ETV Bharat / sports

প্ৰশিক্ষকে এৰিলে নীৰজ চোপ্ৰাৰ সংগ; গ’ল্ডেন বয়ৰ সন্মুখত তীব্ৰ প্ৰত্যাহ্বান - NEERAJ CHOPRA

author img

By ETV Bharat Sports Team

Published : 3 hours ago

Neeraj chopra coach klaus bartonietz parts ways: ভাৰতৰ গ’ল্ডেন বয় খ্যাত নীৰজ চোপ্ৰাৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান ৷ অলিম্পিকত পদক অৰ্জনৰ লগতে বিশ্ব চেম্পিয়ন হোৱাৰ ক্ষেত্ৰত সহায় কৰা প্ৰশিক্ষকে হঠাতে এৰিলে গুৰু দায়িত্বৰ পদ ৷

NEERAJ CHOPRA
গ’ল্ডেন বয় নীৰজ চোপ্ৰা (IANS Photo)

স্প’ৰ্টছ ডেস্ক, 2 অক্টোবৰ: ভাৰতৰ "গল্ডেন বয়" খ্যাত নীৰজ চোপ্ৰাৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান ৷ টকিঅ’ আৰু পেৰিছত ক্ৰমাগতভাৱে দুটাকৈ পদক অৰ্জন সহায় কৰা নীৰজ চোপ্ৰাৰ প্ৰশিক্ষকৰ পদত্যাগ ৷ একেৰাহে দুটা অলিম্পিকত ভাৰতৰ হৈ পদক অৰ্জন কৰা ষ্টাৰ জেভলিন থ্ৰ'য়াৰগৰাকীয়ে দীৰ্ঘদিনীয়া জাৰ্মান প্ৰশিক্ষক ক্লাউছ বাৰ্ট’নিয়েটজৰ সৈতে পৃথক হ’বলৈ সাজু হৈছে ।

75 বছৰীয়া বাৰ্ট’নিয়েটজে পৰিয়ালক সময় দিয়াৰ উদ্দেশ্যে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি সদৰী কৰে ৷ জাৰ্মান প্ৰশিক্ষকগৰাকীয়ে প্ৰথমতে নীৰজৰ সৈতে বায়’মেকানিক্স বিশেষজ্ঞ হিচাপে কাম কৰিছিল ৷ পৰৱৰ্তী সময়ত অৰ্থাৎ 2019 চনত উৱে হোনেৰ পদত্যাগৰ পিছত নীৰজৰ প্ৰশিক্ষক হিচাপে নিযুক্তি লাভ কৰে বাৰ্ট’নিয়েটজে ।

জাৰ্মানীৰ প্ৰশিক্ষক ক্লাউছ বাৰ্ট’নিয়েটজে এৰিলে নীৰজৰ সংগ

ভাৰতীয় এথলেটিকছ ফেডাৰেচনৰ এগৰাকী বিষয়াই প্ৰকাশ কৰিছিল যে, বাৰ্ট’নিয়েটজে পৰিয়ালৰ সৈতে সময় কটাব বিচাৰে ৷ সেয়েহে তেওঁ নীৰজৰ সৈতে থকা চুক্তি শেষ কৰাৰ সিদ্ধান্ত লৈছে । লগতে চেম্পিয়নগৰাকীয়ে জাৰ্মান প্ৰশিক্ষকগৰাকীৰ সৈতে থকা সম্পৰ্ক শেষ কৰাৰ সন্দৰ্ভত যি উৰাবাতৰিৰ প্ৰচাৰ হৈছিল, সেয়া একেমুখে অস্বীকাৰ কৰিছে ৷

পৰিয়ালৰ সৈতে কটাব বিচাৰে অধিক সময়

এথলেটিকছ ফেডাৰেচন অৱ ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক ৰাধাকৃষ্ণণ নায়াৰে সংবাদ মাধ্যমৰ আগত এনেদৰে কয়, "প্ৰশিক্ষক ক্লাউছ বাৰ্ট’নিয়েটজে এই ছিজনৰ পিছত ভাৰতীয় এথলেটিকছ দল আৰু নীৰজ চোপ্ৰাৰ সৈতে নাথাকিব । তেওঁ অক্টোবৰৰ মাজভাগত নিজৰ গৃহচহৰলৈ উভতি যাব । 2022 চনৰ মে’লৈকে অন্যান্য জেভলিন থ্ৰ’য়াৰ এথলীটসকলক প্ৰশিক্ষণ দিয়াৰ লগতে জেভলিন থ্ৰ’ প্ৰশিক্ষণৰ বাবে পাঠ্যক্ৰম পৰিচালনা কৰাতো জড়িত আছিল বাৰ্ট’নিয়েটজ । ইয়াৰ মুখ্য কাৰণ হৈছে তেওঁৰ বয়স প্ৰায় 76 বছৰ আৰু সেইবাবে পৰিয়ালৰ সৈতে অধিক সময় কটাব বিচাৰে । তেওঁ 2021 চনৰ পিছত খেল অব্যাহত ৰাখিবলৈ সাজু নাছিল কিন্তু আমি তেওঁক অনুৰোধ কৰিছিলো আৰু তেওঁ সন্মত হৈছিল । কিন্তু এইবাৰ তেওঁ উভতি যাব" ৷

বিশ্ব চেম্পিয়নৰ লগতে অলিম্পিকত পদক লাভ নীৰজৰ

বাৰ্ট’নিয়েটজৰ প্ৰশিক্ষণতে নীৰজ চোপ্ৰাই বহুতো গুৰুত্বপূৰ্ণ সাফল্য অৰ্জন কৰে । টকিঅ’ অলিম্পিকত নীৰজে অৰ্জন কৰিছিল সোণৰ পদক ৷ তদুপৰি বিশ্ব চেম্পিয়নশ্বিপৰ লগতে সাফল্য অৰ্জন কৰিছিল ডায়মণ্ড লীগত ৷ 26 বছৰীয়া নীৰজে হাংঝৌ এছিয়ান গেমছতো সোণৰ পদক অৰ্জন কৰে । আনহাতে, পেৰিছ অলিম্পিক 2024 আৰু ডায়মণ্ড লীগ ফাইনেল 2024 ত তেওঁ দ্বিতীয় স্থান লাভ কৰি ৰূপৰ পদকত সন্তুষ্ট থাকিবলগা হৈছিল ।

লগতে পঢ়ক: অনুৰাগীয়ে সুধিছে "বিয়া কেতিয়া": ডায়মণ্ড লীগৰ পিছতে পুনৰ চৰ্চাত নীৰজ চোপ্ৰা-মনু ভাকৰ - MANU BHAKER AND NEERAJ CHOPRA

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.