ETV Bharat / sports

IPL 2024 ৰ ছিজনৰ আৰম্ভণি কেইবাখনো মেচত অৱতীৰ্ণ হ‘ব নোৱাৰিব CSK ৰ ডেভন কনৱে

IPL 2024: ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ আৰম্ভ হোৱাৰ পূৰ্বেই চেন্নাই ছুপাৰ কিংছত মোক্ষম আঘাত ৷ চি এছ কেৰ ষ্টাৰ খেলুৱৈ ডেভন কনৱেয়ে মে’ মাহলৈ দলৰ পৰা বাহিৰত থাকিব লাগিব ৷ চলিত সপ্তাহত কনৱেৰ বাওঁহাতৰ বুঢ়া আঙুলিৰ অস্ত্ৰোপচাৰ হ’ব । ইফালে ২২ মাৰ্চৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ।

Blow for CSK as injured Conway ruled out until May
ডেভন কনৱে
author img

By ETV Bharat Assamese Team

Published : Mar 5, 2024, 10:33 AM IST

স্পৰ্টছ ডেস্ক, ৫ মাৰ্চ: ২২ মাৰ্চৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ পৰৱৰ্তী ছিজন । লীগৰ প্ৰথমখন খেলত চেন্নাই ছুপাৰ কিংছ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ মাজত অনুষ্ঠিত হ’ব । আই পি এল ২০২৪ আৰম্ভ হোৱাৰ পূৰ্বে চেন্নাই ছুপাৰ কিংছে এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে ৷ চি এছ কেৰ এজন গুৰুত্বপূৰ্ণ ষ্টাৰ খেলুৱৈ আঘাতৰ বাবে মে’ মাহলৈকে লীগৰ বাহিৰত থাকিব লাগিব ।

ক্ৰিকবাজৰ এক প্ৰতিবেদন অনুসৰি আগন্তুক ছিজন আৰম্ভ হোৱাৰ পূৰ্বে ডিফেণ্ডিং চেম্পিয়ন চেন্নাই ছুপাৰ কিংছৰ ষ্টাৰ খেলুৱৈ ডেভন কনৱেক মে’ মাহলৈকে লীগৰ পৰা বাহিৰ কৰা হৈছে । যোৱা ছিজনত চূড়ান্ত মেচত অতি আকৰ্ষণীয় প্ৰদৰ্শন আগবঢ়োৱা কনৱে কমেও ৮ সপ্তাহৰ বাবে ক্ৰিকেট খেলপথাৰৰ পৰা আঁতৰি থাকিব । দৰাচলতে এই সপ্তাহত কনৱেৰ বাওঁহাতৰ বুঢ়া আঙুলিৰ অস্ত্ৰোপচাৰ কৰা হ’ব ।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ সময়ত আঘাতপ্ৰাপ্ত হৈছিল ৩২ বছৰীয়া ডেভন কনৱে । দ্বিতীয়খন টি-২০ মেচত ফিল্ডিং কৰি থকাৰ সময়তে তেওঁ আঘাতপ্ৰাপ্ত হয় । ইয়াৰ পিছত তেওঁ বেটিঙৰ বাবেও আহিব নোৱাৰিলে । তেতিয়াৰ পৰাই কনৱে চিকিৎসা দলৰ পৰ্যবেক্ষণত আছিল । যাৰ বাবে এতিয়া তেওঁৰ অস্ত্ৰোপচাৰ কৰিব লাগিব । এনে পৰিস্থিতিত তেওঁ দললৈ ঘূৰি আহিবলৈ প্ৰায় আঠ সপ্তাহ সময় লাগিব পাৰে ।

২১খন খেলৰ সময়সূচী ঘোষণা

দেশত অনুষ্ঠিত হ’বলগীয়া সাধাৰণ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত এতিয়ালৈকে আই পি এল ২০২৪ৰ মাত্ৰ ২১খন খেলৰ সময়সূচী ঘোষণা কৰা হৈছে । ২২ মাৰ্চৰ পৰা আৰম্ভ হ’ব এই প্ৰতিযোগিতা । প্ৰথমখন খেলত চেন্নাই ছুপাৰ কিংছ আৰু ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ মাজত অনুষ্ঠিত হ’ব । চলিত বৰ্ষত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ তাৰিখৰ পিছতহে প্ৰতিযোগিতাখনৰ বাকী মেচসমূহৰ সূচী প্ৰকাশ কৰা হ’ব । বৰ্তমান ৭ এপ্ৰিললৈকে খেলিবলগীয়া খেলসমূহৰ সময়সূচীহে ঘোষণা কৰা হৈছে ।

লগতে পঢ়ক: ২২ মাৰ্চৰ পৰা আৰম্ভ ক্ৰিকেটৰ মহাৰণ আই পি এল; উদ্বোধনী মেচত CSK বনাম RCB

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.