ETV Bharat / sports

ভাৰতৰ মাটিতেই ক্ৰিকেটৰ পৰা বিদায় বাংলাদেশী ক্ৰিকেটাৰৰ - IND VS BAN T20 SERIES

Bangladesh cricket player: ভাৰত-বাংলাদেশৰ মাজত চলি থকা টি 20 শৃংখলাৰ দ্বিতীয় মেচৰ পূৰ্বে অৱসৰ ঘোষণা বাংলাদেশী ক্ৰিকেটাৰৰ ৷

IND VS BAN T20 SERIES
বাংলাদেশী ক্ৰিকেটাৰৰ অৱসৰ (IANS PHOTO)
author img

By ETV Bharat Sports Team

Published : Oct 8, 2024, 7:19 PM IST

স্প’ৰ্টছ ডেস্ক, 8 অক্টোবৰ: বাংলাদেশ ক্ৰিকেট দলৰ এগৰাকী অন্যতম অভিজ্ঞ খেলুৱৈয়ে মঙলবাৰে টি 20 ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে । 3 বছৰ পূৰ্বে ক্ৰিকেটৰ আটাইতকৈ পুৰণি ফৰ্মেট টেষ্টৰ পৰাও অৱসৰ গ্ৰহণ কৰিছিল এইগৰাকী ক্ৰিকেটাৰে ৷

ভাৰত-বাংলাদেশৰ মাজত চলি থকা শৃংখলাটোৱে হ’ব ক্ৰিকেটাৰগৰাকীৰ কেৰিয়াৰৰ অন্তিমটো টি 20 আন্তঃৰাষ্ট্ৰীয় শৃংখলা । বুধবাৰে নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া এই শৃংখলাৰ দ্বিতীয়খন মেচৰ পূৰ্বে সংবাদমেল সম্বোধন কৰি এই তথ্য প্ৰদান কৰে প্ৰাক্তন অধিনায়কগৰাকীয়ে ।

সংবাদমেলত বাংলাদেশৰ হৈ সৰ্বাধিক টি 20 মেচ খেলা ক্ৰিকেটাৰগৰাকীয়ে পৰিয়ালৰ সৈতে হোৱা আলোচনামৰ্মে এই চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা বুলি সদৰী কৰে ৷

এই সন্দৰ্ভত ক্ৰিকেটাৰগৰাকীয়ে এনেদৰে কয়, "ভাৰতলৈ অহাৰ পূৰ্বে মই মোৰ সিদ্ধান্তৰ বিষয়ে ব’ৰ্ডক অৱগত কৰিছিলো । হায়দৰাবাদত ভাৰত-বাংলাদেশৰ মাজত অনুষ্ঠিত হ’বলগীয়া তৃতীয়খন টি 20 মেচ হ’ব চুটি ফৰ্মেটত মোৰ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় মেচ" ।

বাংলাদেশৰ জাৰ্ছীত সৰ্বাধিক মেচত অংশগ্ৰহণ কৰা টি 20 ক্ৰিকেটাৰো হৈছে এইগৰাকী খেলুৱৈ ৷ অল ৰাউণ্ডাৰগৰাকীৰ নামত 139 খন টি 20 মেচত 2394 ৰাণ সংগ্ৰহৰ লগতে 40 টা উইকেট দখলৰ অভিলেখ আছে । তেওঁ কেৱল সৰ্বাধিক মেচ খেলা অধিনায়ক হিচাপেই নহয়, চুটি ফৰ্মেটত সৰ্বাধিক মেচত দেশক নেতৃত্ব দিয়া অধিনায়কৰো অভিলেখ অৰ্জন কৰিছে ।

2007 চনত কেনিয়াৰ বিৰুদ্ধে টি 20 আন্তঃৰাষ্ট্ৰীয় মেচত অভিষেক ঘটোৱা এইগৰাকী ক্ৰিকেটাৰে দেশৰ হৈ 43 খন মেচত অধিনায়কৰ দায়িত্ব পালন কৰিছে । ইয়াৰে 16 খন মেচত বাংলাদেশে জয়লাভ কৰিছে ।

IND VS BAN T20 SERIES
মাহমুদুল্লাহ ৰিয়াদ (IANS PHOTO)

2021 চনৰ টি 20 বিশ্বকাপত দলটোৰ অধিনায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰা ক্ৰিকেটাৰগৰাকীয়ে 12 অক্টোবৰত 17 বছৰীয়া টি 20 কেৰিয়াৰৰ অন্ত পেলাব । ভাৰতৰ মাটিত অৱসৰ ঘোষণা কৰা এইগৰাকী বাংলাদেশী ক্ৰিকেটাৰৰ নাম হৈছে মাহমুদুল্লাহ ৰিয়াদ ৷

লগতে পঢ়ক: জিমনাষ্টিকৰ পৰা অৱসৰ ঘোষণা দীপা কৰ্মকাৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.