ETV Bharat / sports

অবিশ্বাস্য: আই পি এলৰ বিজয়ীতকৈও অধিক ধন লাভ ইউ এছ অ’পেনৰ খিতাপ বিজয়ীৰ - US OPEN 2024

author img

By ETV Bharat Sports Team

Published : Sep 8, 2024, 2:43 PM IST

US Open 2024 winner Aryna Sabalenka Prize Money: ইউ এছ অ’পেনৰ মহিলাৰ ছিংগলছ শাখাত চূড়ান্ত খিতাপ দখল আৰ্যনা ছাবালেংকাৰ ৷ টেনিছ তাৰকাগৰাকীয়ে জেছিকা পেগুলাক পোনপটীয়া ছেটত পৰাস্ত কৰি কেৰিয়াৰৰ প্ৰথমটো ইউ এছ অ’পেনৰ খিতাপ জয় কৰে । এই খিতাপ জয়ৰ পিছত তাৰকাগৰাকীক পুৰস্কাৰৰ লগতে দিয়া হৈছে অবিশ্বাস্য পৰিমাণৰ ধন ৷

US OPEN 2024
আৰ্যনা ছাবালেংকা (AP Photo)

স্প’ৰ্টছ ডেস্ক, 8 ছেপ্টেম্বৰ: শনিবাৰে এক ৰোমাঞ্চকৰ খেলত বেলাৰুছৰ আৰ্যনা ছাবালেংকাই আমেৰিকাৰ জেছিকা পেগুলাক 7-5, 7-5 ৰ ব্যৱধানত পোনপটীয়া ছেটত পৰাস্ত কৰি কেৰিয়াৰৰ প্ৰথমটো ইউ এছ অ’পেন খিতাপ অৰ্জন কৰে ।

তৃতীয়টো গ্ৰেণ্ড শ্লেম খিতাপ দখল কৰি আৱেগিক হৈ পৰি তাৰকাগৰাকী । ছাবালেংকাই যোৱা বছৰ ইউ এছ অ’পেনৰ ফাইনেলত আৰু দুবছৰ পূৰ্বে একেখন গ্ৰেণ্ড শ্লেমৰে ছেমি ফাইনেলত কোকো গাউফৰ বিৰুদ্ধে পৰাজিত হৈছিল ।

এটা ছিজনত দুটাকৈ কঠিন প্ৰত্যাহ্বানৰ বিৰুদ্ধে জয়ী হোৱা প্ৰথমগৰাকী খেলুৱৈ

ইউ এছ অ’পেন 2024 ৰ মহিলা একক শাখাৰ চূড়ান্ত খেলখন অতি ৰোমাঞ্চকৰ আছিল । 0-3 ত পিছ পৰি দ্বিতীয় ছেটত ব্ৰেক পইণ্টৰ সন্মুখীন হোৱা স্বত্বেও পেগুলাই চমৎকাৰ প্ৰদৰ্শনৰে প্ৰত্যাৱৰ্তন ঘটাই খেলখনত 5-3 ৰ অগ্ৰগতি লাভ কৰে । কিন্তু খেলখনৰ অন্তিম ৰাউণ্ডত আমেৰিকাৰ প্ৰতিপক্ষক ধৰাশায়ী কৰি বিজয়ীৰ মুকুট পৰিধান কৰে বেলাৰুছৰ ছাবালেংকাই ৷

26 বছৰীয়া খেলুৱৈগৰাকী এঞ্জেলিক কেৰ্বৰৰ পিছত একেটা ছিজনত দুটাকৈ কঠিন প্ৰত্যাহ্বানৰ বিৰুদ্ধে জয় লাভ কৰা প্ৰথমগৰাকী মহিলা খেলুৱৈত পৰিণত হয়, যিয়ে 2016 চনত এই কৃতিত্ব অৰ্জন কৰিছিল ।

আই পি এল চেম্পিয়ন কে কে আৰ-তকৈও অধিক পুৰষ্কাৰৰ ধন লাভ

ছাবালেংকাই চূড়ান্ত বিজয়ী হিচাপে লাভ কৰিছে 3.6 নিযুত ডলাৰ(ভাৰতীয় হিচাপত প্ৰায় 30 কোটি 23 লাখ টকা) ৰ চেক, যি যোৱা বছৰৰ তুলনাত 20 শতাংশ বেছি । আনহাতে, ৰাণাৰ আপ আমেৰিকাৰ পেগুলাই লাভ কৰিছে 1.8 নিযুত ডলাৰ(15 কোটি 11 লাখ টকা) ৷

ছাবালেংকাই লাভ কৰা পুৰষ্কাৰৰ ধন ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ(আই পি এল) 2024 ৰ চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছতকৈও অধিক, যিয়ে লাভ কৰিছিল 20 কোটি টকাৰ পুৰস্কাৰ ।

সপোন দেখক আৰু কঠোৰ পৰিশ্ৰম কৰি থাকক

ইউ এছ অ’পেনত পদক জয় কৰাৰ পিছত ছাবালেংকাই কয়, "হে ভগৱান । মই এই মুহূৰ্তত নিৰ্বাক । কেতিয়াবা মই ভাবিছিলো যে, মই এই জয়ৰ নিচেই ওচৰত আছো । এইটো মোৰ সপোন আছিল । অৱশেষত মই এই ধুনীয়া ট্ৰফীটো পালো... ইয়াৰ অৰ্থ বহুত । এইটো কেইসপ্তাহমান কঠিন আছিল" ৷

বিগত দুটা অষ্ট্ৰেলিয়ান অ’পেনৰ খিতাপ জয় কৰা ছাবালেংকাই পুনৰ কৈছিল যে, "যোৱা বছৰৰ সকলো কঠিন পৰাজয় মোৰ মনত আছে... এইটো সহজ যেন লাগিব ৷ কিন্তু কেতিয়াও আপোনাৰ সপোন এৰি নিদিব । সপোন দেখি থাকিব আৰু কঠোৰ পৰিশ্ৰম কৰি থাকিব । যদি আপুনি সঁচাকৈয়ে কঠোৰ পৰিশ্ৰম কৰি আছে আৰু আপোনাৰ সপোনৰ বাবে সকলো ত্যাগ কৰিছে, আপুনি এদিন ইয়াক লাভ কৰিব । মই নিজকে লৈ বহুত গৌৰৱান্বিত । মই কেতিয়াও এনে কোৱা নাই" ৷

লগতে পঢ়ক: টি 20 ৰ শেষৰ পাঁচ অভাৰত সৰ্বাধিক ছয়ৰ অভিলেখ: শীৰ্ষত কেইবাজনো ভাৰতীয় - MOST SIXES FOR INDIA

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.