ETV Bharat / politics

লখিমপুৰত বিজেপি নে কংগ্ৰেছ ? কি কয় জনতাই - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

LS Polls 2024 : লোকসভা নিৰ্বাচনৰ ভোট গণনালৈ মাজত মাথো দুদিন । কোন জিকিব - এই লৈ চলিছে ব্যাপক চৰ্চা । কাৰ দিল্লী যাত্রাৰ পথ প্ৰশস্ত হ'ব লখিমপুৰ লোকসভা সমষ্টিৰ পৰা ? সমষ্টিটোৰ ভোটাৰে কি কয় এই সন্দৰ্ভত । এক প্ৰতিবেদন ।

LS Polls 2024
লখিমপুৰ লোকসভা সমষ্টি (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : Jun 1, 2024, 6:46 PM IST

লখিমপুৰ, ১ জুন: উৎকন্ঠাৰ অন্ত পৰিবলৈ মাজত মাথো দুদিন । যিমানেই ভোট গণনাৰ সময় চমু চাপি আহিছে সিমানেই জল্পনা-কল্পনা বাঢ়িছে । ব্যতিক্ৰম নহয় ১২ নং লখিমপুৰ লোকসভা সমষ্টিৰ ছবিখন । সমষ্টিটোত কোনে বিজয়ৰ মালা ধাৰণ কৰিব তাৰ বাবে ৰাজনৈতিক মহলত চলিছে বিশ্লেষণ । এইবাৰ লখিমপুৰৰ জনতায়ো এখন স্পষ্ট ছবি দেখিবলৈ পোৱা নাই । ৰাইজৰ মতামতেৰে ই টিভি ভাৰত অসমৰ এক বিশেষ প্ৰতিবেদন ।

লখিমপুৰ লোকসভা সমষ্টি (ETV BHARAT ASSAM)

অহা চাৰি জুনত সম্পন্ন হ'ব লোকসভা নির্বাচনৰ ভোটগণনা । সেই দিনাই দেশৰ নতুন ৰাজনৈতিক বুনিয়াদ ৰচনা হ'ব । যিমানেই ভোটগণনাৰ দিন চমু চাপিছে সিমানেই বৃদ্ধি পাইছে উৎকন্ঠা । কোন প্ৰাৰ্থীয়ে ধাৰণ কৰিব বিজয় মালা ? কাৰ সপক্ষত জনমত ? কাৰ দিল্লী যাত্রাৰ পথ প্ৰশস্ত হ'ব ? ১২ নং লখিমপুৰ লোকসভা সমষ্টিতো কাৰ ভাগ্য উদয় হ'ব সেই লৈ এতিয়া ৰাইজৰ মাজত ব্যাপক চৰ্চা চলিছে ।

উল্লেখ্য যে সমষ্টিটোত এইবাৰ ৯ জনকৈ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে । সাধাৰণ ৰাইজৰ মতে ৯ জনকৈ প্ৰাৰ্থী নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'লেও মূল যুঁজখন কিন্তু শাসকীয় বিজেপি আৰু প্ৰধান বিৰোধী কংগ্রেছৰ মাজতে সীমাবদ্ধ হৈছে । একাংশ সাধাৰণ ৰাইজৰ মতামত অনুসৰি এই নিৰ্বাচনত জনমত শাসকীয় বিজেপিৰ সপক্ষে যোৱাৰ সম্ভাৱনাই বেছি । বিগত সময়ত বিজেপিৰ উন্নয়নী কাম-কাজে ৰাইজক উপকৃত কৰিছে আৰু দলটোৰ এনে ভূমিকাৰ বাবে ৰাইজে বিজেপিক সমৰ্থন দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে ।

আনহাতে, আন একাংশৰ মতে, সমষ্টিটোত বিৰোধী দল কংগ্রেছৰ সপক্ষেহে জনমতৰ সম্ভাৱনা । বিগত সময়ত সমষ্টিটোৰ সাংসদজনৰ সংসদত নিৰ্লিপ্ত ভূমিকা আছিল । চৰকাৰৰ উন্নয়নমূলক কাম-কাজৰ বাহিৰে সাংসদজনৰ উদ্যোগত সমষ্টিটোত লক্ষ্যনীয় একো কাম নহ'ল । সেইবাবে ৰাইজে সমষ্টিটোত এইবাৰ নতুন মুখৰ সন্ধান কৰিছে । সেয়ে বিজেপিৰ প্ৰাৰ্থীজনৰ বিপৰীতে বিৰোধী দল কংগ্রেছৰ নতুন মুখৰ প্ৰাৰ্থীজনৰ সপক্ষেহে জনমত যোৱাৰ সম্ভাৱনা আছে ।

যিয়েই নহ'লেও লখিমপুৰ সমষ্টিৰ ভোটাৰে কাক সমৰ্থন দিলে সেয়া অহা চাৰি জুনত স্পষ্ট হ'ব । চাৰি জুনৰ ভোটগণনাৰ দিনা লখিমপুৰ লোকসভা সমষ্টিৰ পৰা কাৰ দিল্লী যাত্রাৰ পথ প্ৰশস্ত হ'ব নাইবা ৰাইজে কাক বিজয়ৰ মালা অৰ্পণ কৰিলে সেয়া স্পষ্ট হৈ পৰিব । সেয়েহে এতিয়া অপেক্ষা মাথো ইতিহাস সৃষ্টি কৰিব পৰা সেই বিশেষ দিনটোলৈ ।

মহিলা ভোটাৰে নিৰ্ণায়ক ভূমিকা ল’ব নেকি লখিমপুৰত ? - Lok Sabha Election 2024

লখিমপুৰৰ পৰা দিল্লীৰ মচনদলৈ কোন; জনতাই কি কয় ? - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.