ETV Bharat / sports

কুস্তিত ব্ৰঞ্জ অৰ্জনেৰে অলিম্পিক পদক বিজয়ী সৰ্বকনিষ্ঠ ভাৰতীয়ত পৰিণত অমন চেহৰাৱত - Paris Olympics 2024

author img

By ETV Bharat Sports Team

Published : Aug 10, 2024, 6:37 AM IST

Aman Sehrawat Clinches Bronze : অমন চেহৰাৱতে পুৰুষৰ ৫৭ কিলোগ্ৰাম ফ্ৰীষ্টাইল শাখাত পুৱেৰ্টো ৰিকোৰ ডাৰিয়ান ক্ৰুজৰ বিৰুদ্ধে ১৩-৫ ব্যৱধানত জয়েৰে ব্ৰঞ্জৰ পদক অৰ্জন কৰে । ভাৰতে বিনেশ ফোগাটৰ অযোগ্যতাৰ বাবে পদক হেৰুওৱাৰ পিছত একমাত্ৰ ভাৰতীয় মল্লযোদ্ধা হিচাপে তেওঁ এই পদক লাভ কৰে ।

Aman Sehrawat Clinches Bronze
অমন চেহৰাৱত (AP Photo)

স্পৰ্টছ ডেস্ক, ১০ আগষ্ট : চলিত পেৰিছ অলিম্পিকত শুকুৰবাৰে পুৰুষৰ ৫৭ কিলোগ্ৰাম শাখাৰ প্লে'-অফ বাউটত পুৱেৰ্টো ৰিকান মল্লযোদ্ধা ডাৰিয়ান টই ক্ৰুজক পৰাস্ত কৰি দেশৰ তৰুণ মল্লযোদ্ধা অমন চেহৰাৱতে ব্ৰঞ্জৰ পদক অৰ্জন কৰে ।

ব্ৰঞ্জৰ পদকৰ মেচখনত অমনে পুৱেৰ্টো ৰিকান প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে ১৩-৫ ব্যৱধানত বিজয় সাব্যস্ত কৰে । আনহাতে, এই বিজয়ৰ জৰিয়তে অমনে অলিম্পিকত ভাৰতৰ হৈ পদক জয় কৰা সৰ্বকনিষ্ঠ ভাৰতীয় হিচাপে পৰিগণিত হয় । লগতে কুস্তিত ভাৰতৰ পদক জয়ৰ ধাৰা অব্যাহত ৰাখে ।

তেওঁ ২১ বছৰ আৰু ২৪ দিনত অলিম্পিক পদক জয় কৰে । ইয়াৰ পূৰ্বে শ্বাটলাৰ পি ভি সিন্ধুৱে ২০১৬ চনৰ ৰিঅ' অলিম্পিক গেমছত ২১ বছৰ ৪ মাহত অলিম্পিক পদক জয় কৰিছিল ।

উল্লেখ্য যে, ছেমি ফাইনেলত এক প্ৰত্যাহ্বানমূলক যুঁজত পৰাজয়ৰ পিচত অমনে ব্ৰঞ্জৰ পদকৰ মেচখনত প্ৰতিদ্বন্দ্বিতা কৰিছিল । ছেমি ফাইনেল মেচখনত তেওঁ ২০১৬ চনৰ ৰিঅ'অলিম্পিকৰ ৰূপৰ পদক বিজয়ী তথা প্ৰাক্তন বিশ্ব চেম্পিয়ন জাপানৰ ৰেই হিগুচিৰ মুখামুখি হৈছিল । অৱশ্যে যথেষ্ট সাহসিকতাৰে যুঁজিও হিগুচিয়ে প্ৰদৰ্শন কৰা কাৰিকৰী শ্ৰেষ্ঠতাৰ ফলত অমন ০-10 ব্যৱধানত পৰাস্ত হৈছিল ।

প্ৰতিযোগিতাখনৰ পূৰ্বে অমনে তেওঁৰ প্ৰাৰম্ভিক মেচবোৰ সহজে জয় কৰি নিজৰ দক্ষতা আৰু দৃঢ়তা প্ৰদৰ্শন কৰিছিল । তেওঁ প্ৰাক্তন ইউৰোপীয় চেম্পিয়ন মেচিডোনিয়াৰ ভ্লাদিমিৰ ইগোৰভক প্ৰাক-কোৱাৰ্টাৰ ফাইনেল বাউটত 10-0 ব্যৱধানত নিজৰ কাৰিকৰী শ্ৰেষ্ঠতাৰে পৰাস্ত কৰিছিল । ইয়াৰ পিচত অমনে কোৱাৰ্টাৰ ফাইনেলত ১২-০ পইণ্টৰ বিশাল ব্যৱধানেৰে বিজয় সাব্যস্ত কৰিছিল । মেচখনত তেওঁ প্ৰাক্তন বিশ্ব চেম্পিয়ন তথা বিশ্ব ৰেংকিঙৰ চতুৰ্থ স্থানৰ আলবেনিয়াৰ জেলিমখান আবাকাৰভক পৰাস্ত কৰি ছেমি ফাইনেলত উপনীত হৈছিল ।

আনহাতে, ২১ বছৰীয়া অমন পেৰিছ গেমছত পুৰুষৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা একমাত্ৰ মল্লযোদ্ধা আছিল । তেওঁ এখন ৰাষ্ট্ৰৰ নিযুত আশাৰ ভাৰ কান্ধত লৈ পেৰিছলৈ গৈছিল । উল্লেখ্য যে ২০২০ চনৰ টকিঅ' অলিম্পিকৰ ৰূপৰ পদক বিজয়ী ৰবি দাহিয়াক পৰাস্ত কৰি তেওঁ অলিম্পিকত নিজৰ স্থান অৰ্জন কৰিছিল ।

লগতে পঢ়ক :বিনেশ ফোগাটে এতিয়াও ৰূপৰ পদক লাভ কৰিব পাৰিবনে ? সিদ্ধান্ত কেতিয়া আহিব জানক - Paris Olympics 2024
লগতে পঢ়ক :তেওঁ ৰূপৰ পদক লাভৰ যোগ্য : বিনেশ ফোগাটক সমৰ্থন কৰি শচীন টেণ্ডুলকাৰৰ প্ৰতিক্ৰিয়া - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.