স্প’ৰ্টছ ডেস্ক, 16 ছেপ্টেম্বৰ: ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য নিৰ্বাচক তথা প্ৰাক্তন ক্ৰিকেটাৰ অজিত আগৰকাৰ উৎকৃষ্ট বলিং আৰু বেটিঙৰ বাবে পৰিচিত আছিল । টীম ইণ্ডিয়াৰ হৈ তিনিওটা ফৰ্মেটতে আচৰিত ধৰণৰ প্ৰদৰ্শন আগবঢ়াইছিল আগৰকাৰে ।
কিন্তু এটা সময় এনে আছিল, যেতিয়া তেওঁ অষ্ট্ৰেলিয়াৰ ক্ৰিকেট দলৰ সন্মুখত এক ৰাণ সংগ্ৰহ কৰাৰ লগে লগে ঘটিছিল এক আমোদজনক ঘটনা ৷ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে সেই মুহূৰ্তটো এনেদৰে উদযাপন কৰিছিল যেন তেওঁ শতকহে সম্পূৰ্ণ কৰিলে ৷
যেতিয়া এক ৰাণ সংগ্ৰহ কৰি শতকৰ দৰে উদযাপন কৰিছিল
ভাৰতীয় দলটো 1999 চনত গৈছিল অষ্ট্ৰেলিয়া ভ্ৰমণলৈ । সেই সময়ত অজিত আগৰকাৰ আছিল দলটোৰ এটা অংশ । প্ৰথম টেষ্ট মেচৰ দ্বিতীয় ইনিংছত শূন্যতে আউট হয় আগৰকাৰ । ইয়াৰ পিছত দ্বিতীয়খন টেষ্ট মেচৰ দুয়োটা ইনিংছতে শূন্যতে আউট হৈছিল খেলুৱৈগৰাকী ।
7 ducks in a row for Ajit Agarkar against Australia (including four consecutive first-ball dismissals).
— Cricketopia (@CricketopiaCom) March 7, 2024
Never Before, Never After.#ThrowbackThursday pic.twitter.com/o2b2oyhIbB
আনকি তৃতীয়খন মেচতো আগৰকাৰে দুয়োটা ইনিংছতে শূন্যতে পেভিলিয়নলৈ ওভতে ৷ এবছৰৰ পাছত যেতিয়া অষ্ট্ৰেলিয়াই ভাৰত ভ্ৰমণ কৰে, তেতিয়াও আগৰকাৰ দুয়োটা ইনিংছতে শূন্য ৰাণত আউট হয় ।
বিশেষকৈ ব্ৰেট লী আৰু তেওঁৰ সতীৰ্থ বলাৰসকলৰ সন্মুখত একেৰাহে 7 বাৰকৈ শূন্যত আউট হয় অজিত আগৰকাৰ । পৰৱৰ্তী সময়ত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অষ্টম ইনিংছত এক ৰাণ সংগ্ৰহ কৰে আগৰকাৰে ।
এই মুহূৰ্তটো খেলুৱৈগৰাকীয়ে এনেদৰে উপভোগ কৰিছিল, যেন তেওঁ শতকহে সংগ্ৰহ কৰে ৷ খেলুৱৈগৰাকীৰ এনে আচৰণত ষ্টেডিয়ামত উপস্থিত থকা দৰ্শকসকলে হাত তালি বজাই হাঁহিত বাগৰি পৰে ৷ এই মুহূৰ্তটো আছিল ক্ৰিকেট ইতিহাসৰ অন্যতম ধেমেলীয়া মুহূৰ্ত ।
একেৰাহে 7 টাকৈ ইনিংছত শূন্যত আউট হৈ অজিত আগৰকাৰে নিজৰ সন্মান ৰক্ষা কৰি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এক ৰাণ সংগ্ৰহ কৰি খাতা খোলে । ভাৰতৰ হৈ খেলত অংশগ্ৰহণ কৰি 26 খন টেষ্ট মেচৰ 46 ইনিংছত 58 টা উইকেট আৰু এটা শতকৰে 571 ৰাণ সংগ্ৰহ কৰিছে অজিত আগৰকাৰে । 191 খন এদিনীয়া মেচত আগৰকাৰৰ নামত আছে 288 টা উইকেট ৷ লগতে আছে 3 টা অৰ্ধশতকৰ সহায়ত সংগ্ৰহ কৰা 1,269 ৰাণ । ভাৰতৰ হৈ 4 খন টি-20 মেচ খেলি 3 টা উইকেট দখল কৰাৰ লগতে খেলুৱৈগৰাকীয়ে সংগ্ৰহ কৰিছে 15 ৰাণ ৷