ETV Bharat / sports

পাঁচবাৰৰ অলিম্পিয়ান ডেনিয়েলা লাৰিয়ল চিৰিনোছৰ শ্বাসৰুদ্ধ হৈ মৃত্যু - DANIELA LARREAL PASSES AWAY - DANIELA LARREAL PASSES AWAY

Food stuck in windpipe death: ক্ৰীড়াজগতৰ বাবে এক দুঃখবৰ ৷ শ্বাসনলীত খাদ্য আৱদ্ধ হৈ মৃত্যুক সাৱটি লৈছে পাঁচবাৰকৈ অলিম্পিকত অংশগ্ৰহণ কৰা এগৰাকী খেলুৱৈয়ে । পঢ়ক সম্পূৰ্ণ কাহিনী...

DANIELA LARREAL PASSES AWAY
ডেনিয়েলা লাৰিয়ল চিৰিনোছ (AFP PHOTO)
author img

By ETV Bharat Sports Team

Published : Aug 20, 2024, 4:58 PM IST

স্প’ৰ্টছ ডেস্ক, 20 আগষ্ট: পাঁচবাৰৰ প্ৰাক্তন অলিম্পিয়ান তথা ভেনিজুৱেলাৰ চাইক্লিং ক্ষেত্ৰত বিশেষ সুনাম অৰ্জন কৰা ক্ৰীড়াবিদ ডেনিয়েলা লাৰিয়ল চিৰিনোছই শ্বাসৰুদ্ধ হৈ মৃত্যুক আঁকোৱালি লৈছে । 50 বছৰীয়া প্ৰাক্তন অলিম্পিক চাইকেল আৰোহীজনক তেওঁৰ লাছ ভেগাছৰ এপাৰ্টমেণ্টৰ ভিতৰত মৃত অৱস্থাত পোৱা গৈছিল ।

খাদ্য আৱদ্ধ হৈ পৰাৰ ফলত মৃত্যু

সংবাদ মাধ্যমৰ খবৰ অনুসৰি, প্ৰাক্তন অলিম্পিক চাইকেল আৰোহী ক্ৰীড়াবিদ ডেনিয়েলা লাৰিয়লক তেওঁৰ লাছ ভেগাছস্থিত এপাৰ্টমেণ্টৰ ভিতৰত মৃত অৱস্থাত পোৱা গৈছিল ৷ খেলুৱৈগৰাকীৰ শ্বাসনলীত খাদ্য আৱদ্ধ হোৱাৰ ফলত মৃত্যুমুখত পৰা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷

এই ঘটনা তেতিয়াহে পোহৰলৈ আহে, যেতিয়া তেওঁ কাম কৰা হোটেলখনত কেইবাদিনো ধৰি উপস্থিত নথকাৰ বাবে প্ৰাক্তন খেলুৱৈগৰাকী বাস কৰা এপাৰ্টমেণ্টত উপস্থিত হৈছিল হোটেল কৰ্তৃপক্ষ ৷ তেওঁলোকে লাৰিয়লক মৃত অৱস্থাত প্ৰত্যক্ষ কৰে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ খেলুৱৈগৰাকীয়ে বিগত 11 আগষ্টতে মৃত্যুবৰণ কৰা বুলি প্ৰাথমিক তদন্তৰ অন্তত প্ৰকাশ কৰে ৷

শ্বাসনলীত আৱদ্ধ খাদ্য

প্ৰতিবেদন অনুসৰি, 50 বছৰীয়া প্ৰাক্তন অলিম্পিয়ানজনৰ শ্বাসনলীত পোৱা গৈছে খাদ্যৰ কঠিন অৱশিষ্ট ৷ ইয়াৰ ফলতে শ্বাসৰুদ্ধ হৈ তেওঁ মৃত্যুমুখত পৰা বুলি আৰক্ষীয়ে সদৰী কৰিছে ৷ ভেনিজুৱেলাৰ অলিম্পিক কমিটীয়ে(চি অ' ভি) এক্সত প্ৰকাশ কৰা এক বিবৃতিত চিৰিনোছৰ মৃত্যু নিশ্চিত কৰিছে ।

ভেনিজুৱেলাৰ অলিম্পিক কমিটীয়ে নিশ্চিত কৰিছে লাৰিয়লৰ মৃত্যু

ভেনিজুৱেলাৰ অলিম্পিক কমিটীৰ দ্বাৰা স্পেনিছ ভাষাত প্ৰকাশিত পোষ্টটোৰ হিন্দী অনুবাদত লিখা হৈছে এনেদৰে, "চি অ’ ভি-ৰ পৰিচালক মণ্ডলীয়ে ডেনিয়েলা লাৰিয়লৰ দেহাৱসানৰ বাবে শোকপ্ৰকাশ কৰে । ট্ৰেক চাইকেল চলোৱাত এক সুন্দৰ কেৰিয়াৰ থকা ক্ৰীড়াবিদগৰাকীয়ে 5 টাকৈ অলিম্পিক গেমছ, 4 টা অলিম্পিক ডিপ্ল’মা আৰু বিজয়ৰ সন্মানৰ সৈতে আমাক প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হৈছিল, যিটোৱে আমাক সদায় অপৰিসীম গৌৰৱেৰে ভৰাই তুলিছিল" ।

5 খনকৈ অলিম্পিক গেমছত কৰিছিল অংশগ্ৰহণ

চিৰিনোছ ভেনিজুৱেলাৰ আটাইতকৈ সন্মানীয় চাইকেল চালকসকলৰ মাজৰ এজন আছিল । তেওঁ 5 খনকৈ অলিম্পিক গেমছ ক্ৰমে 1992 ত বাৰ্চিলোনা, 1996 ত আটলাণ্টা, 2000 ত চিডনী, 2004 ত এথেন্স আৰু 2012 ত লণ্ডনত নিজৰ দেশক প্ৰতিনিধিত্ব কৰিছিল । এই সময়ছোৱাত ক্ৰীড়াবিদগৰাকীয়ে তেওঁৰ প্ৰদৰ্শনৰ ভিত্তিত 4 টা অলিম্পিক ডিপ্ল’মা অৰ্জন কৰিছিল । প্ৰতিযোগিতাত শীৰ্ষ-4 জন ফিনিচাৰক দিয়া হয় অলিম্পিক ডিপ্ল’মা ।

লগতে পঢ়ক: আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী ক্ৰিকেটাৰৰ তালিকাত কাৰ নাম... - ASIAN CRICKETER SCORED MOST RUNS

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.