ETV Bharat / press-releases

তিনিচুকীয়া জিলা দণ্ডাধীশে ১৪৪ ধাৰা জাৰি কৰাক লৈ ক্ষোভ - Preparation for Maran Mahotsav

PC of Maran community organisations: ২৫ জানুৱাৰীৰ পৰা ২৮ জানুৱাৰীলৈকে মাকুমৰ সমীপৰ নাহৰণি-বালিজান খেলপথাৰত অনুষ্ঠিত হ'ব মৰাণ মহোৎসৱ । ইয়াৰ মাজতে ১৭ জানুৱাৰীত তিনিচুকীয়া জিলা দণ্ডাধীশে তিনিচুকীয়া জিলাত কিছু দল-সংগঠনে বলপূর্বকভাৱে ধন সংগ্রহ কৰাৰ অভিযোগ উত্থাপন কৰি ১৪৪ ধাৰা জাৰি কৰিছিল । সংবাদমেল সম্বোধন কৰি প্ৰতিক্ৰিয়া ব্যক্ত কৰে মৰাণ জনগোষ্ঠীৰ কেবাটাও সংগঠনে ।

Maran community organisations express anger over Article 144
তিনিচুকীয়া জিলা দণ্ডাধীশে ১৪৪ ধাৰা জাৰি কৰাক লৈ ক্ষোভ
author img

By ETV Bharat Assamese Team

Published : Jan 20, 2024, 12:24 PM IST

তিনিচুকীয়া জিলা দণ্ডাধীশে ১৪৪ ধাৰা জাৰি কৰাক লৈ ক্ষোভ

তিনিচুকীয়া,১৯ জানুৱাৰী: ১৭ জানুৱাৰীত তিনিচুকীয়া জিলা দণ্ডাধীশে তিনিচুকীয়া জিলাত কিছু দল-সংগঠনে বলপূর্বকভাৱে ধন সংগ্রহ কৰাৰ অভিযোগ উত্থাপন কৰি জাৰি কৰা ১৪৪ ধাৰাকলৈ ক্ষোভ প্রকাশ কৰে মৰাণ জনগোষ্ঠীৰ ৬ টাকৈ সংগঠনে ৷ সংবাদমেল সম্বোধন কৰি এই বিষয়ত ক্ষোভ উজাৰে সংগঠনটোৰ বিষয়ববীয়াই ।

উল্লেখ্যযোগ্য যে, মৰাণ জনগোষ্ঠীৰ ৬ টাকৈ সংগঠন ক্রমে অসম মৰাণ সভা, সদৌ মৰাণ ছাত্ৰ সন্থা, সদৌ মৰাণ কলা- সংস্কৃতি বিকাশ কেন্দ্ৰ, মৰাণ জাতীয় মহিলা পৰিষদ, মৰাণ জাতীয় কৰ্মচাৰী শৈক্ষিক বিকাশ মঞ্চ আৰু মৰাণ সাহিত্য সভাৰ যৌথ উদ্যোগত জনগোষ্ঠীটোৰ চহকী কলা-সংস্কৃতি, ভাষা-সাহিত্য, পৰম্পৰাগত ক্রীড়া, ৰীতি-নীতিসমূহ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্য আগত ৰাখি পোনপ্রথম বাৰৰ বাবে ২৫ জানুৱাৰীৰ পৰা ২৮ জানুৱাৰীলৈকে মাকুমৰ সমীপৰ নাহৰণি-বালিজান খেলপথাৰত 'মৰাণ মহোৎসৱ' অনুষ্ঠিত কৰিবলৈ বিশাল আয়োজন কৰিছে ।

মহোৎসৱৰ প্রস্তুতি তুংগত হৈ থকাৰ সময়তে জিলা দণ্ডাধীশৰ এনে হঠকাৰী সিদ্ধান্তক কেউটা সংগঠনে গৰিহনা দিয়ে । মৰাণ মহোৎসৱখনি বিফল কৰিবলৈ কোনো বহিৰাগত বণিক গোষ্ঠীয়ে প্রশাসনক বিপথে পৰিচালিত কৰিছে বুলি সংগঠন কেইটাই অভিযোগ উত্থাপন কৰে । সংগঠনকেইটাই লগতে উল্লেখ কৰে যে, বহিঃ ৰাজ্যৰ পৰা আহি ঐতিহাসিক মৰাণ ভূমিৰ বায়ু-পানী সেৱন কৰি ব্যৱসায় কৰা ব্যৱসায়ীসকলে মৰাণ জনগোষ্ঠীৰ কেউটা সংগঠনে আয়োজন কৰা যিকোনো অনুষ্ঠানলৈ সহযোগিতা আগবঢ়াবই লাগিব । অন্যথা মৰাণভূমিত ব্যৱসায়-বাণিজ্য নচলাবলৈ সকীয়াই দিয়ে ।

সংগঠনকেইটাই জিলা প্ৰশাসনক ১৪৪ ধাৰা প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনোৱাৰ লগতে প্রশাসনক সৰ্বটো প্ৰকাৰৰ সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় । জিলাখনত প্রতিদিনে অবাধ হাৰত চলি থকা অবৈধ কয়লা খনন-পৰিবহন, অবৈধভাৱে কৰা বন ধ্বংসৰ লগতে পৰিবহন, গৰু সৰবৰাহ, সম্পূর্ণ নথি-পত্ৰ অবিহনে চলি থকা কাঠৰ টিম্বাৰ, প্লাইউড ফেক্টৰী, অন্যান্য উদ্যোগ-কাৰাখানাৰ কাম-কাজবোৰ বন্ধ কৰিবলৈকো কেউটা সংগঠনে জিলা প্ৰশাসনৰ লগতে অসম চৰকাৰক দাবী জনাই । অন্যথা অতি কম দিনৰ ভিতৰত অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি উল্লেখ কৰে ।

লগতে পঢ়ক: প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহে পালন কৰিব লাগিব এই কেইটা নিয়ম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.