ETV Bharat / sports

টেষ্ট ক্ৰিকেটৰ সৰ্বশ্ৰেষ্ঠ অংশীদাৰিত্ব: এছিয়ান খেলুৱৈৰ আধিপত্য বিস্তাৰ - LONGEST PARTNERSHIP IN TEST - LONGEST PARTNERSHIP IN TEST

Biggest Partnerships In test cricket: প্ৰতিদিনে টেষ্ট ক্ৰিকেটত যিদৰে গঢ়ে অভিলেখ, তেনেদৰে ভংগও হয় ৷ কিন্তু এই প্ৰতিবেদনত এনে কিছু বিষয় উল্লেখ কৰিব বিচাৰিছো যিটো আজিলৈকে ভংগ হোৱা নাই আৰু ভংগ হোৱাৰ সম্ভাৱনাও কম । সেয়া হৈছে টেষ্ট ক্ৰিকেটৰ শ্ৰেষ্ঠ অংশীদাৰিত্ব ৷

LONGEST PARTNERSHIP IN TEST
টেষ্ট ক্ৰিকেট (IANS PHOTO)
author img

By ETV Bharat Sports Team

Published : Sep 15, 2024, 3:21 PM IST

স্প’ৰ্টছ ডেস্ক, 15 ছেপ্টেম্বৰ: ক্ৰিকেটৰ আটাইতকৈ লেহেমীয়া ফৰ্মেটসমূহৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয় টেষ্ট ক্ৰিকেটক । এই ফৰ্মেটত খেলখন লাহে লাহে আগবাঢ়ে, যাৰ বাবে বেটছমেনসকলে সময় উলিয়াই আৰামত খেলি দীঘলীয়া অংশীদাৰিত্ব গঢ়ি তোলাৰ সুযোগ লাভ কৰে ।

টেষ্ট ক্ৰিকেটৰ ইতিহাসত এনে কিছু অংশীদাৰিত্ব আছে, যিবোৰ টেষ্ট ক্ৰিকেটৰ অন্যতম বৃহৎ আৰু দীৰ্ঘম্যাদী অংশীদাৰিত্ব হিচাপে পৰিচিত হৈছে ৷

টেষ্ট ক্ৰিকেটৰ 5 সৰ্বশ্ৰেষ্ঠ অংশীদাৰিত্ব

  1. কুমাৰ ছাংগাকাৰা আৰু মাহেলা জয়ৱৰ্ধনে: টেষ্ট ক্ৰিকেটত সৰ্ববৃহৎ অংশীদাৰিত্বৰ অভিলেখ আছে শ্ৰীলংকাৰ প্ৰাক্তন ক্ৰিকেটাৰ কুমাৰ ছাংগাকাৰা আৰু মাহেলা জয়ৱৰ্ধনেৰ নামত । 2006 চনত কলম্বোত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলা টেষ্ট মেচত দুয়োজনে 624 ৰাণৰ অংশীদাৰিত্ব গঢ়িছিল ৷ যিখন খেল আজিও বিশ্ব ক্ৰিকেটৰ ইতিহাসত আটাইতকৈ দীঘলীয়া অংশীদাৰিত্বৰ খেল হিচাপে স্বীকৃত হৈ আছে ৷ তৃতীয় উইকেটত গঢ়া এই অংশীদাৰিত্বত জয়ৱৰ্ধনে 374 আৰু ছাংগাকাৰাই 287 ৰাণৰ বৰঙণি আগবঢ়ায় । এই মেচখনত শ্ৰীলংকাই এটা ইনিংছ আৰু 153 ৰাণৰ বিশাল জয় সাব্যস্ত কৰে ।
  2. সনথ জয়সূৰ্য আৰু ৰোহন মহানামা: টেষ্ট ক্ৰিকেটত দ্বিতীয় সৰ্বোচ্চ অংশীদাৰিত্বৰ অভিলেখ আছে শ্ৰীলংকাৰ ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ সনথ জয়সূৰ্য আৰু ৰোহন মহানামাৰ নামত । দুয়োজনে 1997 চনত ভাৰতৰ বিৰুদ্ধে কলম্বো টেষ্টত দ্বিতীয় উইকেটত আগবঢ়াইছিল 576 ৰাণৰ অংশীদাৰিত্ব ৷ ব্যক্তিগতভাৱে জয়সূৰ্যই 340 আৰু মহানামাই 225 ৰাণ সংগ্ৰহ কৰে ৷ এই মেচখনত শ্ৰীলংকাই অভিলেখ সৃষ্টি কৰি সংগ্ৰহ কৰিছিল মুঠ 952 ৰাণ ।
  3. মাৰ্টিন ক্ৰ' আৰু এণ্ড্ৰু জ’নছ: নিউজিলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ মাৰ্টিন ক্ৰ’ আৰু এণ্ড্ৰু জ’নছৰ টেষ্ট ক্ৰিকেটৰ ইতিহাসত আছে তৃতীয় সৰ্বোচ্চ অংশীদাৰিত্ব । 1991 চনত ৱেলিংটন টেষ্টত শ্ৰীলংকাৰ বিৰুদ্ধে তৃতীয় উইকেটৰ বাবে দুয়োৰে অংশীদাৰিত্ব আছিল 467 ৰাণ । ইয়াৰ ভিতৰত মাৰ্টিনে 299 ৰাণ আৰু জ’নছে 186 ৰাণ সংগ্ৰহ কৰিছিল । অৱশ্যে অমীমাংসিতভাৱে সামৰণি পৰিছিল এইখন টেষ্ট ।
  4. ডন ব্ৰেডমেন আৰু বিল পন্সফৰ্ড: টেষ্ট ক্ৰিকেটৰ ইতিহাসত চতুৰ্থ সৰ্বাধিক অংশীদাৰিত্বৰ অভিলেখ আছে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন মহান ক্ৰিকেটাৰ ডন ব্ৰেডমেন আৰু বিল পন্সফৰ্ডৰ মাজত । মেচখনৰ দ্বিতীয় উইকেটত গঢ়ি উঠিছিল এই অংশীদাৰিত্ব ৷ 1934 চনত ইংলেণ্ডৰ বিৰুদ্ধে দ্য অ’ভেলত অনুষ্ঠিত টেষ্ট মেচত দুয়োজনে 451 ৰাণৰ অংশীদাৰিত্ব আগবঢ়াইছিল ৷ এই অংশীদাৰিত্বত বিল পন্সফৰ্ডে 266 ৰাণ আৰু ডন ব্ৰেডমেনে 244 ৰাণৰ অৱদান আগবঢ়াইছিল ৷
  5. জাভেদ মিয়াদাঁদ আৰু মুদাছাৰ নাজাৰ: টেষ্ট ক্ৰিকেটত সৰ্বোত্তম অংশীদাৰিত্ব লাভ কৰা আন এক যুটি হৈছে পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ জাভেদ মিয়াদাঁদ আৰু মুদাছাৰ নাজাৰ । 1983 চনত হায়দৰাবাদত ভাৰতৰ বিৰুদ্ধে তেওঁলোকে 451 ৰাণৰ অংশীদাৰিত্ব আগবঢ়াইছিল । এই মেচৰ সময়ত জাভেদে 280 ৰাণ আৰু মুদাছাৰে 231 ৰাণৰ বৰঙণি আগবঢ়াইছিল ।

লগতে পঢ়ক: দললৈ প্ৰত্যাৱৰ্তন সন্দৰ্ভত মহম্মদ ছামীৰ বৃহৎ ঘোষণা: কেতিয়ালৈ অনুৰাগীয়ে দলত দেখিবলৈ পাব বলাৰগৰাকীক - MOHAMMED SHAMI

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.