ETV Bharat / sports

টেষ্ট মেচত 19 বাৰ 10 উইকেটত পৰাজিত ভাৰত, এডিলেইড টেষ্টত অভিলেখৰ জোৱাৰ - BORDER GAVASKAR TROPHY

এডিলেইড ওভেলত ভাৰত বনাম অষ্ট্ৰেলিয়াৰ দ্বিতীয়খন টেষ্ট মেচত স্থাপন হ’ল কেইটামান অভিলেখ।

ETV Bharat
ভাৰতীয় ক্ৰিকেট দল (এপি)
author img

By ETV Bharat Assamese Team

Published : Dec 9, 2024, 2:41 PM IST

নতুন দিল্লী: পাঁচখন টেষ্টৰ শৃংখলা বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয়খন খেলত অষ্ট্ৰেলিয়াই ভাৰতক ১০ উইকেটত পৰাস্ত কৰে। যাৰ সৈতে শৃংখলাটো 1-1 ত উপনীত হৈছে। শৃংখলাটোৰ তৃতীয় খন খেল ১৪ নৱেম্বৰৰ পৰা গাবাত অনুষ্ঠিত হ'ব। কিন্তু এডিলেইডৰ পৰাজয়ে টীম ইণ্ডিয়াক ডব্লিউটিচি পইণ্ট তালিকাৰ প্ৰথমস্থানৰ পৰা তৃতীয় স্থানলৈ অৱনমিত কৰিছে, যাৰ ফলত ভাৰতীয় দলটো এতিয়া ডব্লিউটিচিৰ ফাইনেলত উপনীত হোৱাৰ বাট কঠিন হৈ পৰিল।

এডিলেইড টেষ্টত স্থাপন কেবাটাও অনন্য অভিলেখ

  1. দেওবাৰে সমাপ্ত হোৱা ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত দ্বিতীয় দিন-ৰাতিৰ টেষ্টখন দুয়োখন দেশৰ মাজত আটাইতকৈ কম সময়ৰ টেষ্ট আছিল। এডিলেইড ওভেলত মুঠ 1031 টা বল কৰা হৈছিল, যিটো ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত টেষ্টৰ ক্ষেত্ৰত সৰ্বনিম্ন। ইয়াৰ আগৰ অভিলেখটো আছিল ১১৩৫ টা বলৰ যিটো যোৱা বছৰ ইন্দোৰ টেষ্টত স্থাপন হৈছিল।
  2. এডিলেইড টেষ্ট ১৯৪০ চনৰ পিছত অষ্ট্ৰেলিয়াত অনুষ্ঠিত দ্বিতীয় আটাইতকৈ চুটি টেষ্ট আছিল। ইয়াৰ পূৰ্বে, ২০২২ চনত ব্ৰিছবেনত অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ মাজত ৮৬৬ টা বল খেলা হৈছিল।
  3. এয়া এডিলেইড ওভেলত খেলা আটাইতকৈ চুটি টেষ্ট আছিল। আগৰ অভিলেখ আছিল ১১১২ টা বলৰ যিটো এই বছৰ অষ্ট্ৰেলিয়া আৰু ৱেষ্ট ইণ্ডিজৰ মাজত খেলা হৈছিল।
  4. ভাৰতীয় দলটোৱে এই টেষ্টকে ধৰি 19 বাৰ 10 উইকেটত টেষ্ট মেচত পৰাজিত হৈছে। কেৱল ইংলেণ্ডে ভাৰততকৈ অধিক, 25 বাৰ 10 উইকেট উইকেটত পৰাজিত হৈছে, আনহাতে দহ উইকেটত জয়ৰ ক্ষেত্ৰত অষ্ট্ৰেলিয়াই টেষ্টত 32 বাৰ জয় লাভ কৰি শীৰ্ষত আছে।
  5. এনেকুৱা চতুৰ্থবাৰ হৈছে যেতিয়া সাত নম্বৰ বা তাৰ তলৰ বেটছমেনে ভাৰতৰ দুয়োটা ইনিংছত সৰ্বাধিক ৰাণ সংগ্ৰহ কৰিছে, যাৰ ভিতৰত আছে এডিলেইডত নীতিশ কুমাৰ ৰেড্ডীৰ স্ক'ৰ। আগৰ তিনিবাৰ এই ঘটনা ইংলেণ্ডৰ বিৰুদ্ধে ঘটিছিল যেতিয়া চান্দু বোৰ্ডেই 1961 চনত ইডেন গাৰ্ডেনছত, এম এছ ধোনীয়ে 2011 চনৰ বাৰ্মিংহাম টেষ্টত আৰু আৰ অশ্বিনে 2018 চনত লৰ্ডছত এই কাম কৰিছিল।
  6. নীতিশ কুমাৰ ৰেড্ডী তেওঁৰ প্ৰথম চাৰিখন টেষ্ট ইনিংছৰ তিনিটাত শীৰ্ষ স্কোৰাৰ হোৱা সামগ্ৰিকভাৱে কেৱল দ্বিতীয় ভাৰতীয় আৰু অষ্টমগৰাকী খেলুৱৈ। ১৯৭১ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে সুনীল গাভাস্কাৰে এইটো কৰিছিল।
  7. এডিলেইড ওভেলত অষ্ট্ৰেলিয়াৰ জয়-পৰাজয়ৰ সংখ্যা নিখুঁত 100 শতাংশ অৰ্থাৎ 8-0 আনহাতে পিংক বল টেষ্টত সংখ্যাটো 12-1 ৷ অষ্ট্ৰেলিয়াৰ একমাত্ৰ পৰাজয় এই বছৰ ব্ৰিছবেনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আহিছিল।
  8. ভাৰতে এডিলেইডত 486 টা বল বেটিং কৰিছিল, যি দুবাৰ অল আউট হোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ চতুৰ্থ সৰ্বনিম্ন। দুবাৰ অল আউটৰ ক্ষেত্ৰত ভাৰতৰ সৰ্বনিম্ন প্ৰদৰ্শন হৈছে 349 টা বল, যিটো 1952 চনত মানচেষ্টাৰ টেষ্টত ইংলেণ্ডৰ বিৰুদ্ধে আহিছিল।
  9. নেথান লিয়ন আৰু মিচেল মাৰ্শে এডিলেইড টেষ্টত ভাৰতৰ বিৰুদ্ধে মাত্ৰ 30 টা বল কৰে, যি 1903 চনৰ পিছত অষ্ট্ৰেলিয়াৰ বাবে তৃতীয় সৰ্বনিম্ন। মাৰ্ক ৱ’ আৰু গ্ৰেগ মেথিউজৱে ১৯১১ চনৰ ৱাকা টেষ্টত ইংলেণ্ডৰ বিৰুদ্ধে মাত্ৰ ১৮ টা বল কৰিছিল, আনহাতে ৰে ব্ৰাইটে ১৯৮১ চনৰ লিডছ টেষ্টত মাত্ৰ ২৪ টা বল হে কৰিছিল।
  10. নেথান লিয়নে এডিলেড টেষ্টত মাত্ৰ ছয়টা বল কৰিছিল, যিটো টেষ্ট মেচত তেওঁৰ দ্বাৰা দ্বিতীয় সৰ্বনিম্ন, তেওঁ 2022 ৰ হোবাৰ্ট টেষ্টত এটাও বল কৰা নাছিল।

লগতে পঢ়ক: এডিলেইড টেষ্টত পৰাজয়; ডব্লিউ টি চি পইণ্ট তালিকাত অৱনমিত ভাৰত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.