ETV Bharat / sports

অলিম্পিকৰ বাবে যোগ্যতা অৰ্জনত ব্যৰ্থ ব্ৰাজিল - Brazil mens football team

Brazil mens football team: ব্ৰাজিলৰ পুৰুষৰ ফুটবল দলৰ অনুৰাগীৰ বাবে হতাশাজনক খবৰ । পেৰিছ অলিম্পিকত আপুনি দেখা নাপাব বিশ্বজুৰি চৰ্চিত ব্ৰাজিলক । কোৱালিফায়াৰত আৰ্জেণ্টিনাৰ হাতত পৰাস্ত হৈ অলিম্পিকৰ সুযোগ হেৰুৱালে ব্ৰাজিলে ।

Brazil mens football team
অলিম্পিকৰ বাবে যোগ্যতা অৰ্জনত ব্যৰ্থ ব্ৰাজিল
author img

By ETV Bharat Assamese Team

Published : Feb 12, 2024, 2:25 PM IST

স্পৰ্টছ ডেস্ক,১২ ফেব্ৰুৱাৰী : ব্ৰাজিল ফুটবল দলৰ অনুৰাগীৰ বাবে বেয়া খবৰ । আগন্তুক পেৰিছ অলিম্পিকৰ প্ৰতিযোগিতাবোৰত দেখা নাযাব ব্ৰাজিলক । অলিম্পিকৰ কোৱালিফায়াৰত হতাশ হ'বলগীয়া হ'ল ব্ৰাজিল । আঞ্চলিক প্ৰতিদ্বন্দ্বী আৰ্জেণ্টিনাৰ হাতত পৰাস্ত ব্ৰাজিল । আৰ্জেণ্টিনাৰ হাতত ১-০ গ'লত পৰাজিত হোৱাৰ পিচতে পেৰিছ অলিম্পিক পুৰুষৰ ফুটবল খিতাপৰ যুঁজত অৱতীৰ্ণ হ'ব নোৱাৰিব ব্ৰাজিল ।

নিৰ্ণায়ক দক্ষিণ আমেৰিকাৰ অলিম্পিক কোৱালিফায়াৰত লুচিয়ানো গণ্ডৌৱে আৰ্জেণ্টিনাৰ ২৩ অনূৰ্ধ্বৰ দলৰ হৈ বিজয়ী গ'লটো দিয়ে । কাৰাকাচৰ ব্ৰিগিডো ইৰিয়াৰ্টে ষ্টেডিয়ামত অনুষ্ঠিত নিৰ্ণায়ক খেলখনত ৭৮ মিনিটত তেওঁ গ'লটো কৰিবলৈ সক্ষম হয় । ব্ৰাজিলে ৰিঅ' ডি জেনেৰিঅ' আৰু টকিঅ' অলিম্পিকত পুৰুষৰ ফুটবলত স্বৰ্ণ জয় কৰিছিল ।

ফুটবলৰ পুৰুষৰ শিতানত পেৰিছ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ দক্ষিণ আমেৰিকাৰ হাতত দুটা স্থান আছিল । ইতিমধ্যে ৭ পইণ্টৰ সৈতে পেৰাগুৱে দলটো তালিকাৰ শীৰ্ষত আছে । দেওবাৰে আয়োজক ভেনিজুৱেলাৰ বিৰুদ্ধে ২-০ গ'লত জয় লাভ কৰি অন্তিম গ্ৰুপ পৰ্যায়ৰ তালিকাৰ শীৰ্ষত স্থান লাভ কৰে পেৰাগুৱে দলটোৱে ।

দুখন ডাঙৰ মহাদেশীয় প্ৰতিদ্বন্দ্বীৰ দৰে তাৰকা খেলুৱৈ নথকা পেৰাগুৱেৰ দলটোৱেও ব্ৰাজিলক পৰাস্ত কৰি ফ্ৰান্সৰ হৈ নিজৰ স্থান সুৰক্ষিত কৰে । আৰ্জেণ্টিনাই ৫ পইণ্টেৰে প্ৰতিযোগিতাখন সমাপ্ত কৰে ।

উল্লেখ্য যে অলিম্পিকত ইতিমধ্যে দুবাৰকৈ স্বৰ্ণ জয় কৰা ব্ৰাজিলে ২০০৪ চনত শেষবাৰৰ বাবে অলিম্পিকৰ যোগ্যতা অৰ্জনত ব্যৰ্থ হৈছিল । ইফালে আৰ্জেণ্টিনাই ২০০৪ চনৰ এথেন্স আৰু ২০০৮ চনৰ বেইজিং অলিম্পিকত পুৰুষৰ শিতানত স্বৰ্ণ জয় কৰিছিল । বেইজিঙত লিয়োনেল মেছিয়ে দলটোক নেতৃত্ব দিছিল ।

লগতে পঢ়ক :19 বছৰ অনূৰ্ধ্ব বিশ্বকাপত চেম্পিয়নৰ খিতাপ দখল অষ্ট্ৰেলিয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.