স্প’ৰ্টছ ডেস্ক: গাব্বাত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ তৃতীয়খন টেষ্ট মেচৰ চতুৰ্থ দিনা টীম ইণ্ডিয়াই 9 টা উইকেট হেৰুৱাই সংগ্ৰহ কৰিছে 252 ৰাণ । এতিয়াও আয়োজক দলটোৰ প্ৰথম ইনিংছৰ 445 ৰাণৰ তুলনাত 193 ৰাণত পিছপৰি আছে ভাৰত ৷
ৰাহুল-জাদেজাৰ অৰ্ধশতক
বৰষুণে বিধি-পথালি দিয়া গাব্বা টেষ্টৰ চতুৰ্থ দিনটোত টীম ইণ্ডিয়াৰ ওপৰত দৃষ্টি নিৱদ্ধ আছিল অনুৰাগীৰ ৷ তৃতীয় দিনা 4 টা উইকেটৰ বিনিময়ত 51 ৰাণ সংগ্ৰহ কৰাৰ পিছত ফল’-অনৰ পৰা হাত সাৰিবলৈ খেলখনৰ চতুৰ্থ দিনা ভাৰতে 194 ৰাণ সংগ্ৰহ কৰিবলগা হৈছিল ।
Gritty batting from the lower order helps India avoid the follow-on on Day 4 as play is called off due to bad light.#WTC25 | #AUSvIND 📝: https://t.co/ZzCk5gDo4n pic.twitter.com/DUlYjqtLp0
— ICC (@ICC) December 17, 2024
চতুৰ্থ দিনাৰ খেলত ভাৰতৰ হৈ কে এল ৰাহুল আৰু ৰবীন্দ্ৰ জাদেজাই অৰ্ধশতকৰ অংশীদাৰিত্ব গঢ়ি তোলে ৷ ৰাহুলে 139 টা বলত 8 টা চাৰিৰে 84 ৰাণ সংগ্ৰহ কৰে ৷ আনহাতে, ৰবীন্দ্ৰ জাদেজাই 7 টা চাৰি আৰু এটা ছয়ৰে 77 ৰাণ সংগ্ৰহ কৰে ৷
KL Rahul departs after a splendid knock of 84 runs.
— BCCI (@BCCI) December 17, 2024
Live - https://t.co/dcdiT9NAoa… #AUSvIND pic.twitter.com/81AdHcGQvq
বলাৰসকলে ফল’-অনৰ পৰা ৰক্ষা কৰিছিল
চতুৰ্থ দিনৰ ষ্টাম্পলৈকে যশপ্ৰীত বুমৰাহে (10) আৰু আকাশদীপে (27) অন্তিম উইকেটত 39 ৰাণ যোগ কৰি ভাৰতক ফল’-অনৰ পৰা ৰক্ষা কৰে । দিনটোৰ অন্তিম চেছনত ৰবীন্দ্ৰ জাদেজা (77) আউট হোৱাৰ পিছত সংকটত পৰিছিল ভাৰত ৷ কিয়নো সেই সময়ত দলটোৱে ফল’-অন এৰাই চলিবলৈ 33 ৰাণত পিছপৰি আছিল । অৱশ্যে বুমৰাহ আৰু আকাশৰ যুটিটোৱে 51 টা বলত অপৰাজিত 39 ৰাণ কৰি দলক এই সংকটৰ পৰা উদ্ধাৰ কৰিছিল ।
39*(54)
— BCCI (@BCCI) December 17, 2024
Jasprit Bumrah 🤜🤛 Akash Deep
Describe this partnership in one word ✍️😎#AUSvIND pic.twitter.com/CbiPFf2gBc
ড্ৰ’ৰ দিশে আগবাঢ়িছে তৃতীয়খন টেষ্ট
বৰষুণ প্ৰভাৱিত গাব্বা টেষ্ট ক্ৰমাৎ ড্ৰ’ৰ দিশে আগবাঢ়িছে ৷ এনে হ’লে অষ্ট্ৰেলিয়াই তাৎক্ষণিকভাৱে ভাৰতৰ ইনিংছ সীমাবদ্ধ কৰি ৰখাৰ চেষ্টা কৰাৰ লগতে ফাষ্ট বেটিঙৰ সহায়ত ভাৰতক চতুৰ্থ ইনিংছত উপনীত কৰাৰ প্ৰয়াস কৰিব ৷ পাঁচখন মেচৰ শৃংখলাটো ইতিমধ্যে 1-1 ত ড্ৰ’ হৈ আছে ৷ অষ্ট্ৰেলিয়াৰ হৈ কামিন্স আৰু ষ্টাৰ্কে সাতটা উইকেট আৰু লিয়'ন আৰু হেজলউডে এটাকৈ উইকেট দখল কৰে ।
A fine 50-run partnership comes up between @klrahul & @imjadeja 🙌
— BCCI (@BCCI) December 17, 2024
Live - https://t.co/dcdiT9NAoa… #AUSvIND pic.twitter.com/ykePe9Amt9
আঘাতৰ বাবে খেলপথাৰ এৰিলে হেজলউডে
অষ্ট্ৰেলিয়াৰ ফাষ্ট বলাৰ জছ হেজলউডে তৃতীয়খন টেষ্টৰ পৰা আধাতে বাদ পৰাৰ সম্ভাৱনা আছে ৷ মেচখনৰ চতুৰ্থ দিনৰ প্ৰথমটো অধিৱেশনত ক’লাফুলৰ বিষৰ বাবে খেলপথাৰৰ পৰা বাহিৰলৈ গৈছিল ক্ৰিকেটাৰগৰাকী । খেলৰ আৰম্ভণিতে হেজলউড খেলপথাৰত পলমকৈ উপস্থিত হৈছিল আৰু যেতিয়া তেওঁ স্পেলিং আৰম্ভ কৰিছিল, তেতিয়া বলিং কৰোঁতে বহু সংগ্ৰাম কৰা দেখা গৈছিল খেলুৱৈগৰাকীক ।
Big blow for Australia in the Border-Gavaskar series.
— ICC (@ICC) December 17, 2024
More 👉 https://t.co/1JYKZIbYGo#AUSvIND #WTC25 pic.twitter.com/T4uKYvXE4N
সাধাৰণতে গড়ে 140 কিল’মিটাৰ বেগত বলিং কৰা হেজলউডে কাচিৎতে 131 কিল’মিটাৰ প্ৰতি ঘণ্টাতকৈ অধিক গতিত বলিং কৰে ৷ ক্ৰিকেট অষ্ট্ৰেলিয়াই (চি এ) হেজলউডৰ আঘাত নিশ্চিত কৰি কয় যে আঘাতৰ গভীৰতা জনাৰ বাবে খেলুৱৈগৰাকীক স্কেন কৰা হ’ব ৷
তৃতীয় টেষ্টত অষ্ট্ৰেলিয়াই দলৰ মূল একাদশত মাথো এটাহে পৰিৱৰ্তন কৰি স্কট বোলেণ্ডৰ ঠাইত হেজলউডক অন্তৰ্ভুক্ত কৰিছিল । ইয়াৰ পূৰ্বে, এডিলেইড অভেলত অনুষ্ঠিত দ্বিতীয় টেষ্টৰ পৰাও আঘাতৰ সমস্যাৰ বাবে বাদ পৰিছিল হেজলউড ৷
সংক্ষিপ্ত স্ক'ৰ:
ভাৰত 74.5 অভাৰত 252/9 (কে এল ৰাহুল 84, ৰবীন্দ্ৰ জাদেজা 77; পেট কামিন্স 4-80, মিচেল ষ্টাৰ্ক 3-83)
অষ্ট্ৰেলিয়া 445 (ট্ৰেভিছ হেড 152, ষ্টিভ স্মিথ 101; যশপ্ৰীত বুমৰাহ 6-76) ।
লগতে পঢ়ক: 4 টা বলত 4 টা উইকেট, দুটাকৈ হেটট্ৰিকেৰে ইতিহাস ৰচিলে এইগৰাকী বলাৰে