ETV Bharat / sports

বৰষুণৰ পানীৰে পৰিত্যক্ত খেলপথাৰ: চতুৰ্থ দিনৰ বাবেও বাতিল আফগানিস্তান-নিউজিলেণ্ডৰ মেচ - AFG VS NZ

author img

By ETV Bharat Sports Team

Published : Sep 12, 2024, 3:22 PM IST

Afghanistan vs New Zealand: গ্ৰেটাৰ নয়দা ষ্টেডিয়ামত আফগানিস্তান আৰু নিউজিলেণ্ডৰ মাজত চলি থকা একমাত্ৰ টেষ্টখনৰ চতুৰ্থ দিনৰ খেলতো ব্যাঘাত জন্মাই বৰষুণে ৷ কি পৰ্যায়ত আছে মেচখন ?

AFG VS NZ
গ্ৰেটাৰ নয়দা ষ্টেডিয়ামৰ সাম্প্ৰতিক অৱস্থা (ANI Photo)

স্প’ৰ্টছ ডেস্ক, 12 ছেপ্টেম্বৰ: বৃহস্পতিবাৰে হোৱা বৰষুণৰ বাবে আফগানিস্তান-নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত এখন টেষ্টৰ চতুৰ্থ দিনৰ খেল বাতিল কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ পুৱা 9 বজাত মেচখনৰ টছৰ সময় নিৰ্ধাৰণ কৰা হৈছিল যদিও বৰষুণৰ বাবে সেয়া বাতিল কৰিবলগীয়া হয় ৷ ক্ৰমাগত চতুৰ্থটো দিনৰ বাবে মেচখন বাতিল কৰিবলগীয়া হয় আয়োজকে ৷

বৰষুণৰ বাবে চতুৰ্থ দিনটোতো বাতিল মেচ

আফগানিস্তান ক্ৰিকেট ব'ৰ্ডে(এ চি বি) নেৰানেপেৰা বৰষুণৰ বাবে আফগানিস্তান আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ'বলগীয়া এখন টেষ্ট মেচৰ চতুৰ্থ দিনতো খেল অনুষ্ঠিত নোহোৱাৰ কথা বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰিছে ৷

বিবৃতিটোত শুকুৰবাৰে পুৱা 8 বজাত ষ্টেডিয়ামৰ মূল্যায়নৰ পিছত খেল আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হ'ব বুলি ব’ৰ্ডে উল্লেখ কৰিছে ।

ষ্টেডিয়াম সন্দৰ্ভত উত্থাপিত প্ৰশ্ন

গ্ৰেটাৰ নয়দা ষ্টেডিয়ামত পৰ্যাপ্ত সুবিধাৰ অভাৱৰ বাবে চাৰি দিনত খেলপথাৰত নপৰিল এটাও বল ৷ মেচৰ প্ৰথম দুদিনত বৰষুণৰে পানীৰে ভৰ্তি হৈ থকা খেলপথাৰৰ বাবে যথাসময়ত মেচখন আৰম্ভ কৰিব নোৱাৰিলে আয়োজকে ৷ যাৰ বাবে ষ্টেডিয়ামখনৰ সন্দৰ্ভত উত্থাপিত হৈছে বহু প্ৰশ্ন ৷

এই মেচখনৰ আয়োজকৰ দায়িত্বত আছে আফগানিস্তান আৰু তেওঁলোকে কেইটামান কাৰণত এই স্থানটো বাছনি কৰিছিল । 2017 চনত আই চি চি-ৰ পৰা টেষ্টৰ মৰ্যদা পোৱাৰ পিছত এইখন আছিল দশম টেষ্ট মেচ । আফগানিস্তানে প্ৰথমবাৰৰ বাবে টেষ্ট ফৰ্মেটত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলত অংশগ্ৰহণ কৰাৰ কথা আছিল ৷ অৱশ্যে এইখন মেচ পিছে আই চি চি-ৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ(ডব্লিউ টি চি) ৰ অংশ নহয় ।

এটাও বল নপৰাকৈ বাতিল মাত্ৰ 7 খন টেষ্ট মেচ

টেষ্ট ক্ৰিকেটৰ ইতিহাসত এটাও বল নপৰাকৈ বাতিল কৰা হৈছে মাত্ৰ 7 খন মেচ । শেষবাৰৰ বাবে 1998 চনত ডুনেডিনত নিউজিলেণ্ড আৰু ভাৰতৰ মাজত অনুষ্ঠিত হ’বলগীয়া এখন মেচৰ সময়ত এই ঘটনা ঘটিছিল ৷

গ্ৰেটাৰ নয়দাত হৈ থকা ধাৰাবাহিক বৰষুণৰ বাবে শুকুৰবাৰৰ মেচখনো বাতিল হোৱাৰ সম্ভাৱনা আছে, যিটো টেষ্ট ক্ৰিকেটৰ বাবে উদ্বেগজনক বিষয় ।

লগতে পঢ়ক: ক্ৰিকেটৰ যুৱৰাজ আৰু বাদশ্বাহ কোন: গৌতম গম্ভীৰৰ ভাইৰেল ভিডিঅ’ত পালে প্ৰকাশ - SHAHENSHAH OF CRICKET

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.