ETV Bharat / sports

বিশ্বকাপ কোৱালিফায়াৰ মেচত বিতৰ্কিত গ'ল; ফিফা-এএফচিলৈ পত্ৰ ভাৰতীয় ফুটবল ফেডাৰেচনৰ - FIFA WC 2026 Qualifier

author img

By ANI

Published : Jun 12, 2024, 5:12 PM IST

AIFF Letter to FIFA and AFC : বিতৰ্কিত গ'ল আৰু ভাৰতৰ পৰাজয় সন্দৰ্ভত এ আই এফ এফে এক বিবৃতি জাৰি কৰি কয় যে যদিও জয়-পৰাজয় খেলৰ অংশ, কিন্তু কাটাৰে কৰা এটা গ'লে 'কেইটামান উত্তৰহীন প্ৰশ্নৰ সৃষ্টি কৰিছে' ।

AIFF Letter to FIFA and AFC
ভাৰতীয় ফুটবল দল (AIFF Photo)

স্পৰ্টছ ডেস্ক, ১২ জুন : ৰেফাৰীৰ এক বিতৰ্কিত গ'লৰ সিদ্ধান্তত মঙলবাৰে ভাৰতীয় ফুটবল দলটো ২০২৬ৰ ফিফা বিশ্বকাপৰ যোগ্যতা অৰ্জনৰ দৌৰৰ পৰা পথচ্যুত হয় । লগতে ২০২৭ৰ এছিয়ান কাপৰ বাবেও যোগ্যতা অৰ্জনত ব্যৰ্থ হয় । এই ঘটনাই এতিয়া ভাৰতীয় ফুটবল জগতত যেনেদৰে হতাশাৰ সৃষ্টি কৰিছে, তেনেদৰে তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে । উল্লেখ্য যে, কাটাৰৰ বিৰুদ্ধে অনুষ্ঠিত ভাৰতৰ বিশ্বকাপ ২০২৬ৰ যোগ্যতা অৰ্জনকাৰী মেচখনত ২-১ গ'লৰ ব্যৱধানত ভাৰতীয় দলটো এক অনাকাংক্ষিত পৰাজয়ৰ সন্মুখীন হ'বলগা হয় ।

আনহাতে, ফিফা ২০২৬ আৰু এএফচি এছিয়ান কাপ ২০২৭ প্ৰাৰম্ভিক যুটীয়া যোগ্যতা অৰ্জনৰ দ্বিতীয় ৰাউণ্ডৰ ভাৰতৰ কাটাৰৰ বিৰুদ্ধে অন্তিম মেচখনৰ সময়ত সৃষ্টি হোৱা বিতৰ্ক প্ৰসংগত সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনে (এ আই এফ এফ) বুধবাৰে হতাশা ব্যক্ত কৰে । উল্লেখ্য যে, এটা বল ভাৰতৰ অৰ্ধত খেলপথাৰৰ বাহিৰলৈ যোৱা সত্বেও কাটাৰৰ সপক্ষে এটা গ'ল দিয়া হৈছিল । ইয়াৰ পিচতে সুন্দৰ খেল প্ৰদৰ্শন কৰি থকা ভাৰতীয় দলটোৰ ছন্দ পতন ঘটে আৰু মেচখনত পৰাজয়বৰণ কৰিবলগা হয় ।

ফিফা বিশ্বকাপ ২০২৬ৰ বাবে যোগ্যতা অৰ্জনৰ বাবে ভাৰতৰ দৌৰ মঙলবাৰে ডোহাৰ জেছিম বিন হামাদ ষ্টেডিয়ামত অনুষ্ঠিত বিশ্বকাপ কোৱালিফায়াৰ দ্বিতীয় ৰাউণ্ডৰ গ্ৰুপ এৰ এক প্ৰতিদ্বন্দ্বিতাত থমকি ৰয় । আনহাতে, মেচখনত কাটাৰে ২-১ গ'লত জয়লাভ কৰাৰ পিচতে এতিয়া বিতৰ্কৰ সূত্ৰপাত ঘটিছে ।

ভাৰতে মেচখনৰ ৭২ মিনিটলৈকে অগ্ৰগতি লাভ কৰি আছিল । কিন্তু ইয়াৰ পিচতে কাটাৰে এক বিতৰ্কিত গ'লেৰে মেচখনত সমতা স্থাপন কৰে । বলটো খেলপথাৰৰ বাহিৰলৈ যোৱাৰ পিচত ইউচেফ আয়মেনে নেটৰ পিচফালৰ পৰা উলিয়াই আনে । আনহাতে, কাটাৰে মেচৰ অন্তিম মিনিটত আন এটা গ'ল কৰি ২-১ গ'লত জয়লাভ কৰে আৰু ইগৰ ষ্টিমাকৰ দলটোৰ যোগ্যতা অৰ্জনৰ পথ ৰুদ্ধ কৰে ।

এই বিতৰ্কিত গ'ল আৰু পৰাজয় সন্দৰ্ভত এ আই এফ এফে এক বিবৃতি জাৰি কৰি কয় যে যদিও জয়-পৰাজয় খেলৰ অংশ, কিন্তু কাটাৰে কৰা এটা গ'লে 'কেইটামান উত্তৰহীন প্ৰশ্নৰ সৃষ্টি কৰিছে' ।

"মঙলবাৰে নিশা ফিফা ২০২৬ আৰু এ এফ চি এছিয়ান কাপ ২০২৭ প্ৰাৰম্ভিক যুটীয়া যোগ্যতা অৰ্জনৰ দ্বিতীয় ৰাউণ্ডৰ অন্তিম মেচত কাটাৰৰ বিৰুদ্ধে পৰাজয় সমগ্ৰ ভাৰতীয় ফুটবল জগতৰ বাবে এক বৃহৎ হতাশাৰ কাৰণ আছিল । যদিও জয় বা পৰাজয় খেলৰ এটা অংশ আৰু আমি ইয়াক সুন্দৰভাৱে গ্ৰহণ কৰিবলৈ শিকিছোঁ, কালি নিশা ভাৰতৰ বিৰুদ্ধে কৰা দুটা গ'লৰ এটাত কেইটামান প্ৰশ্ন উত্তৰবিহীনভাৱে থাকি গ'ল ।" বিবৃতিটোত কোৱা হৈছে ।

আনহাতে, এ আই এফ এফে ইয়াৰ মুখ্য ৰেফাৰী বিষয়াৰ পৰা পৰামৰ্শ গ্ৰহণৰ পিচত ফিফাৰ কোৱালিফায়াৰৰ মুৰব্বী, এছিয়ান ফুটবল কনফেডাৰেচনৰ (এ এফ চি) ৰেফাৰীৰ মুৰব্বী, এ এফ চি প্ৰতিযোগিতাৰ মুৰব্বী আৰু মেচখনৰ বাবে দায়িত্বপ্ৰাপ্ত মেচ কমিছনাৰলৈ পত্ৰ লিখিবলৈ সিদ্ধান্ত লৈছে । লগতে তেওঁলোকক মেচৰ সময়ত হোৱা 'তত্বাৱধানত গুৰুতৰ ত্ৰুটি' বিষয়ে চাবলৈও অনুৰোধ জনাইছে, যাৰ ফলত ভাৰতে ফিফা বিশ্বকাপ কোৱালিফায়াৰৰ তৃতীয় ৰাউণ্ডত স্থান হেৰুৱাবলগা হয় ।

"আমি সৰ্বাভাৰতীয় ফুটবল ফেডাৰেচনে সদায় বিশ্বাস কৰি আহিছোঁ যে খেলৰ মনোভাৱ বজাই ৰাখিব লাগে আৰু কোনো ধৰণৰ সন্দেহ উত্থাপন নকৰাকৈ নিয়মাৱলী অনুসৰণ কৰিব লাগে । একেই স্থিতি বজাই ৰাখি আমি কাটাৰৰ বিৰুদ্ধে মেচৰ পিচত আমাৰ মুখ্য ৰেফাৰী বিষয়াৰ সৈতে আলোচনা কৰি ফিফাৰ মুৰব্বী, এ এফ চি ৰেফাৰীৰ মুৰব্বী, এ এফ চি প্ৰতিযোগিতাৰ মুৰব্বী আৰু খেলৰ মেচ কমিছনাৰলৈ পত্ৰ লিখাৰ সিদ্ধান্ত লওঁ । লগতে তেওঁলোকক খেলৰ সময়ত হোৱা গুৰুতৰ তত্বাৱধান ত্ৰুটিৰ বিষয়ে চাবলৈও অনুৰোধ কৰোঁ, যিয়ে আমাক ফিফা বিশ্বকাপ কোৱালিফায়াৰৰ তৃতীয় ৰাউণ্ডত স্থান লাভৰ পৰা বঞ্চিত কৰে ।" বিবৃতিটোত কোৱা হৈছে ।

"ঘটনাৰ গুৰুতৰ স্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আমি সকলো সংশ্লিষ্ট বিষয়াক বিষয়টোৰ পুংখানুপুংখ তদন্ত কৰিবলৈ সন্মানসহকাৰে অনুৰোধ জনাইছোঁ । তদুপৰি, আমি তেওঁলোকক অন্যায়ৰ মোকাবিলা কৰিবলৈ আৰু ক্ৰীড়া ক্ষেত্ৰত ক্ষতিপূৰণৰ সম্ভাৱনা অন্বেষণ কৰিবলৈও আহ্বান জনাইছোঁ । খেলৰ অখণ্ডতা সৰ্বাধিক হোৱাটো নিশ্চিত কৰি আমি সঁচাকৈয়ে বিশ্বাস কৰোঁ যে ফিফা আৰু এ এফ চিয়ে এই ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ ল'ব ।" বিবৃতিটোৰ সামৰণিত কোৱা হৈছে ।

উল্লেখ্য, কাটাৰে নিজৰ অগ্ৰগতিৰ ধাৰা অক্ষুণ্ণ ৰাখে আৰু ফিফা বিশ্বকাপ ২০২৬ৰ কোৱালিফায়াৰৰ তৃতীয় ৰাউণ্ডত প্ৰৱেশ কৰাৰ বাবে ভাৰতৰ আশা নিৰ্বাপিত কৰে । ভাৰতে ছয়খন মেচৰ মাত্ৰ এখন মেচত জয়লাভেৰে পাঁচ পইণ্ট লাভ কৰি গ্ৰুপ এত তিনি নম্বৰ স্থানলৈ অৱনমিত হৈছে । আনহাতে, কাটাৰ (16 পইণ্ট) আৰু কুৱেইট (7 পইণ্ট) শীৰ্ষ দুটা স্থানত আছে ।

লগতে পঢ়ক :ৰেফাৰীৰ পক্ষপাতমূলক ভূমিকাত স্বপ্নভংগ ভাৰতীয় ফুটবল দলৰ - India in FIFA WC Qualifier

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.