স্প’ৰ্টছ ডেস্ক, 5 ছেপ্টেম্বৰ: খেলুৱৈসকলে শাৰীৰিক আৰু মানসিকভাৱে স্বাস্থ্যৱান হৈ থাকিবলৈ দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰে ফল ৷ যাতে তেওঁলোকে পৰ্যাপ্ত পৰিমাণে পুষ্টি লাভ কৰিব পাৰে ৷
সাধাৰণতে ফলত নিহিত হৈ থাকে কাৰ্ব’-হাইড্ৰেট, ফাইবাৰ, ভিটামিন, খনিজ, ফাইট’কেমিকেল আৰু এণ্টি অক্সিডেণ্ট ৷ যিবোৰ উপাদানে খেলুৱৈসকলক তেওঁলোকৰ স্বাস্থ্য সুস্থ কৰি ৰখাত সহায় কৰে । এনেবোৰ কাৰণৰ বাবেই খেলুৱৈসকলে নিতৌ নিজৰ খাদ্য তালিকাত অন্যান্য খাদ্যৰ লগতে অন্তৰ্ভুক্ত কৰে ফল ৷
বিৰাট, ৰ’নাল্ডো আৰু মেছিৰ দৰে আন খেলুৱৈসকলেও গ্ৰহণ কৰে ফল
ভাৰতৰ তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলীয়ে ষ্টাৰ স্প’ৰ্টছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত নিজৰ খাদ্য তালিকাৰ বিষয়ে প্ৰকাশ কৰিছিল ৷ "মই সতেজ আৰু বতৰৰ ফল যেনে- তৰমুজ, অমিতা আৰু ড্ৰেগন ফল গ্ৰহণ কৰিবলৈ ভালপাওঁ" বুলি সাক্ষাৎকাৰটোত প্ৰকাশ কৰিছিল বিৰাটে । ইয়াৰ লগতে বিৰাটে তেওঁৰ খাদ্য তালিকাত নেমু অন্তৰ্ভুক্ত কৰাৰ কথাও সদৰী কৰিছিল ৷
ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ নয়ন মংগিয়াই এক সাক্ষাৎকাৰত কৈছিল যে তেওঁ কি খাব বিচাৰে প্ৰথমে সেয়া সিদ্ধান্ত লয় । অধিকাংশ খেলুৱৈয়ে বেছিভাগ ফল বা প্ৰ’টিন সমৃদ্ধ খাদ্য গ্ৰহণ কৰে, য’ৰ পৰা তেওঁলোকে পৰ্যাপ্ত পৰিমাণৰ কাৰ্ব-হাইড্ৰেট লাভ কৰে ৷
পৰ্তুগালৰ তাৰকা ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৰ ৰান্ধনী লুইছ লাভৰাডুৰে এক সাক্ষাৎকাৰত কৈছিল যে, "জনপ্ৰিয় ফুটবলাৰগৰাকীয়ে সতেজ ফলৰ লগতে ফলৰ ৰস গ্ৰহণ কৰিবলৈহে ভালপায় । ৰ’নাল্ডোই সাধাৰণতে আপেল আৰু আনাৰসৰ দৰে ফল গ্ৰহণ কৰে । যিয়ে তেওঁক শক্তি প্ৰদান কৰে আৰু সম্পূৰ্ণ পৰিমাণৰ কাৰ্ব’-হাইড্ৰেটো যোগান ধৰে ৷
আন এগৰাকী জনপ্ৰিয় তাৰকা ফুটবলাৰ লিঅ’নেল মেছিৰ ডায়েটিচিয়ানে তেওঁ সতেজ ফলৰ লগতে শুকান ফল গ্ৰহণ কৰি ভালপায় বুলি এক সাক্ষাৎকাৰত প্ৰকাশ কৰিছিল ৷ খেলুৱৈগৰাকীয়ে বিশেষকৈ পৰ্যাপ্ত ভিটামিন পোৱাৰ প্ৰতি লক্ষ্য ৰাখে । অৱশ্যে সকলোবোৰ ফলতে সকলো উপাদান পোৱা নাযায় ৷
খেলুৱৈসকলৰ স্বাস্থ্যৰ বাবে প্ৰয়োজনীয় এনে কেইবিধমান ফলৰ বিষয়ে উল্লেখ কৰি যুগুত কৰা হৈছে এই প্ৰতিবেদন-
- কল: কলৰ পৰা খেলুৱৈসকলে সম্পূৰ্ণ পৰিমাণে কাৰ্ব’হাইড্ৰেট লাভ কৰে । যিটো তেওঁলোকৰ স্বাস্থ্যৰ বাবে উপকাৰী । এটা কলত প্ৰায় 31 গ্ৰাম কাৰ্ব’হাইড্ৰেট, 3.5 গ্ৰাম ফাইবাৰ, বহু প্ৰকাৰৰ ভিটামিন, খনিজ আৰু এণ্টি অক্সিডেণ্ট থাকে । দৈনন্দিন কল গ্ৰহণে খেলুৱৈসকলৰ শৰীৰক বিভিন্ন ধৰণে সহায় কৰে ।
- বেৰী আৰু চেৰী: খেলুৱৈসকলে এই ফলবোৰ গ্ৰহণ কৰি আঁহ, ভিটামিন, খনিজ আৰু ফাইট’কেমিকেল লাভ কৰিব পাৰে ৷ ইয়াক চালাড হিচাপে অথবা দৈৰ সৈতে মিহলি কৰি খোৱা হয় । এইবোৰে শৰীৰক সম্পূৰ্ণ পৰিমাণে পুষ্টি প্ৰদান কৰে ।
- কমলা, আঙুৰ আৰু নেমু: স্বাস্থ্য অটুট ৰাখিবলৈ খেলুৱৈসকলে কমলা, আঙুৰ আৰু নেমু গ্ৰহণ কৰিব পাৰে । ভিটামিন চি-ৰে সমৃদ্ধ এই ফলবোৰে তেওঁলোকক পৰ্যাপ্ত পৰিমাণৰ পুষ্টি প্ৰদান কৰে ।
- আনাৰস, আম আৰু অমিতা: এই ফলবোৰ নিয়মীয়াকৈ গ্ৰহণ কৰাটোৱে খেলুৱৈসকলক সৰ্বাধিক পুষ্টি প্ৰদান কৰিব পাৰে । যিবোৰে খেলুৱৈসকলক তেওঁলোকৰ স্বাস্থ্য অটুট ৰখাত সহায় কৰে ৷
- ডালিম: এইবিধ ফলত যথেষ্ট পৰিমাণৰ আঁহ, ভিটামিন আৰু খনিজ থাকে । তদুপৰি ডালিমত এণ্টি অক্সিডেণ্ট আৰু পলিফেনল থাকে, যিয়ে খেলুৱৈসকলৰ শৰীৰৰ পুষ্টিৰ অভাৱ পূৰণ কৰে ৷ লগতে তেওঁলোকৰ স্বাস্থ্য সুস্থ কৰি ৰখাত সহায় কৰে ।
- কিৱি: এইবিধ ফল খেলুৱৈসকলৰ শক্তিৰ আটাইতকৈ ডাঙৰ উৎস হিচাপে গণ্য কৰা হয় । এই ফলবোৰ পুষ্টি আৰু ফাইট’কেমিকেলৰে পৰিপূৰ্ণ । ইয়াত ভিটামিন এ, চি, ই-ৰ লগতে পটাছিয়াম, তাম আৰু আঁহ থাকে ৷ যি খেলুৱৈসকলৰ স্বাস্থ্য মজবুত কৰি ৰখাত গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হৈছে ।
- চিৰাল আৰু তৰমুজ: চিৰাজ হৈছে ভিটামিন, খনিজ আৰু এণ্টি অক্সিডেণ্টৰ এক সুন্দৰ সংমিশ্ৰণ । আনহাতে, তৰমুজে খেলুৱৈসকলৰ শৰীৰত পানীৰ অভাৱ পূৰণ কৰে, কিয়নো এটা তৰমুজত প্ৰায় 90% পানী থাকে । এই দুয়োটা ফল খেলুৱৈসকলৰ স্বাস্থ্যৰ বাবে উপকাৰী ।
- আপেল: এই ফলবিধে খেলুৱৈসকলক ভিটামিন, খনিজ আৰু আঁহজাতীয় উপাদান প্ৰদান কৰে । ইয়াত ফাইট’কেমিকেল পোৱা যায় । ইয়াৰ লগতে, আপেলত পানীৰ পৰিমাণ অধিক, অৰ্থাৎ প্ৰায় 85% পানীৰে পৰিপূৰ্ণ হৈ থাকে এইবিধ ফল ৷ যিবোৰ খেলুৱৈসকলৰ স্বাস্থ্যৰ বাবে লাভজনক ।
- শুকান ফল বা বাদাম: খেলুৱৈসকলৰ বাবে শুকান ফল যেনে- কিচমিচ, খেজুৰ, প্লাম, ডিমৰু, কাঠবাদাম আৰু কাজু হৈছে সঠিক বিকল্প । এই শুকান ফলবোৰে খেলুৱৈসকলৰ পুষ্টিৰ অভাৱ পূৰণ কৰে । এই শুকান ফলবোৰত কাৰ্ব’হাইড্ৰেট, আঁহ, ভিটামিন আৰু খনিজ পদাৰ্থৰ লগতে ফাইট’কেমিকেল আৰু এণ্টি অক্সিডেণ্ট থাকে, যি খেলুৱৈসকলৰ স্বাস্থ্য অটুট ৰখাৰ বাবে অতি উপকাৰী ।
এথলীটছ আৰু খেলুৱৈসকলৰ বাবে উপকাৰী ফল-
- কল
- জাম
- চেৰী
- কমলা
- আঙুৰ
- নেমু
- আনাৰস
- আম
- অমিতা
- কিৱি
- চিৰাল
- আপেল
শুকান ফল -
- কিচমিচ
- খেজুৰ
- পাৰ্চী প্লাম
- ডিমৰু
- বাদাম
- কাজু বাদাম