ETV Bharat / politics

অসম সন্মিলিত মৰ্চাৰ সভাপতি পদ কিয় ত্যাগ কৰিলে ভূপেন বৰাই, কি আছে পত্ৰত ?

উপনিৰ্বাচনৰ পূৰ্বে এটা সমষ্টিকলৈ মনোমালিন্য । ইতিমধ্যে ভূপেন বৰাই অ.স.ম.ৰ সভাপতিৰ পদ ত্যাগ কৰে ৷ পিছে কি আছে লুৰিণজ্যোতি গগৈলৈ প্ৰেৰণ কৰা পত্ৰখনত ।

ASSAM BYE ELECTIONS 2024
উপনিৰ্বাচনৰ পূৰ্বে এটা সমষ্টিকলৈ মনোমালিন্য (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : 3 hours ago

গুৱাহাটী : লক্ষ্যলৈ বহু দূৰ । লক্ষ্য আছিল ২০২৬ ৰ বিধানসভা নিৰ্বাচন । কিন্তু তাৰ পূৰ্বেই উপনিৰ্বাচনৰ এটা সমষ্টিকলৈয়ে মনোমালিন্য । বিহালী সমষ্টিকলৈয়ে অথন্তৰ লাগিল বিৰোধী ঐক্যত ।

বিজেপিক প্ৰতিহত কৰাৰ বাবে ২০২৬ৰ বিধানসভা নিৰ্বাচনলৈ একেলগে যুঁজাৰ সংকল্প লৈছিল ১৮ টাকৈ বিৰোধী ৰাজনৈতিক দলে । ১৮ টাকৈ দলৰ উমৈহতীয়া মঞ্চ অসম সন্মিলিত মৰ্চা (Asom Sanmilita Morcha) চমুকৈ 'অ.স.ম.'ত উপনিৰ্বাচনৰ পূৰ্বেই ছুনামী আহিছে । একমাত্ৰ বিহালী সমষ্টিকলৈ সৃষ্টি হোৱা বিতৰ্ক আৰু মনোমালিন্যৰ বাবে আজি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই 'অ.স.ম.'ৰ সভাপতিৰ পদ ত্যাগ কৰিলে ।

ভূপেন বৰাই নিজৰ পদত্যাগ পত্ৰ 'অসম'ৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈলৈ প্ৰেৰণ কৰিছে । এনে পৰিস্থিতিত অসম সন্মিলিত মৰ্চা বৰ্তী থাকিব নে নাই তাকলৈ প্ৰশ্ন উত্থাপন হৈছে ।

লগতে পঢ়ক : বিহালীত কোনে যুঁজিব বিজেপিৰে ? কংগ্ৰেছক বান্ধি দিলে সময়সীমা
  • কি আছে ভূপেন বৰাৰ পত্ৰত :

অসম সন্মিলিত মঞ্চৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈলৈ দিয়া পত্ৰখনত ভূপেন বৰাই উল্লেখ কৰা কথাখিনি এনেধৰণৰ-

"আপুনি জানে যে অসম সন্মিলিত মৰ্চাৰ এখন সভা ১৮ অক্টোবৰত গুৱাহাটীত এ আই চি চিৰ সাধাৰণ সম্পাদকৰ উপস্থিতি অনুষ্ঠিত হৈছিল । সভাত এ আই চি চিৰ সাধাৰণ সম্পাদকৰ দ্বাৰা পাঁচজনীয়া সদস্যৰ এখন সমিতি গঠন কৰি দিয়া হৈছিল ।

যিখন সমিতিয়ে বিহালী সমষ্টিৰ উপনিৰ্বাচনৰ বাবে প্ৰাৰ্থী মনোনিত কৰিব আৰু এ আই চি চিৰ দ্বাৰা সেয়া মানি লোৱা হ'ব । য'ত চি পি আই এম এলে প্ৰাৰ্থিত্ব দাবী কৰিছিল । অৱশ্যে এতিয়ালৈকে পাঁচজনীয়া সমিতিৰ পৰামৰ্শ এ আই চি চিৰ সাধাৰণ সম্পাদকে গ্ৰহণ কৰা নাই ।

মঙলবাৰে বিৰোধী ঐক্যই এখন সভা আহ্বান কৰি এ পি চি চিক বুধবাৰৰ পুৱা ১০ বজাৰ ভিতৰত বিহালী সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ কয় । মই পাঁচজনীয়া সমিতিক তেওঁলোকৰ পৰামৰ্শ পুনৰ বিবেচনা কৰিবলৈ চেষ্টা কৰি আছো, কিন্তু তেওঁলোকে তেনে কৰিবলৈ অস্বীকাৰ কৰিছে আৰু তাৎক্ষণিকভাৱে দাবী কৰিছে এ আই চি চিৰ পৰা নিশ্চিতকৰণ ।

সিদ্ধান্তটো বলবৎ কৰাৰ বাবে মোৰ ওপৰত প্ৰচণ্ড চাপ পৰিছে, যিটো মই কাৰ্যকৰী কৰিবলৈ সক্ষম নহয় । এনে পৰিস্থিতিত অসম সন্মিলিত মৰ্চাৰ সভাপতি পদ ত্যাগ কৰাৰ বাহিৰে মোৰ ওচৰত আন কোনো বিকল্প নাই । অনুগ্ৰহ কৰি মন কৰিব যে ৰাহুল গান্ধীয়ে তেওঁৰ অসম যাত্ৰাৰ সময়ত মেঘালয়ত উত্তৰ-পূব কংগ্ৰেছ সমন্বয় সমিতিৰ বৈঠকত বিৰোধী ঐক্যৰ ওপৰত বিশেষ জোৰ দিছিল ।"

লগতে পঢ়ক : বিহালীক লৈ ভংগ হোৱাৰ দিশে কংগ্ৰেছ নেতৃত্বাধীন 'অসম'; সভাপতিৰ পদ ত্যাগ ভূপেন বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.