ETV Bharat / sports

নয়ডাত বাংলাদেশ আৰু আফগানিস্তানৰ মাজত হ'ব খেল; বিচিচিআইয়ে দিলে অনুমতি - BAN vs AFG match in India

author img

By ETV Bharat Sports Team

Published : Jun 22, 2024, 12:55 PM IST

BAN vs AFG match in India: নয়ডাত অনুষ্ঠিত হ'ব আফগানিস্তান বনাম বাংলাদেশ এদিনীয়া আৰু টি-২০ শৃংখলা । আফগানিস্তানে ভাৰতত এই শৃংখলাৰ আয়োজন কৰিব । বিচিচিআইয়ে ইতিমধ্যে অনুমোদন জনাইছে ।

BAN vs AFG match in India
নয়ডাত বাংলাদেশ আৰু আফগানিস্তানৰ মাজত হ'ব খেল (IANS PHOTO)

স্পৰ্টছ ডেস্ক, ২২ জুন : অহা জুলাইত ভাৰতৰ নয়ডাৰ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব আফগানিস্তান আৰু বাংলাদেশৰ মাজত এদিনীয়া আৰু টি-২০ শৃংখলা । আফগানিস্তানে আয়োজন কৰিব এই দুয়োটা ফৰ্মেটৰ শৃংখলা । এক প্ৰতিবেদন অনুসৰি বিচিচিআইয়ে এই ক্ষেত্ৰত অনুমোদন জনাইছে । যাৰ ফলত ভাৰতত আফগানিস্তান আৰু বাংলাদেশৰ মাজত টি-২০ আৰু এদিনীয়া খেল অনুষ্ঠিত হ'ব ।

এদিনীয়া শৃংখলা ২৫ জুলাইৰ পৰা আৰম্ভ হ'ব, আনহাতে টি-২০ শৃংখলাৰ খেলবোৰ ২-৬ আগষ্টৰ ভিতৰত হ'ব । আনহাতে বাংলাদেশে ৭ আগষ্টত ভাৰতৰ পৰা প্ৰস্থান কৰিব । ৪ বছৰৰ দীঘলীয়া ব্যৱধানৰ অন্তত আফগানিস্তানে গ্ৰেটাৰ নয়ডাৰ শ্বহীদ বিজয় সিং পথিক ক্ৰীড়া কমপ্লেক্সত তেওঁলোকৰ ঘৰুৱা মেচ খেলিবলৈ উভতি আহিব ।

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে (বিচিচিআই) জুলাই-আগষ্ট মাহত ৩ খন এদিনীয়া আৰু টি-২০ খেল আয়োজন কৰিবলৈ অনুমোদন জনাইছে । খবৰ অনুসৰি বাংলাদেশ ক্ৰিকেট দলটো ২২ জুলাইত গ্ৰেটাৰ নয়ডাত উপস্থিত হ'ব আৰু এদিনীয়া শৃংখলাত যোগদান কৰাৰ পূৰ্বে কিছুদিনৰ বাবে প্ৰশিক্ষণত অংশ ল'ব ।

প্ৰতিবেদনখনত কোৱা হৈছে যে ভাৰতীয় ক্ৰিকেট ব'ৰ্ডে গ্ৰেটাৰ নয়ডা আৰু কানপুৰত আফগানিস্তানক দুখন ঘৰুৱা খেলপথাৰ আৱণ্টন কৰিছে । ২০১৫ চনত আফগানিস্তান ক্ৰিকেট ব'ৰ্ড (এচিবি) আৰু বিচিচিআইয়ে তেওঁলোকৰ ঘৰুৱা খেলৰ বাবে ভাৰতীয় খেলপথাৰ ব্যৱহাৰ কৰিবলৈ এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছিল ।

পৰৱৰ্তী সময়ত আফগানিস্তানে ডেৰাডুন, লক্ষ্ণৌৰ একানা ষ্টেডিয়াম আৰু গ্ৰেটাৰ নয়ডাত তেওঁলোকৰ ঘৰুৱা খেল খেলিছিল ।

ভাৰতত বাংলাদেশৰ বিৰুদ্ধে আফগানিস্তানৰ ঘৰুৱা শৃংখলাৰ সময়সূচী

তাৰিখমেচ
২৫ জুলাইপ্ৰথম এদিনীয়া
২৭ জুলাইদ্বিতীয় এদিনীয়া
৩০ জুলাইতৃতীয় এদিনীয়া
২ আগষ্টপ্ৰথম টি-২০
৪ আগষ্টদ্বিতীয় টি-২০
৬ আগষ্টতৃতীয় টি-২০
লগতে পঢ়ক :আজি ছুপাৰ-৮ ত ভাৰত বনাম বাংলাদেশ; মেচৰ এক পূৰ্বলোকন - T20 Cricket World Cup 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.