষা সঁজুলি প্ৰদান নকৰে ৷ ভাৰতত থাকোতে ইংলেণ্ডে তেওঁলোকৰ নিৰাপত্তাৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব । ইংলেণ্ডে দলটোৰ নিৰাপত্তা ৰক্ষাৰ অৰ্থে দুগৰাকীকৈ শীৰ্ষ পৰ্যায়ৰ বিষয়া ক্ৰমে মেথিউ কিলব্ৰিড আৰু ডগলাছ ডিকক লগত লৈ আনিছিল ৷ কিন্তু পিছত ভাৰত চৰকাৰে ইংলেণ্ড দলৰ সুৰক্ষাৰ সন্দৰ্ভত নিৰ্দিষ্ট নিৰ্দেশনা জাৰি কৰাৰ পিছত তেওঁলোকক সুৰক্ষা বেষ্টনী প্ৰদান কৰা হৈছিল ।

লগতে পঢ়ক: ক্ৰিকেটপ্ৰেমীৰ মাজত দুখ: 8 দিনত ক্ৰিকেটক চিৰবিদায় 5 গৰাকীকৈ ক্ৰিকেটাৰৰ - CRICKETERS RETIREMENT

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.