ETV Bharat / sports

ভাৰতীয় বক্সাৰ নীৰজ গোৱাটৰ ইতিহাস; পৰাস্ত কৰিলে ব্ৰাজিলৰ খেলুৱৈক

Neeraj Goyat: মাইক টাইছন বনাম জেক পলৰ মেগা যুঁজৰ পূৰ্বে ভাৰতীয় বক্সাৰ নীৰজ গোৱাটে ব্ৰাজিলৰ ৱিণ্ডাৰচন নুনেছক পৰাস্ত কৰি ইতিহাসৰ সৃষ্টি কৰে ।

Neeraj Goyat vs Whindersson Nunes
নীৰজ গোৱাট বনাম ৱিণ্ডাৰচন নুনেছ (AFP Photo)
author img

By ETV Bharat Sports Team

Published : 2 hours ago

স্প’ৰ্টছ ডেস্ক: মাইক টাইছন আৰু জেক পলৰ বহু প্ৰত্যাশিত যুঁজৰ পূৰ্বে ভাৰতৰ নীৰজ গোৱাটে একেটা ইভেণ্টতে আন্তঃৰাষ্ট্ৰীয় মঞ্চত দেশক গৌৰৱান্বিত কৰি তোলে । জেক পল আৰু মাইক টাইছনৰ বক্সিং মেচখনে আন্তঃৰাষ্ট্ৰীয় শিৰোনাম দখল কৰাৰ বিপৰীতে ভাৰতীয় খেলুৱৈগৰাকীয়েও দখল কৰে সংবাদ শিৰোনাম ৷

ভাৰতীয় বক্সাৰ নীৰজ গোৱাটে ৰচিলে ইতিহাস

পল জেক আৰু মাইক টাইছনে উত্তেজনাপূৰ্ণ মেচখনৰ পূৰ্বে 3 টাকৈ আণ্ডাৰকাৰ্ড বাউট কৰিছিল । তাৰে এটাত 33 বছৰীয়া ভাৰতীয় বক্সাৰ নীৰজ গোৱাটে 6 ৰাউণ্ডৰ চুপাৰ মিডলৱেট শ্ৰেণীৰ যুঁজত ব্ৰাজিলিয়ান ইউটিউবাৰ তথা কৌতুক অভিনেতা ৱিণ্ডাৰচন নুনেছক পৰাস্ত কৰি ইতিহাস সৃষ্টি কৰে ।

ভাৰতীয় বক্সাৰ গোৱাটে মিডলৱেট বাউণ্ডেৰীৰ ঠিক ওপৰেৰে 6 ৰাউণ্ড চলি থকা এই কঠিন খেলখনত সৰ্বসন্মত সিদ্ধান্তৰ (60-54) দ্বাৰা নুনেছক পৰাস্ত কৰে ।

নীৰজ গোৱাট কোন ?

নীৰজ গোৱাট হাৰিয়ানাৰ বাসিন্দা ৷ এজন ভাৰতীয় বক্সাৰ হিচাপে বহুতো সাফল্য অৰ্জন কৰিছে নীৰজে । হাৰিয়ানাৰ বেগলামপুৰত জন্মগ্ৰহণ কৰা গোৱাটে 2006 চনৰ শেষৰফালে 15 বছৰ বয়সত দশম শ্ৰেণীত পঢ়ি থকা অৱস্থাত বক্সিং আৰম্ভ কৰিছিল ।

এজন অপেছাদাৰী বক্সাৰ হিচাপে গোৱাটে ভেনিজুৱেলাত 2016 চনৰ অলিম্পিক কোৱালিফায়াৰৰ প্ৰয়াস কৰা প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হৈছিল ৷ কিন্তু শেষত সামান্য ব্যৱধানৰ বাবে বাদ পৰিছিল খেলুৱৈগৰাকী । তেওঁ 2008 চনৰ যুৱ কমনৱেলথ গেমছতো জিকিছিল ব্ৰঞ্জৰ পদক ।

অৱশ্যে এগৰাকী পেছাদাৰী বক্সাৰ হিচাপে গোৱাট ডব্লিউ বি চি (বিশ্ব বক্সিং পৰিষদ)ৰ দ্বাৰা স্থান লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় ৷ তেওঁ 2015 চনৰ পৰা 2017 চনলৈ একেৰাহে 3 বছৰ ধৰি ডব্লিউ বি চি এছিয়ান চেম্পিয়ন হৈ আছে । গোৱাটে 24 খন মেচত 18 বাৰ জয়, 4 বাৰ পৰাজয় আৰু 2 বাৰ ড্ৰ’-ৰ পেছাদাৰী বক্সিং অভিলেখ অৰ্জন কৰিছে ৷

গোৱাটে এখন বক্সিং মেচত দুবাৰকৈ ডব্লিউ বি চি চেম্পিয়ন আমিৰ খানৰ মুখামুখি হোৱাৰ কথা আছিল ৷ কিন্তু এক দুৰ্ঘটনাত মুৰ, মুখ আৰু বাওঁহাতৰ আঘাতত ভুগি খেলৰ পৰা বাহিৰ হৈছিল বক্সাৰগৰাকী ৷

জেক পল আৰু কেচিয়ে খেলখনৰ বাবে জনাইছিল প্ৰত্যাহ্বান

2023 চনৰ শেষৰফালে গোৱাটে বাৰে বাৰে জেক পলক এটা বাউটৰ বাবে মাতিছিল আৰু দুয়োৰে মাজত খেলৰ সম্ভাৱনা সম্পৰ্কেও উৰাবাতৰি ওলাইছিল । গোৱাটে পলৰ নিজা বক্সিং প্ৰমোচন কোম্পানী মোষ্ট ভেল্যুৱেবল প্ৰমোচনৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছিল ৷

কিন্তু খবৰ অনুসৰি তেওঁলোকৰ মাজত যুঁজ কেৱল পলৰ টাইছনৰ সৈতে হোৱা যুঁজৰ পিছতহে হোৱাৰ সম্ভাৱনা আছে ৷ ইফালে গোৱাটে ব্ৰিটিছ ইউটিউবাৰ কে এছ আইকো বক্সিং মেচৰ বাবে আমন্ত্ৰণ জনায় ৷

মাইক টাইছনৰ বিজয়ত তেওঁৰ সম্পত্তি বন্ধকত থৈছিল

মাইক টাইছন আৰু জেক পলৰ মাজৰ খেলখনৰ আগতে নীৰজ গোৱাটে পলৰ বিৰুদ্ধে টাইছনৰ জয়ত 1 নিযুত আমেৰিকান ডলাৰ (প্ৰায় 8.4 কোটি টকা)তকৈ অধিক মূল্যৰ তেওঁৰ ঘৰটো বন্ধকত ৰাখে ৷ যদি মেচখনত টাইছন জয়ী হয়, নীৰজেও নিবিদাৰ পৰিমাণৰ কিছু অংশ লাভ কৰিব ৷

লগতে পঢ়ক: মণিপুৰলৈ পূৰ্বৰ পৰিৱেশ ঘূৰি আহক: মীৰাবাঈ চানু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.