ETV Bharat / sports

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী ক্ৰিকেটাৰৰ তালিকাত কাৰ নাম... - ASIAN CRICKETER SCORED MOST RUNS

author img

By ETV Bharat Sports Team

Published : Aug 20, 2024, 3:10 PM IST

Most International Runs in Asia continent: ক্ৰিকেট জগতৰ বাবে তেনেই চিনাকী 5 গৰাকী এছিয়ান ক্ৰিকেটাৰ, যাৰ নামত আছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ৰাণ সংগ্ৰহৰ অভিলেখ ৷ এই তালিকাত আছে ভাৰতৰ দুগৰাকী ক্ৰিকেটাৰৰ নাম ৷ লগতে আছে শ্ৰীলংকাৰ তিনিগৰাকী ক্ৰিকেটাৰ ৷ এই ক্ৰিকেটাৰসকলৰ নামসমূহ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

ASIAN CRICKETER SCORED MOST RUNS
ভাৰত, শ্ৰীলংকা আৰু পাকিস্তানৰ দল (IANS PHOTOS)

স্প’ৰ্টছ ডেস্ক, 20 আগষ্ট: বহুকেইগৰাকী কিংবদন্তী ক্ৰিকেটাৰে ক্ৰিকেটজগতত নিজৰ নাম সুকীয়াকৈ খোদিত কৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰ ভিতৰত বিশেষভাৱে আছে ভাৰত, শ্ৰীলংকা, পাকিস্তান আৰু বাংলাদেশৰ খেলুৱৈসকল ।

কিন্তু আন একাংশ খেলুৱৈ আছে, যিয়ে এছিয়ান ক্ৰিকেটাৰ হিচাপে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰীৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে ৷ আজি আমি আপোনালোকক এনে কেইগৰাকীমান এছিয়ান বেটছমেনৰ বিষয়ে জনাম, যাৰ নামত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ৰাণ সংগ্ৰহৰ অভিলেখ আছে ৷

ভাৰতীয় ক্ৰিকেটপ্ৰেমীসকলৰ বাবে গৌৰৱৰ বিষয় যে, ক্ৰিকেটৰ ভগৱানস্বৰূপ শচীন তেণ্ডুলকাৰ আছে এই তালিকাৰ শীৰ্ষস্থানত ৷

  1. শচীন তেণ্ডুলকাৰ: ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন বেটছমেন তথা মাষ্টাৰ ব্লাষ্টাৰ খ্যাত শচীন তেণ্ডুলকাৰ এছিয়াৰ সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় ৰাণ সংগ্ৰহকাৰী । শচীনে 475 টা ইনিংছত 21,741 ৰাণ সংগ্ৰহ কৰিছে । ইয়াৰ লগতে তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটতো সৰ্বাধিক শতক অৰ্জন কৰিছে । তেওঁ বিশ্বৰ একমাত্ৰ ক্ৰিকেটাৰ, যাৰ নামত লিপিবদ্ধ আছে 100 টা শতক ।
    ASIAN CRICKETER SCORED MOST RUNS
    মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰ (ANI PHOTOS)
  2. কুমাৰ ছাংগাকাৰা: শ্ৰীলংকাৰ প্ৰাক্তন অধিনায়ক তথা অভিজ্ঞ বাওঁহতীয়া বেটছমেন কুমাৰ ছাংগাকাৰা এছিয়ান বেটছমেন হিচাপে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দ্বিতীয় সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী । তেওঁ 410 টা ইনিংছত 18,423 ৰাণ সংগ্ৰহ কৰিছে । তেওঁৰ নামতো আছে আন বহু অভিলেখ ৷
    ASIAN CRICKETER SCORED MOST RUNS
    কুমাৰ ছাংগাকাৰা (IANS PHOTOS)
  3. মাহেলা জয়বৰ্ধনে: এছিয়ান ক্ৰিকেটাৰসকলৰ ভিতৰত তৃতীয় সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী হৈছে শ্ৰীলংকাৰ মাহেলা জয়বৰ্ধনে । প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে 439 টা আন্তঃৰাষ্ট্ৰীয় ইনিংছত 17,386 ৰাণ সংগ্ৰহ কৰিছে । শ্ৰীলংকাৰ পৰা এছিয়াৰ দ্বিতীয় সৰ্বাধিক ৰাণ সংগ্ৰহকাৰীত পৰিণত হৈছে প্ৰাক্তন ক্ৰিকেটাৰগৰাকী ।
    ASIAN CRICKETER SCORED MOST RUNS
    মাহেলা জয়বৰ্ধনে আৰু কুমাৰ ছাংগাকাৰা (ANI PHOTOS)
  4. বিৰাট কোহলী: ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা বেটছমেন বিৰাট কোহলীকো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে । আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ৰাণ সংগ্ৰহ কৰা বিৰাট এছিয়াৰ চতুৰ্থগৰাকী বেটছমেন । তেওঁ বৰ্তমানলৈকে ভাৰতৰ হৈ খেলি 328 টা ইনিংছত সংগ্ৰহ কৰিছে 15,776 ৰাণ । কোহলীয়ে শ্ৰীলংকাৰ জয়বৰ্ধনে আৰু ছাংগাকাৰাক অতিক্ৰম কৰাৰ সুযোগ লাভ কৰিব, কিয়নো তেওঁ এতিয়াও ভাৰতৰ হৈ টেষ্ট আৰু এদিনীয়া ক্ৰিকেট খেলি আছে ।
    ASIAN CRICKETER SCORED MOST RUNS
    বিৰাট কোহলী (ANI PHOTOS)
  5. সনথ জয়সূৰ্য: শ্ৰীলংকাৰ সনথ জয়সূৰ্য হৈছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ৰাণ সংগ্ৰহ কৰা এছিয়াৰ পঞ্চমগৰাকী ক্ৰিকেটাৰ । জয়সূৰ্যই 398 টা ইনিংছত 13,757 ৰাণ সংগ্ৰহ কৰিছে । প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে বৰ্তমান শ্ৰীলংকাৰ ক্ৰিকেট দলৰ প্ৰশিক্ষকৰ ভূমিকা পালন কৰি আছে ৷
    ASIAN CRICKETER SCORED MOST RUNS
    সনথ জয়সূৰ্য (ANI PHOTOS)

লগতে পঢ়ক: ৰূপালী পৰ্দাত দেখিবলৈ পাব যুৱৰাজ সিঙৰ কাহিনী: অচিৰে নিৰ্মাণ হ’ব ক্ৰিকেটাৰগৰাকীৰ জীৱনীভিত্তিক চলচিত্ৰ - YUVRAJ SINGH BIOPIC

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.