ETV Bharat / sports

পাকিস্তানৰ বিৰুদ্ধে অধিনায়ক অবিহনেই দল ঘোষণা অষ্ট্ৰেলিয়াৰ - AUSTRALIA VS PAKISTAN T20 SERIES

Aus vs Pak t20: অষ্ট্ৰেলিয়াই পাকিস্তানৰ বিৰুদ্ধে টি-20 শৃংখলাৰ বাবে ঘোষণা কৰিছে 13 জনীয়া দল ৷ পিছে দলটোত নাই কোনো অধিনায়ক ৷

AUSTRALIA VS PAKISTAN T20 SERIES
অষ্ট্ৰেলিয়াৰ ক্ৰিকেট দলটোৰ একাংশ (AFP Photo)
author img

By ETV Bharat Sports Team

Published : Oct 28, 2024, 7:40 PM IST

স্প’ৰ্টছ ডেস্ক: অষ্ট্ৰেলিয়াই পাকিস্তানৰ বিৰুদ্ধে 3 খন খেলৰ ঘৰুৱা টি-20 শৃংখলাটোৰ বাবে অধিনায়ক অবিহনে ঘোষণা কৰিছে নিজৰ দল ।

পাকিস্তানৰ বিৰুদ্ধে আগন্তুক টি-20 শৃংখলাৰ বাবে অষ্ট্ৰেলিয়াৰ দলটোত থাকিব এজন নতুন অধিনায়ক ৷ কিয়নো ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীও একে সপ্তাহতে সমাপ্ত হ'ব ৷ তদুপৰি দলটোৰ নিয়মীয়া টেষ্ট খেলুৱৈসকলে এই শৃংখলাত অংশগ্ৰহণৰ পৰা বিৰত থাকিব ৷

এনে হোৱাৰ কাৰণ ব’ৰ্ডাৰ গাভাস্কাৰ ট্ৰফী

যশ ইংলিছ, এডাম জাম্পা আৰু মেট শ্বৰ্টৰ দৰে খেলুৱৈসকলক এই টি-20 দলত অন্তৰ্ভুক্ত কৰা হৈছে ৷ যিসকলে মিচেল মাৰ্শ্বৰ অনুপস্থিতিত দলৰ অধিনায়কৰ ভূমিকা পালন কৰিব পাৰে ৷ কিয়নো পাকিস্তানৰ বিৰুদ্ধে টি-20 শৃংখলাৰ বাবে ঘোষণা কৰা 13 জনীয়া দলটোত কোনো নিয়মীয়া টেষ্ট খেলুৱৈক বাছনি কৰা হোৱা নাই ।

এই শৃংখলাৰ পিছত একাংশ খেলুৱৈয়ে ব’ৰ্ডাৰ গাভাস্কাৰ ট্ৰফী খেলিব

ক্ৰিকেট অষ্ট্ৰেলিয়াই প্ৰকাশ কৰা অনুসৰি, 18 নৱেম্বৰত বেলেৰিভ অ’ভেলত শৃংখলাৰ অন্তিমখন টি-20 খেলৰ সামৰণিৰ পিছত পাৰ্থত ব’ৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ প্ৰথমখন মেচৰ বাবে দলটোৰ একাংশ খেলুৱৈয়ে টেষ্ট দলত যোগদান কৰিব পাৰে । ছেপ্টেম্বৰত ইংলেণ্ড আৰু স্কটলেণ্ডৰ বগা বল ভ্ৰমণৰ পূৰ্বে বা খেলৰ সময়ত আঘাতপ্ৰাপ্ত হোৱাৰ পিছত ফাষ্ট বলাৰ জেভিয়াৰ বাৰ্টলেট, নাথান এলিছ আৰু স্পেন্সাৰ জনছন সম্প্ৰতি দললৈ উভতিছে ।

পাকিস্তানৰ বিৰুদ্ধে টি-20 শৃংখলাৰ বাবে অষ্ট্ৰেলিয়াৰ দলটো:

ছিন এবট, জেভিয়াৰ বাৰ্টলেট, কুপাৰ ক'নলী, টিম ডেভিদ, নাথান এলিছ, জেক ফ্ৰেজাৰ-মেকগুৰ্ক, এৰন হাৰ্ডি, জছ ইংগলিছ, স্পেন্সাৰ জনছন, গ্লেন মেক্সৱেল, মেথিউ শ্বৰ্ট, মাৰ্কাছ ষ্টইনিছ আৰু এডাম জাম্পা ।

লগতে পঢ়ক: সলনি হ’ব টীম ইণ্ডিয়াৰ প্ৰশিক্ষক ! দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ পূৰ্বে এই সালসলনি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.