স্প’ৰ্টছ ডেস্ক: আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এটা বলত 17 ৰাণ সংগ্ৰহৰ বিশ্ব অভিলেখ আছে মাথো এগৰাকী বেটছমেনৰ নামত । বিশ্বৰ কোনো বেটছমেনে এটা বলত 17 ৰাণ সংগ্ৰহ কৰাৰ কথা ভাবিব নোৱাৰে, কিয়নো ই এক অসম্ভৱ কাম ৷
কিন্তু ভাৰতৰ এগৰাকী বিস্ফোৰক বেটছমেনে এই অসম্ভৱকো সম্ভৱ কৰি তুলিছে । আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৰোহিত শৰ্মা, ক্ৰিছ গেইলৰ দৰে বিস্ফোৰক বেটছমেনেও এটা বলত 17 ৰাণ সংগ্ৰহৰ দৰে কৃতিত্ব আজিলৈকে অৰ্জন কৰিব নোৱাৰিলে ।
Virender Sehwag 17 Runs in 1 One Ball | Cricket World Cup 2015#BANvSL #RSAvInd #SSCricket #Pujara #AskTheExpert #Rahane #NZvsPAK #bbccricket #TeamIndia #ICCAwards #ICC #BCCI #Kohli pic.twitter.com/GNR0Yfhv7X
— Abhi Jain (@AbhiJai50398392) January 27, 2018
কোনগৰাকী বেটছমেনে স্থাপন কৰিছে এই অভিলেখ
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এটা বলত 17 ৰাণ সংগ্ৰহৰ কৃতিত্ব মাত্ৰ এজন বেটছমেনেহে কৰিছে । এই বেটছমেনগৰাকী আন কোনো নহয়, ভাৰতৰ প্ৰাক্তন অ’পেনাৰ তথা বিস্ফোৰক বেটছমেন বীৰেন্দ্ৰ ছেহৱাগ ।
2004 চনৰ 13 মাৰ্চত কৰাচীত পাকিস্তানৰ বিৰুদ্ধে এখন এদিনীয়া মেচত পাকিস্তানী বলাৰ ৰাণা নবীদ উল হাছানৰ একক ডেলিভাৰীত ভাৰতৰ প্ৰাক্তন অ’পেনাৰ বীৰেন্দ্ৰ ছেহৱাগে 17 ৰাণ সংগ্ৰহ কৰে । আজিলৈকে বিশ্বৰ কোনো এগৰাকী বেটছমেনে ছেহৱাগৰ নামত থকা এই বিশ্ব অভিলেখ ভংগ কৰিব পৰা নাই ।
ৰোহিত-গেইলৰ দৰে কিংবদন্তিয়ো ভংগ কৰিব নোৱাৰা অভিলেখ
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৰোহিত শৰ্মা, ক্ৰিছ গেইলৰ দৰে বিস্ফোৰক বেটছমেনেও এটা বলত 17 ৰাণ সংগ্ৰহৰ কৃতিত্ব অৰ্জন কৰিব নোৱাৰিলে । বীৰেন্দ্ৰ ছেহৱাগৰ কথা ক’বলৈ গ’লে, ক্ৰিকেটাৰগৰাকীৰ বেটিং ষ্টাইল আছিল আনতকৈ সুকীয়া । 2015 চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছিল বীৰেন্দ্ৰ ছেহৱাগে । বীৰেন্দ্ৰ ছেহৱাগৰ দৰে বিস্ফোৰক বেটছমেন এতিয়াও বিচাৰি পোৱা নাই ভাৰতে ।
এটা বলত 17 ৰাণ কেনেকৈ হ’ল
2004 চনৰ 13 মাৰ্চত কৰাচীত পাকিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত এদিনীয়া মেচত পাকিস্তানী বলাৰ ৰাণা নবীদ উল হাছানে সেই অভাৰত বীৰেন্দ্ৰ ছেহৱাগক একেৰাহে 3 টা ন’ বল প্ৰদান কৰে ৷ এই তিনিটা বলৰ ভিতৰত ছেহৱাগে দুটা বলত দুটাকৈ বাউণ্ডেৰী কোবায় ৷
ইয়াৰ পিছৰ বলটোত কোনো ৰাণ লাভ নকৰে বেটছমেনে ৷ ৰাণা নবীদ উল হাছানে পুনৰ দুটা ন’ বল কৰে, তাৰ ভিতৰত বীৰেন্দ্ৰ ছেহৱাগে এটা বলত বাউণ্ডেৰী কোবায় যদিও দ্বিতীয়টো বলত কোনো ৰাণ সংগ্ৰহ কৰাৰ সুযোগা নাপালে ৷
এইদৰে ৰাণা নবীদ উল হাছানৰ সেই নিৰ্দিষ্ট অভাৰত বীৰেন্দ্ৰ ছেহৱাগে 5 টা ন’ বলত 3 টা চাৰি আৰু 5 অতিৰিক্ত ৰাণৰে 12 ৰাণ সংযোগৰে মুঠ 17 ৰাণ সংগ্ৰহ কৰে ।
ছেহৱাগৰ কেৰিয়াৰ
ভাৰতৰ হৈ 104 খন টেষ্টত গড়ে 49.34 মুঠ 8586 ৰাণ সংগ্ৰহ কৰিছে বীৰেন্দ্ৰ ছেহৱাগে ৷ তেওঁৰ নামত আছে 23 টা শতক আৰু 32 টা অৰ্ধশতক ৷ ক্ৰিকেটাৰগৰাকীৰ ব্যক্তিগত সৰ্বশ্ৰেষ্ঠ স্ক’ৰ হৈছে 319 ।
15 টা শতক আৰু 38 টা অৰ্ধশতকসহ 251 খন এদিনীয়াত বীৰুৱে 8273 ৰাণ সংগ্ৰহ কৰে । এই ফৰ্মেটত ক্ৰিকেটাৰগৰাকীৰ সৰ্বশ্ৰেষ্ঠ স্ক’ৰ হৈছে 219 । ইয়াৰোপৰি ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে 19 খন টি-20 মেচত সংগ্ৰহ কৰিছিল 394 ৰাণ ৷ টি-20 ত 68 ৰাণ আছিল তেওঁৰ সৰ্বোচ্চ স্ক’ৰ ।
লগতে পঢ়ক: 5447 বল, 1981 ৰাণ... ইতিহাসৰ আটাইতকৈ দীঘলীয়া টেষ্ট মেচ, 12 দিনৰ পিছতো নোলাল ফলাফল