স্প'ৰ্টছ ডেস্ক, 20 জুন : ভাৰতীয় ক্ৰিকেট দলৰ ঘৰুৱা ছিজনৰ সময়সূচী ঘোষণা কৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ বি চি চি আয়ে । বাংলাদেশ ভ্ৰমণৰ জৰিয়তে ভাৰতৰ ঘৰুৱা ছিজন আৰম্ভ হ’ব । ইয়াৰ পিচত নিউজীলেণ্ডে ৩ খন মেচৰ টেষ্ট ছিৰিজৰ বাবে ভাৰত ভ্ৰমণ কৰিব । তাৰ পিচত ২০২৫ চনৰ আৰম্ভণিতে ইংলেণ্ড দলে ভাৰত ভ্ৰমণ কৰিব । ভাৰত আৰু ইংলেণ্ডৰ মাজত ধাৰাবাহিকভাৱে ৫ খন টি-২০ মেচ আৰু ৩ খন এদিনীয়া মেচ অনুষ্ঠিত হ’ব ।
বাংলাদেশৰ ভাৰত ভ্ৰমণ: ছেপ্টেম্বৰ মাহত বাংলাদেশৰ ভাৰত ভ্ৰমণৰ জৰিয়তে আৰম্ভ হ’ব টীম ইণ্ডিয়াৰ আন্তঃৰাষ্ট্ৰীয় ঘৰুৱা ছিজন । ভাৰতে বাংলাদেশৰ বিৰুদ্ধে ২ খন টেষ্ট মেচ আৰু ৩ খন টি-২০ মেচ ধাৰাবাহিকভাৱে খেলিব । ১৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব ভাৰত আৰু বাংলাদেশৰ মাজত প্ৰথমখন টেষ্ট । চেন্নাইত খেলোৱা হ’ব এই মেচখন ৷ আনহাতে কানপুৰত ২৭ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ’ব দ্বিতীয়খন টেষ্ট । ইয়াৰ পিচত ৬, ৯ আৰু ১২ অক্টোবৰত ক্ৰমে ধৰমশালা, দিল্লী আৰু হায়দৰাবাদত ৩ খন টি-২০ মেচ অনুষ্ঠিত হ’ব ।
লগতে পঢ়ক: ছুপাৰ-৮ মেচৰ পূৰ্বে ভাৰতীয় তাৰকা বেটছমেন সন্দৰ্ভত ডাঙৰ মন্তব্য আফগান খেলুৱৈৰ - T20 World Cup 2024
নিউজীলেণ্ডৰ ভাৰত ভ্ৰমণ: বাংলাদেশৰ পিচত নিউজীলেণ্ডে ভাৰত ভ্ৰমণ কৰিব । নিউজীলেণ্ডৰ বিৰুদ্ধে ৩ খন মেচৰ টেষ্ট ছিৰিজ অনুষ্ঠিত হ’ব । এই শৃংখলাৰ প্ৰথমখন টেষ্ট ১৬ অক্টোবৰৰ পৰা বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত আৰম্ভ হ’ব । ইয়াৰ পিচত ২৪-২৮ অক্টোবৰৰ ভিতৰত পুনেত দ্বিতীয়খন টেষ্ট মেচ অনুষ্ঠিত হ’ব । মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত ১-৫ নৱেম্বৰৰ ভিতৰত অন্তিম তথা তৃতীয়খন টেষ্ট অনুষ্ঠিত হ’ব ।
লগতে পঢ়ক: ছুপাৰ ৮ ত আফগানিস্তানৰ বিৰুদ্ধে শক্তিশালী প্ৰদৰ্শন আগবঢ়াব পাৰিবনে ভাৰতে ? - T20 World Cup 2024
ইংলেণ্ডৰ ভাৰত ভ্ৰমণ: ইয়াৰ পিচতে ইংৰাজী নৱবৰ্ষ ২০২৫ৰ আগমনৰ লগে লগে ইংলেণ্ডৰ দল আহিব দীঘলীয়া ভাৰত ভ্ৰমণত । ইংলেণ্ডৰ বিৰুদ্ধে ৫ খন টি-২০ আৰু ৩ খন এদিনীয়া খেলিব ভাৰতে । ইংলেণ্ডৰ ভ্ৰমণ ২০২৫ চনৰ ২২ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব আৰু চেন্নাইত অনুষ্ঠিত হ’ব প্ৰথমখন টি-২০ মেচ । ইয়াৰ পিচৰ মেচ কেইখন ক্ৰমে ২৫ জানুৱাৰীত কলকাতাত, ২৮ জানুৱাৰীত ৰাজকোটত, ৩১ জানুৱাৰীত পুনে আৰু ২ ফেব্ৰুৱাৰীত মুম্বাইত অনুষ্ঠিত হ’ব ।
লগতে পঢ়ক: কেৰিবিয়ান পিটছত এইসকল ভাৰতীয় বেটছমেনৰ ওপৰত থাকিব সকলোৰে দৃষ্টি... - T20 World Cup 2024
অহা ৬ ফেব্ৰুৱাৰীৰ পৰা নাগপুৰৰ পৰা আৰম্ভ হ’ব ইংলেণ্ডৰ বিৰুদ্ধে ৩ খনীয়া এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচ । ইয়াৰ পিচত ক্ৰমে ৯ ফেব্ৰুৱাৰী আৰু ১২ ফেব্ৰুৱাৰীত কটক আৰু আহমেদাবাদত দ্বিতীয় আৰু তৃতীয়খন এদিনীয়া মেচ অনুষ্ঠিত হ’ব ।
লগতে পঢ়ক: ছুপাৰ ৮ত বাংলাদেশ: ২২ জুনত ভাৰতৰ বিৰুদ্ধে অৱৰ্তীণ হ’ব বাংলাদেশ - T20 World Cup 2024