স্প’ৰ্টছ ডেস্ক, 26 ছেপ্টেম্বৰ: ভাৰত-বাংলাদেশৰ মাজত চলি থকা টেষ্ট শৃংখলাৰ মাজতে এক বৃহৎ ঘোষণা ৷ এই ঘোষণা কৰিছে বাংলাদেশৰ ক্ৰিকেটাৰ শ্বাকিব আল হাছানে ৷ সকলো ক্ৰিকেটপ্ৰেমীকে হতবাক কৰি বাংলাদেশৰ অল ৰাউণ্ডাৰ শ্বাকিবে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে ৷ অক্টোবৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া টেষ্ট শৃংখলাত অন্তিমবাৰৰ বাবে অংশগ্ৰহণ কৰিব ক্ৰিকেটাৰগৰাকীয়ে ।
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাত যদিহে ক্ৰিকেটাৰগৰাকীয়ে খেলিবলৈ সুযোগ লাভ নকৰে, তেন্তে কানপুৰত ভাৰতৰ বিৰুদ্ধে খেলিবলগীয়া টেষ্ট মেচখনে হ’ব শ্বাকিবৰ কেৰিয়াৰৰ শেষৰখন টেষ্ট মেচ ৷
কানপুৰ টেষ্টৰ পূৰ্বে সংবাদমেল সম্বোধন কৰি শ্বাকিবে কয়, "মই মোৰ অন্তিমখন টেষ্ট মেচ মীৰপুৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিব বিচাৰো ৷ যদিহে ভবামতে সকলো হয়, তেন্তে সেয়া হ’ব মোৰ শেষ টেষ্ট মেচ । বাংলাদেশ ক্ৰিকেটে মোক বহুখিনি দিছে আৰু মই মোৰ ঘৰুৱা খেলপথাৰত এই ফৰ্মেটত শেষ টেষ্ট খেলিব বিচাৰো" । ইতিমধ্যে টি-20 ক্ৰিকেটৰ পৰা বিদায় লৈছে শ্বাকিবে।
বাংলাদেশৰ হৈ খেলা আটাইতকৈ বয়সীয়াল ক্ৰিকেটাৰ হৈছে শ্বাকিব আল হাছান । সম্প্ৰতি ক্ৰিকেটাৰগৰাকীৰ বয়স 37 বছৰ 6 মাহতকৈ অধিক । শেহতীয়াকৈ তেওঁ নিজৰ দেশৰ হৈ খেলা সৰ্বাধিক বয়সীয়াল ক্ৰিকেটাৰ ৰফিকৰ অভিলেখ ভংগ কৰিছিল ।
শ্বাকিবৰ টেষ্ট পৰিসংখ্যাৰ কথা ক’বলৈ গ’লে ক্ৰিকেটাৰগৰাকীয়ে দেশৰ হৈ 70 খন টেষ্টত 108 টা ইনিংছ খেলি সংগ্ৰহ কৰিছে 4600 ৰাণ ৷ এই ফৰ্মেটত ক্ৰিকেটাৰগৰাকীৰ নামত আছে 5 টা শতকৰ লগতে 31 টা অৰ্ধশতক ৷ কেৱল এয়াই নহয়, দ্বি-শতকো অৰ্জন কৰিছে ক্ৰিকেটাৰগৰাকীয়ে । ইয়াৰোপৰি শ্বাকিবে দখল কৰিছে 230 টাতকৈও অধিক উইকেট ৷