ETV Bharat / sports

একেৰাহে 21 টা মেডেন অভাৰ বলিং কৰি ইতিহাস ৰচা ভাৰতীয় বলাৰগৰাকী কোন, জানেনে ? - INDIAN BOWLER BAPU NADKARNI

21 maiden overs in test cricket: এগৰাকী ভাৰতীয় বলাৰৰ বিশ্বাভিলেখ ৷ পিছে কোনে কোনে চিনি পায় এইগৰাকী বলাৰক ? তেওঁৰ অভিলেখ আজিও অক্ষত আছে ৷

INDIAN BOWLER BAPU NADKARNI
টেষ্ট ক্ৰিকেট (Getty Images)
author img

By ETV Bharat Sports Team

Published : Oct 30, 2024, 12:08 PM IST

স্প’ৰ্টছ ডেস্ক: ক্ৰিকেটত অভিলেখ ভঙা-গঢ়াতো এটা সাধাৰণ ঘটনা ৷ কিন্তু ক্ৰিকেটৰ ইতিহাসত এতিয়াও কিছুমান এনে অভিলেখ আছে, যিবোৰ কোনেও ভংগ কৰিব পৰা নাই । সেই অভিলেখসমূহৰ ভিতৰত এনে এক অভিলেখ এনেধৰণৰ- যি এখন মেচত একেৰাহে 21 টা মেডেন অভাৰ বলিং কৰে ৷

এই অভিলেখ আছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অভিজ্ঞ বলাৰ ৰমেশ চন্দ্ৰ গংগাৰাম নাদকাৰ্ণী ওৰফে 'বাপু নাদকাৰ্ণী'ৰ নামত ৷ তেওঁৰ বাহিৰে আন কোনোৱে এই অভিলেখ স্থাপন অথবা ভংগ কৰিবলৈ সুযোগা লাভ কৰা নাই ।

বাবু আছিল এজন বাওঁহতীয়া স্পিনাৰ, যি সঠিক লাইন আৰু লেংথ বলিঙৰ বাবে জনাজাত আছিল । যেতিয়া তেওঁ বলিং কৰিবলৈ ধৰে, বিপক্ষৰ বেটছমেনসকলে ৰাণ সংগ্ৰহ কৰিবলৈ অত্যাধিক সংগ্ৰাম কৰিবলগীয়া হয় ।

59 বছৰ পূৰ্বে ইংলেণ্ডৰ বিৰুদ্ধে এখন খেলত বিশ্ব অভিলেখো গঢ়িছিল এইগৰাকী বলাৰে । যি অভিলেখ আজিলৈকে কোনো এগৰাকী বলাৰে ভংগ কৰিবলৈ সক্ষম হোৱা নাই ।

একেৰাহে 21 টা মেডেন অভাৰ বলিং কৰিছিল

1964 চনৰ 10 জানুৱাৰীত চেন্নাইত ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হৈছিল এখন টেষ্ট মেচ ৷ খেলখনৰ তৃতীয় দিনা অৰ্থাৎ 12 জানুৱাৰীত ইংলেণ্ডৰ দলটোৱে তেওঁলোকৰ প্ৰথম ইনিংছত বেটিং কৰিবলৈ ক্ৰিজলৈ আহে ৷

এই সময়তে ভাৰতীয় বলাৰ বাপু নাদকাৰ্ণী ইংৰাজ বেটছমেনসকলৰ বাবে বিপদজনক বুলি প্ৰমাণিত হৈছিল । বলিং আক্ৰমণত তচ-নচ হৈ পৰা ইংৰাজ বেটছমেনসকলে নাদকাৰ্ণীৰ দ্বাৰা ব’ল্ড হৈ একেৰাহে 21 অভাৰত সংগ্ৰহ কৰিব নোৱাৰিলে এটাও ৰাণ ৷ সকলোবোৰ মাথো ডট বললৈহে পৰিণত হৈছিল ৷

তৃতীয় দিনাৰ খেলখনত নাদকাৰ্ণীয়ে মুঠ 32 অভাৰ বলিং কৰে আৰু মুঠ 27 টা মেডেন অভাৰ বল কৰে । তেওঁ বিপক্ষৰ বেটছমেনক পাঁচ অভাৰত এটা এটাকৈ মাত্ৰ 5 ৰাণহে দিছিল । নাদকাৰ্ণীয়ে ব্ৰিটিছসকলৰ ওপৰত যি হেঁচা প্ৰয়োগ কৰিছিল, বাকী বলাৰসকলে তাৰে সুবিধা লৈ উইকেট দখল কৰিছিল ৷

এই খেলখনৰ দ্বিতীয় ইনিংছত তেওঁ মাত্ৰ 6 অভাৰ বল কৰিছিল ৷ এই 6 অভাৰত বলাৰগৰাকীয়ে ব্যয় কৰিছিল মাত্ৰ 6 ৰাণ ৷

নাদকাৰ্ণীৰ ক্ৰিকেট কেৰিয়াৰ

নাদকাৰ্ণীয়ে তেওঁৰ ক্ৰিকেট কেৰিয়াৰত খুব কম ৰাণ ব্যয় কৰি দৰ্শনীয় ইক’ন’মিক ৰেটৰ সৈতে এগৰাকী উৎকৃষ্ট বলাৰত পৰিণত হৈছে । তেওঁ 41 খন টেষ্টত মুঠ 65 টা ইনিংছত বলিং কৰিছে । অৰ্থাৎ, সমগ্ৰ কেৰিয়াৰত নাদকাৰ্ণীয়ে 9,165 টা বল বলিং কৰিছিল । তেওঁ 1.67 ৰ ইক’ন’মিক ৰেটত দখল কৰিছিল 88 টা উইকেট ।

লগতে পঢ়ক: 3 বছৰত 4 জন অধিনায়ক, 26 জন নিৰ্বাচক আৰু 8 জন প্ৰশিক্ষক... পাকিস্তানত ক্ৰিকেট নে চাৰ্কাছ ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.