ETV Bharat / sports

পেৰিছৰ এটি ৰঙীন সন্ধিয়া : অলিম্পিকৰ প্ৰাণৱন্ত উদ্বোধনী অনুষ্ঠানেৰে ফ্ৰান্সৰ চমক - Paris olympic 2024

author img

By PTI

Published : Jul 27, 2024, 10:03 AM IST

Updated : Jul 27, 2024, 11:24 AM IST

Paris Olympics Opening Ceremony : অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানটোত 'হিন্দী' ভাষাই লাভ কৰে এক বিশেষ মৰ্যাদা । কিয়নো বিশিষ্ট ফৰাচী মহিলাসকলৰ অৱদানক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে ইনফোগ্ৰাফিক্সত ব্যৱহৃত ছয়টা ভাষাৰ ভিতৰত আছিল হিন্দীও । আনহাতে, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'নে পৰৱৰ্তী 16 দিনৰ বাবে প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে মুকলি ঘোষণা কৰে ।

Peris Olympics Opening Ceremony
উদ্বোধনী অনুষ্ঠানত ধোঁৱাৰে ছটিওৱা হয় ফ্ৰান্সৰ পতাকাৰ ৰং (Reuters Photo)

স্পৰ্টছ ডেস্ক, 27 জুলাই : শুকুৰবাৰে পেৰিছ চহৰখন এক বিশাল এম্ফিথিয়েটাৰলৈ ৰূপান্তৰিত হয় । আনহাতে, ঐতিহাসিক নদী ছেইন খেলুৱৈসকলৰ পেৰেডৰ ট্ৰেকলৈ ৰূপান্তৰ হয় । পেৰিছৰ এই ৰঙীন সন্ধিয়াটিত যেন ওঁঠ বাগৰি ওলাই আহিব খোজে, ‘‘...এন ইভিনিং ইন পেৰিছ’’ । শুকুৰবাৰে পেৰিছত 33 সংখ্যক অলিম্পিক গেমছৰ বাবে এক আকৰ্ষণীয় উদ্বোধনী অনুষ্ঠানত ফ্ৰান্সে নিজৰ সাংস্কৃতিক বৈচিত্ৰ্য, বৈপ্লৱিক মনোভাব, অনবদ্য কাৰুশিল্প আৰু স্থাপত্য ঐতিহ্য প্ৰদৰ্শন কৰে ।

‘‘পেৰেড অব নেচনছ’’ আৰম্ভ হোৱাৰ লগে লগে যেন বিভিন্ন দেশৰ পৰম্পৰাৰ সূতাৰে বোৱা এখনি বহুৰঙী বুটাবছা চাদৰৰ দৰে হৈ পৰে ছেইন নদী । এই পেৰেডত 205 খন দেশৰ খেলুৱৈ আৰু এটা শৰণাৰ্থী দলে ধাৰাসাৰ বৰষুণকো নেওচি নাৱত অংশগ্ৰহণ কৰে ।

'ভগ্নিত্ব' (Sisterhood) শীৰ্ষক অনুষ্ঠানটোত 'হিন্দী' ভাষাই লাভ কৰে এক বিশেষ মৰ্যাদা । কিয়নো বিশিষ্ট ফৰাচী মহিলাসকলৰ অৱদানক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে ইনফোগ্ৰাফিক্সত ব্যৱহৃত ছয়টা ভাষাৰ ভিতৰত আছিল হিন্দীও । ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'নে পৰৱৰ্তী 16 দিনৰ বাবে প্ৰতিযোগিতা আনুষ্ঠানিকভাৱে মুকলি ঘোষণা কৰে ।

চাৰি ঘণ্টা ধৰি চলা আৰম্ভণি অনুষ্ঠানৰ অন্তিম মুহূৰ্তলৈকে গোপনে ৰখাৰ পিচত ফ্ৰান্সৰ মহান জুডো খেলুৱৈ টেডি ৰিনাৰ আৰু স্প্ৰিণ্ট কিংবদন্তী মেৰী-জোছ পেৰেকে যুটীয়াভাৱে অলিম্পিক কলহত অগ্নিসংযোগ কৰে, যিটো হৈছে লিংগ-নিৰপেক্ষ খেলৰ প্ৰতীক । কলহটো এটা বিশাল গৰম-বায়ুৰ বেলুনৰ সৈতে সংলগ্ন কৰা হৈছিল আৰু নিশাৰ পেৰিছৰ আকাশত উৰি আছিল ।

তাৰ পূৰ্বে ফৰাচী ফুটবলৰ কিংবদন্তী জিনেদিন জিদানে স্পেনিছ টেনিছ চুপাৰষ্টাৰ ৰাফেল নাদালক অলিম্পিক শিখা প্ৰদান কৰে । তেওঁ আন এগৰাকী টেনিছ কিংবদন্তী ছেৰেনা উইলিয়ামছ আৰু প্ৰাক্তন ট্ৰেক তাৰকা কাৰ্ল লুইছৰ সৈতে এই শিখা লৈ ছেইনলৈ যাত্ৰা কৰে । 100 বছৰ বয়সীয়া সবাতোকৈ বয়সস্থ ফৰাচী অলিম্পিক চেম্পিয়ন চাৰ্লছ কষ্টে ৰিনাৰ আৰু পেৰেকক এই শিখা হস্তান্তৰ কৰাৰ পূৰ্বে এক ডজনতকৈও অধিক প্ৰাক্তন ফৰাচী ক্ৰীড়া মহান খেলুৱৈৰ হাত বাগৰি যায় এই শিখা ।

লগতে পঢ়ক :বিশ্ব ক্ৰীড়া মহাৰণৰ আড়ম্বৰপূৰ্ণ আৰম্ভণি অনুষ্ঠানত উজলিল ভাৰতীয় দল - PARIS OLYMPICS 2024

অগতানুগতিক আৰু আড়ম্বৰপূৰ্ণ উদ্বোধনী অনুষ্ঠানৰ মুখ্য আকৰ্ষণ আছিল নিঃসন্দেহে ছেইন নদীত খেলুৱৈসকলৰ সমদল । বিশ্বকাপ বিজয়ী ফুটবল কিংবদন্তী জিনেদিন জিদানক পূৰ্বে ৰেকৰ্ড কৰা এটা ভিডিঅ'ত অলিম্পিকৰ শিখাৰে পেৰিছৰ ৰাজপথত দৌৰি থকা দেখুওৱাৰ পিচত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ন আৰু আন্তৰ্জাতিক অলিম্পিক সমিতিৰ মুৰব্বী থমাছ বাখক কেমেৰা পেনিং কৰি অনুষ্ঠানটো আৰম্ভ হয় ।

আনহাতে, 6 কিলোমিটাৰজোৰা পেৰেডটো অষ্টাৰলিটজ দলঙৰ পৰা আৰম্ভ হয় আৰু 85 খন নাৱে সমবেত জনতাৰ প্ৰচণ্ড হৰ্যোল্লাসৰ মাজত 6800 তকৈও অধিক খেলুৱৈক কঢ়িয়াই লৈ যায় । অৱশ্যে শনিবাৰে কেইটামান বিভাগৰ প্ৰতিযোগিতাৰ বাবে বহুসংখ্যক খেলুৱৈয়ে এই অবিস্মৰণীয় অনুষ্ঠানটোৰ পৰা বঞ্চিত হয় ।

পেৰেডৰ আগমনৰ ক্ৰম ফৰাচী বৰ্ণানুক্ৰম অনুসৰি হয় । অলিম্পিকৰ আধ্যাত্মিক ঘৰ হোৱাৰ বাবে প্ৰথমে উপস্থিত হয় গ্ৰীচ । তাৰ পিচত শৰণাৰ্থী দল । আয়োজক দেশ হিচাপে ফ্ৰান্সে ঘৰুৱা জনতাৰ পৰা তীব্ৰ অভিবাদন লাভ কৰে । 2028 চনৰ অলিম্পিকৰ আয়োজক আমেৰিকা ফ্ৰান্সৰ আগত আছিল । আনহাতে, 2032 চনৰ অলিম্পিক আয়োজনক অষ্ট্ৰেলিয়া আমেৰিকাৰ ঠিক পূৰ্বে আহিছিল ।

ভাৰতীয় দলটোৰ নেতৃত্ব দিয়ে দুগৰাকী ধ্বজাবাহকে । দুবাৰকৈ অলিম্পিক পদক বিজয়ী পি ভি সিন্ধু আৰু টেবুল টেনিছ কিংবদন্তী এ শৰথ কমলে নেতৃত্ব দিয়া ভাৰতীয় দলটো 84 নম্বৰ স্থানত আহে । দলটোৰ মহিলাসকলক শাৰী পৰিধান কৰাৰ বিপৰীতে পুৰুষসকলে পৰম্পৰাগত 'কুৰ্তা-পাইজামা' পৰিধান কৰে ।

অনুষ্ঠানটোত মুঠ 78 গৰাকী ভাৰতীয় খেলুৱৈ তথা বিষয়াই অংশগ্ৰহণ কৰে । নাওবোৰে চহৰখনৰ ঐতিহাসিক সমল যেনে নটৰ ডামৰ পুনৰুদ্ধাৰ কৰা কেথেড্ৰেলৰ মাজেৰে পাৰ হৈ যায়, যিটো পাঁচ বছৰ আগতে জুইত ভস্মীভূত হৈছিল । ঐতিহাসিক লুভাৰ সংগ্ৰহালয় আৰু লগতে কেইটামান অলিম্পিক স্থানৰ মাজেৰে এই পেৰেড অতিক্ৰম কৰে ।

উল্লেখ্য যে 2019 চনৰ এপ্ৰিল মাহত কেথেড্ৰেলত জুইলগা আৰু ইয়াৰ চূড়াটোৰ পতনৰ ছবিবোৰে বিশ্বক হতবাক কৰি তুলিছিল । ইফালে উদ্বোধনী অনুষ্ঠানত সমবেত জনতাক আকৰ্ষণ কৰা প্ৰথম আন্তৰ্জাতিক শিল্পীসকলৰ ভিতৰত আছিল আমেৰিকান পপ ছুপাৰষ্টাৰ লেডী গাগা । অনুষ্ঠানটো শৈল্পিক পৰিচালক থমাছ জলীয়ে পৰিচালনা কৰিছিল ।

লগতে পঢ়ক :পেৰিছ অলিম্পিক : ২৭ জুলাইৰ সম্পূৰ্ণ সূচী, জানক ভাৰতীয় খেলুৱৈৰ ইভেণ্ট আৰু সময় - Paris Olympic 2024

আনহাতে, ৰঙীন কাৰ্যসূচীৰ মাজতে এজন ৰহস্যময় শিখা বাহকো মনোযোগৰ কেন্দ্ৰবিন্দু হৈ পৰে । তেওঁ চহৰখন আৰু তাৰ আটাইতকৈ বিখ্যাত স্থানবোৰৰ চাৰিওফালে শিখাটো ঘৰি ঘূৰি ফুৰিছিল । পেৰেড পথৰ দলংবোৰত অনুৰাগীসকলৰ বাবে নৃত্য প্ৰদৰ্শন ব্যৱস্থা কৰা হয় ।

উল্লেখ্য যে, এই উদ্বোধনী অনুষ্ঠানৰ বাবে এক লাখতকৈও অধিক টিকট বিক্ৰী হোৱাৰ উপৰি দুই লাখতকৈও অধিক বিনামূলীয়া টিকট বিতৰণ কৰা হৈছিল । মননাই ডি পেৰিছৰ কৰ্মশালাৰ এক আভাস প্ৰদান কৰা হয়, য'ত গেমছৰ বাবে পদক প্ৰস্তুত কৰা হৈছে । চহৰখনৰ বিখ্যাত কাৰুশিল্পক সন্মান জনোৱাৰ বাবে ইয়াক উপস্থাপন কৰা হয় ।

উল্লেখ্য যে গেমছৰ 2024 সংস্কৰণৰ বাবে মুঠ 5,084 টা পদক প্ৰস্তুত কৰা হৈছে আৰু সেই সকলোতে আইফেল টাৱাৰৰ এটাকৈ টুকুৰা আছে ৷ অনুষ্ঠানটোত 'মুক্তি' শীৰ্ষক খণ্ডটোত এক ৰাজনৈতিক বিষয়বস্তুও আছিল । তাত অষ্টাদশ শতিকাৰ 'ফৰাচী বিপ্লৱ'ৰ এক অৱলোকন দাঙি ধৰা হয় । এই ফৰাচী বিপ্লৱ তদানীন্তন ৰাজতন্ত্ৰৰ ৰজা ষোড়শ লুইৰ ক্ষমতাৰ অপব্যৱহাৰৰ ফলত আৰম্ভ হৈছিল ।

আয়োজকসকলে পূৰ্বতেই এক অবিস্মৰণীয় দৃশ্যায়নৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল । অভূতপূৰ্ব লজিষ্টিক আৰু নিৰাপত্তা প্ৰত্যাহ্বান অতিক্ৰম কৰি সমগ্ৰ চহৰখনক আকৰ্ষণীয় অনুষ্ঠানস্থলী হিচাপে গঢ়ি তুলিবলৈ তেওঁলোকে চেষ্টাৰ কোনো ত্ৰুটি এৰা নাই । আনহাতে, আয়োজকসকলে দাবী কৰিছে যে এই অনুষ্ঠানটো অলিম্পিক ইতিহাসৰ আটাইতকৈ ডাঙৰ অনুষ্ঠান হ'ব । কিয়নো ৩ লাখতকৈও অধিক লোকে ছেইন নদীৰ পাৰত অনুষ্ঠান উপভোগ কৰাৰ লগতে কোটি কোটি লোকে দূৰদৰ্শনত ইয়াক উপভোগ কৰে ।

উল্লেখ্য যে ১৯০০ আৰু ১৯২৪ চনৰ পিচত পেৰিছে তৃতীয়বাৰৰ বাবে অলিম্পিক আয়োজন কৰিছে । আনহাতে, এই ক্ৰীড়াত ভাৰতক 47 গৰাকী মহিলাসহ 117 গাকী খেলুৱৈয়ে প্ৰতিনিধিত্ব কৰিছে ।

লগতে পঢ়ক :ভাৰতৰ ধ্বজাবাহক হোৱাটো মোৰ বাবে অন্যতম ডাঙৰ সন্মান : পি ভি সিন্ধু - Paris Olympics 2024

Last Updated : Jul 27, 2024, 11:24 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.