ETV Bharat / sports

অত্যাধিক ক্ৰিকেট খেলে হৃদযন্ত্ৰৰ প্ৰতি মাতিব পাৰে ভাবুকি ! - HEART PROBLEM IN INDIAN CRICKETER

author img

By ETV Bharat Sports Team

Published : Sep 4, 2024, 5:13 PM IST

Player who have heart problem: ক্ৰিকেটক শাৰিৰীক শক্তি সঞ্চালন নাইবা ব্যায়ামৰ উচিত মাধ্যম হিচাপে গণ্য কৰা হয় ৷ পিছে অত্যাধিক খেলে হৃদযন্ত্ৰলৈ বিপদ চপাই আনিব পাৰে ৷ শ্বেন ৱাটছনৰ পৰা সৌৰভ গাংগুলীলৈ, বছা বছা খেলুৱৈসকলো চিকাৰ হৈছে হৃদৰোগৰ ৷ পঢ়ক এই বিশেষ প্ৰতিবেদন...

HEART PROBLEM IN INDIAN CRICKETER
হৃদৰোগত ভোগা খেলুৱৈসকলৰ কাহিনী (Getty Image)

স্প’ৰ্টছ ডেস্ক, 4 ছেপ্টেম্বৰ: ক্ৰিকেটজগতৰ সৈতে নাইবা অন্যান্য খেলৰ সৈতে জড়িত খেলুৱৈসকলৰ বিশ্বৰ সৰ্বাধিক "চঞ্চল" ব্যক্তি হিচাপে গণ্য কৰা হয় ৷ খেলৰ সময়ত হোৱা লৰা-ঢপৰাই তেওঁলোকৰ শৰীৰৰ ক্ষেত্ৰত ব্যায়ামৰ কাম কৰে ৷ যাৰ বাবে খেলুৱৈসকলক সকলোতকৈ বেছি ফিট বুলি গণ্য কৰা হয় ৷

অৱশ্যে অত্যাধিক পৰিমাণে হোৱা লৰা-ঢপৰা, ভাগৰ বা ক্লান্তিয়ে খেলুৱৈসকলৰ হৃদযন্ত্ৰক দুৰ্বল কৰি তুলিব পাৰে ৷ যাৰ ফলত খেলুৱৈসকল হৃদযন্ত্ৰৰ ৰোগত ভোগাৰ আশংকা দেখা যায় ৷

আজি বিশ্বৰ এনে কেইগৰাকীমান ক্ৰিকেটাৰৰ বিষয়ে উল্লেখ কৰিবলৈ চেষ্টা কৰিছো, যিসকলে হৃদৰোগত আক্ৰান্ত হৈ সমস্যাৰ সন্মুখীন হৈছে-

  • বিনোদ কাম্বলী

বিনোদ কাম্বলী আছিল ভাৰতীয় দলৰ এজন ক্ৰিকেটাৰ । 2013 চনৰ 29 নৱেম্বৰত কাম্বলীক অস্থিৰতা আৰু বুকুৰ বিষৰ বাবে ভৰ্তি কৰোৱা হৈছিল মুম্বাইৰ লীলাৱতী হাস্পতালত ৷ চেম্বুৰৰ পৰা বান্দ্ৰালৈ গৈ থকাৰ পথতে আকস্মিকভাৱে কাম্বলী অসুস্থ হৈ পৰে আৰু গৈ থকা বাহনখন ৰখাবলগীয়া হয় । কৰ্তব্যৰত এগৰাকী আৰক্ষী সুজাতা পাটিলে ক্ৰিকেটাৰগৰাকীক দেখি ততাতৈয়াকৈ লীলাৱতী হাস্পতাললৈ নি ভৰ্তি কৰোৱায় । পৰৱৰ্তী সময়ত ক্ৰিকেটাৰগৰাকী সুস্থ হৈ উঠে ৷ সম্প্ৰতি সম্পূৰ্ণ সুস্থ অৱস্থাত আছে ভাৰতীয় ক্ৰিকেটাৰগৰাকী ৷

  • কপিলদেৱ

ভাৰতৰ প্ৰাক্তন অধিনায়ক আৰু প্ৰথমবাৰৰ বাবে বিশ্বকাপ বিজয়ী ক্ৰিকেটাৰ কপিল দেৱ 2020 চনৰ অক্টোবৰত হৃদৰোগত আক্ৰান্ত হৈছিল । যাৰ পিছত স্বাস্থ্যৰ বিশেষ যত্ন ল’বলগীয়া হৈছিল প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে ৷

ইয়াৰোপৰি ভাৰতৰ 1983 চনৰ বিশ্বকাপ বিজয়ৰ আন এগৰাকী নায়ক সন্দীপ পাটিল 2022 চনৰ ডিচেম্বৰত বুকুৰ বিষত ভুগিছিল ৷ যাৰ পিছত তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হৈছিল ।

  • ক্ৰিছ গেইল

ৱেষ্ট ইণ্ডিজৰ বিস্ফোৰক বেটছমেন ক্ৰিছ গেইলেও ভূগিছিল হৃদৰোগত । 2005 চনৰ নৱেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিস্ফোৰক অপেনাৰগৰাকীৰ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ সম্পন্ন হয় । ৱেষ্ট ইণ্ডিজে অষ্ট্ৰেলিয়া ভ্ৰমণ কৰি থকা অৱস্থাতে এই ঘটনা ঘটিছিল ।

শৃংখলাটোৰ দ্বিতীয়খন টেষ্টৰ সময়ত গেইলে অনিয়মীয়া হৃদস্পন্দন অনুভৱ কৰে ৷ তাৰপিছতে তেওঁ মেচখনৰ পৰা আঁতৰি আহি চিকিৎসকৰ পৰামৰ্শ অনুসৰি মেলব’ৰ্ণত হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ কৰোৱায় ৷ অস্ত্ৰোপচাৰৰ পাছত সম্পূৰ্ণ সুস্থ হৈ নুঠাৰ বাবে গেইল এডিলেইড অ’ভেলত উক্ত শৃংখলাৰ তৃতীয় আৰু অন্তিম টেষ্টৰ পৰা বাদ পৰে ৷

  • বিউ কেছন

নিউ চাউথ ৱেলছৰ এগৰাকী ধীৰ বাওঁহতীয়া বলাৰ, কেছনে টেট্ৰাল’জি অৱ ফালোট নামৰ এক গুৰুতৰ হৃদৰোগৰ বাবে 28 বছৰ বয়সতে খেলৰ পৰা বিদায় ল’বলগীয়া হৈছিল ৷ এই অৱস্থাৰ বাবে কেছনৰ খুব কম বয়সতে অস্ত্ৰোপচাৰ কৰিবলগা হৈছিল ৷ সময়ৰ লগে লগে খেলুৱৈগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰে ৷

চিকিৎসকসকলে তেওঁক সতৰ্ক কৰি দিছিল যে, যদি তেওঁ খেলা অব্যাহত ৰাখে তেন্তে তেওঁৰ জীৱনলৈ বিপদ নামি আহিব পাৰে ৷ সেয়েহে, কেছনে এখন টেষ্ট আৰু 53 খন প্ৰথম শ্ৰেণীৰ মেচ খেলি 2011 চনৰ নৱেম্বৰত অৱসৰ গ্ৰহণ কৰে ।

  • টনি গ্ৰিগ

ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক আৰু ভাষ্যকাৰ টনি গ্ৰিগ হাওঁফাওঁৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছিল ৷ 2012 চনৰ ডিচেম্বৰত খেলুৱৈগৰাকীয়ে 66 বছৰ বয়সত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে ।

  • ৱেইন পাৰনেল

দক্ষিণ আফ্ৰিকা এ ৰ হৈ মাত্ৰ দুটা অভাৰ বলিং কৰাৰ পিছত দক্ষিণ আফ্ৰিকাৰ অলৰাউণ্ডাৰ ৱেইন পাৰনেলে উশাহ চুটি হোৱাৰ দাবী তুলি পৰিত্যাগ কৰিছিল খেলপথাৰ ৷ খেলুৱৈগৰাকীক কেইদিনমানৰ বাবে ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত ৷ চিকিৎসকে খেলুৱৈগৰাকী হৃদৰোগত ভোগাটো নিশ্চিত কৰে ৷

  • বব ৱুলমাৰ

2007 এদিনীয়া বিশ্বকাপৰ সময়ত পাকিস্তানৰ প্ৰাক্তন প্ৰশিক্ষক বব ৱুলমাৰৰ ৰহস্যজনক মৃত্যুৰ কাৰণ আজিও পোহৰলৈ নাহিল ৷ তেওঁক 2007 চনৰ 18 মাৰ্চত হোটেলৰ কোঠাত অচেতন অৱস্থাত পোৱা গৈছিল ৷ প্ৰাৰম্ভিক অনুসন্ধানৰ অন্তত বব হৃদৰোগত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে ৷

  • শ্বেন ৱাটচন

অষ্ট্ৰেলিয়াই 2006 চনত ভাৰতত চেম্পিয়নছ ট্ৰফীত অংশগ্ৰহণ কৰাৰ সময়তে বুকুৰ বিষত ভূগিছিল শ্বেন ৱাটছন ৷ পাছলৈ ক্ৰিকেটাৰগৰাকী হৃদৰোগত আক্ৰান্ত হোৱাৰ কথাটো স্পষ্ট হৈ পৰে ।

ক্ৰিকেটাৰগৰাকীৰ প্ৰাক্তন তাচমানিয়াৰ সতীৰ্থ স্কট মেছনে কেইবছৰমান আগতে হৃদৰোগত আক্ৰান্ত হৈ মাত্ৰ 28 বছৰ বয়সতে মৃত্যুবৰণ কৰিছিল ৷ এই ঘটনাই ক্ৰিকেটাৰগৰাকীক অধিক উদ্বিগ্ন কৰি তুলিছিল । চণ্ডীগড় চিকিৎসালয়ত ভৰ্তি হোৱাৰ পিছত ক্ৰিকেটাৰগৰাকী গেষ্ট্ৰাইটিছত ভোগা বুলি চিকিৎসকে নিশ্চিত কৰে ৷

  • ৰিকী পণ্টিং

2022 চনত অষ্ট্ৰেলিয়া আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত প্ৰথমখন টেষ্টৰ তৃতীয় দিনাৰ অন্তত মন্তব্য দিয়াৰ সময়তে অষ্ট্ৰেলিয়াৰ কিংবদন্তি বেটছমেন ৰিকী পণ্টিঙে শাৰিৰীক সমস্যাত ভূগিছিল ৷ যাৰ বাবে তেওঁ কমেণ্ট্ৰী বক্স এৰি চিকিৎসালয়লৈ যাবলগীয়া হৈছিল ।

আন আন খেলুৱৈসকলৰ ভিতৰত, ইংলেণ্ডৰ কিংবদন্তী কেন বেৰিংটনৰ টেষ্ট কেৰিয়াৰ 1968 চনত হৃদৰোগত আক্ৰান্ত হোৱাৰ পিছতে সমাপ্ত হৈছিল । 1981 চনত দ্বিতীয়বাৰ চিজাৰ হোৱাৰ ফলত খেলুৱৈগৰাকীৰ মৃত্যু ঘটে ।

2005 চনত তাচমানিয়াৰ হৈ নেটত বেটিং কৰোঁতে তাচমানিয়ান স্কট মেছন হৃদৰোগত আক্ৰান্ত হৈছিল । দুদিন পিছত তেওঁক মৃত ঘোষণা কৰা হৈছিল । সেই সময়ত মেছনৰ বয়স আছিল মাত্ৰ 28 বছৰ ।

ডাৰহামৰ প্ৰশিক্ষক জিঅ’ফ কুকে চলিত বছৰৰ জুন মাহত হৃদৰোগত আক্ৰান্ত হয় যদিও পৰৱৰ্তী সময়ত তেওঁ সুস্থ হৈ উঠিছিল । দুৰ্ভাগ্যবশতঃ ৰে’লৱেৰ ৰঞ্জী খেলুৱৈ ৰাজা আলীৰ যোৱা বছৰ ভূপালৰ ৰাজপথত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটিছিল । পথচাৰীসকলে তেওঁৰ প্ৰতি কোনো দয়া দেখুওৱা নাছিল আৰু এজন যুৱকে অকালতে মাত্ৰ 36 বছৰ বয়সতে প্ৰাণ হেৰুৱাইছিল ।

লগতে পঢ়ক: ভাৰত এৰি বৃটেইনৰ নাগৰিকত্ব গ্ৰহণৰ দিশে বিৰাট কোহলী ! খেলুৱৈগৰাকীয়ে পাৰিবনে ভাৰতৰ হৈ খেলিব ! - VIRAT KOHLI UK CITIZENSHIP

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.