ETV Bharat / sports

ৰ’নাল্ডোৰ দেশত উচ্চ প্ৰশংসিত অসমৰ ব্রহ্মপুত্র ভলীবল লীগ - BRAHMAPUTRA VOLLEYBALL LEAGUE ASSAM

Brahmaputra Volleyball League: অসমৰ গ্ৰামাঞ্চলৰ পৰা পৰ্তুগাল পালেগৈ ব্রহ্মপুত্র ভলীবল লীগ । ৰ’নাল্ডোৰ দেশত সমাদৰ লাভ অসমৰ এই দলটোৰ ৷

BRAHMAPUTRA VOLLEYBALL LEAGUE ASSAM
দলৰ একাংশ (ETV Bharat Assam)
author img

By ETV Bharat Sports Team

Published : Nov 20, 2024, 6:07 PM IST

স্প’ৰ্টছ ডেস্ক: ফুটবলৰ কিংবদন্তী তাৰকা ক্রিষ্টিয়ানো ৰ’নাল্ডোৰ দেশ পর্তুগালৰ প’ৰ্টৰ বিশ্ব মঞ্চত প্রশংসিত অসমৰ ব্রহ্মপুত্র ভলীবল লীগ । পৰ্তুগালৰ প’ৰ্টত অনুষ্ঠিত আন্তর্জাতিক ভলীবল ফেডাৰেছনৰ 39 সংখ্যক বিশ্ব কংগ্রেছত ব্রহ্মপুত্র ভলীবল লীগক আনুষ্ঠানিকভাবে স্বীকৃতি প্রদান কৰা হয় ।

তৃণমূল পৰ্যায়ত ভলীবলৰ প্ৰচাৰৰ বাবে ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ প্ৰচেষ্টা আৰু সামূহিক ক্রীড়াৰ ওপৰত ইয়াৰ প্ৰভাৱক বিশ্বৰ প্ৰতিখন দেশেই ভূয়সী প্রশংসা কৰে । বিশ্ব কংগ্ৰেছলৈ বিশেষভাৱে আমন্ত্রিত হৈছিল ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ প্ৰতিষ্ঠাপক তথা ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিৎ ভট্টাচার্য ।

অসমৰ ব্রহ্মপুত্র ভলীবল লীগৰ উচ্চ পদক্ষেপ (ETV Bharat Assam)

কেতিয়াৰ পৰা আৰম্ভ হৈছিল ব্রহ্মপুত্র ভলীবল লীগ

অসমৰ গ্রামাঞ্চলত ভলীবলৰ প্রচাৰৰ লক্ষ্যৰে 2019 চনত অভিজিৎ ভট্টাচার্যই ব্রহ্মপুত্র ভলীবল লীগ প্রতিষ্ঠা কৰিছিল । তেজপুৰৰ পৰা মুষ্টিমেয় কেইটামান দলৰে আৰম্ভ কৰা এই লীগে পৰৱৰ্তী সময়ত সমগ্র অসমতে ব্যাপক জনপ্রিয়তা লাভ কৰে । মাত্র পাঁচটা বছৰৰ ভিতৰতে এই লীগে আন্তর্জাতিক ফেডাৰেছনৰ প্রশংসাৰ লগতে স্বীকৃতি লাভ কৰাটো হৈছে অসমৰ ক্রীড়াক্ষেত্রৰ বাবে এক উল্লেখনীয় ঘটনা ।

ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ দল আৰু খেলুৱৈৰ সংখ্যা

অসমৰ প্ৰায় 32 খন জিলাত নীৰৱ বিপ্লৱ চলাই অহা ব্রহ্মপুত্র ভলীবল লীগত আছে 400 টা দল ৷ ইতিমধ্যে চাৰি বছৰত 10,000 ল’ৰা-ছোৱালীয়ে ভলীবল খেলিবলৈ খেলপথাৰলৈ ওলাই আহিছে । প্ৰতিবছৰে প্ৰায় 5 হাজাৰ ল’ৰা-ছোৱালীয়ে খেলি আছে ব্ৰহ্মপুত্ৰ ভলীবল লীগ ৷

প্ৰতিদিনে নতুন নতুন ল'ৰা-ছোৱালী ভলীবল খেলিবলৈ ওলাই আহিছে বুলি মন্তব্য কৰে ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ প্ৰতিষ্ঠাপক তথা ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিৎ ভট্টাচার্যই ।

ভট্টাচার্যই এনেদৰে কয়, "বিগত 5 বছৰ ধৰি গ্ৰামাঞ্চলৰ ল’ৰা-ছোৱালীক খেলৰ এখন মঞ্চ দিবলৈ চেষ্টা কৰিছো । আন্তর্জাতিক ভলীবল ফেডাৰেছনৰ স্বীকৃতি পোৱাৰ পিছতেই আমাৰ দায়িত্ব আৰু বাঢ়িছে । বিগত 5 বছৰে যি সকলে কষ্ট কৰি আহিছে, সেইসকলক কিদৰে সহায় কৰিব পাৰো আৰু নতুন নতুন গাঁৱলৈ ভলীবলক লৈ যাব পাৰো, তাৰ বাবে প্ৰচেষ্টা অব্যাহত থাকিব । যিবোৰ গ্ৰামাঞ্চলত গধূলি হ’লে ল'ৰা-ছোৱালীয়ে ঘূৰি ফুৰে, সেই অঞ্চলত এটা বল আৰু এখন নেট প্ৰদান কৰি ভলীবল দল গঠন কৰি এটা ভাল পৰিৱেশ কেনেদৰে দিব পাৰো, তাৰ বাবে প্ৰচেষ্টা অব্যাহত থাকিব । যিসকলে খেলিব বিচাৰে, তেওঁলোকক মঞ্চ এখন দিব খুজিছিলো ৷ কিন্তু তাৰ পৰা বহু প্ৰতিভা ওলাইছে" ।

ম’বাইল, ইণ্টাৰনেটৰ যুগত যুৱপ্ৰজন্ম আত্মকেন্দ্ৰিক হোৱাৰ সময়তে ব্রহ্মপুত্র ভলীবল লীগে গ্ৰামাঞ্চলত লোৱা এনে প্ৰচেষ্টা সঁচাকৈয়ে প্ৰশংসনীয় । গ্ৰামাঞ্চলত গঢ়ি তোলা এনে পদক্ষেপে যুৱপ্ৰজন্মক ক্ৰীড়াৰ প্ৰতি অধিক আগ্ৰহী কৰিব বুলি আশাবাদী ক্ৰীড়াপ্ৰেমীসকল ।

লগতে পঢ়ক: দুঘণ্টাত সকলোতকৈ বেছি বল খেলিও শূন্যতে হৈছিল আউট; তথাপিও ইতিহাস সৃষ্টিৰে নায়কত পৰিণত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.