নগাঁও, ১৪ জুন: একেৰাহে দ্বিতীয়বাৰৰ বাবে নগাঁও লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হয় কংগ্ৰেছ নেতা প্ৰদ্যুৎ বৰদলৈ । নগাঁও লোকসভা সমষ্টিৰ পূৰ্বৰ পাঁচটা বিধানসভা সমষ্টিৰ উপৰিও নতুনকৈ অন্তৰ্ভুক্ত হোৱা ধিং, ৰূপহীহাট আৰু চামগুৰি বিধানসভা সমষ্টিৰ মূল সমস্যাৰ বিষয়ে বুজ ল'বলৈ নিৰ্বাচিত হোৱাৰ পাচৰ পৰাই সমষ্টিৰ বিভিন্ন প্ৰান্তত উপস্থিত হৈ ৰাইজক সাক্ষাৎ কৰাৰ কাৰ্যসূচী হাতত লৈছে প্ৰদ্যুৎ বৰদলৈয়ে ।
বিশেষকৈ চামগুৰি আৰু ধিং বিধানসভা সমষ্টিৰ গৰাখহনীয়াৰ সমস্যাৰ লগতে কৃষকৰ সমস্যাৰ বিষয়ে পুনৰ এবাৰ সংসদত উত্থাপন কৰি সমস্যাসমূহ সমাধানৰ বাবে চেষ্টা কৰাৰ কথা ইটিভি ভাৰত অসমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত উল্লেখ কৰে প্ৰদ্যুৎ বৰদলৈয়ে ।
কৃষকৰ সমস্যা
পাঞ্জাৱৰ দৰে অসমৰ কৃষকৰ উৎপাদিত ধান এফ চি আইৰ জৰিয়তে ক্ৰয়ৰ বাবে গুৰুত্ব প্ৰদান কৰাৰ কথা উল্লেখ কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । এফ চি আই য়ে ধান ক্ৰয় নকৰাৰ ফলত কৃষকে উৎপাদিত ধানৰ উচিত মূল্য নোপোৱা বুলিও মন্তব্য প্ৰদ্যুৎ বৰদলৈৰ ।
বান-গৰাখহনীয়া সমস্যা
কেৱল এয়াই নহয় পূৰ্বে মৰিগাঁও জিলাৰ বান আৰু গৰাখহনীয়াৰ সমস্যা সমাধানৰ বাবে ভূমিকা গ্ৰহণ কৰাৰ দৰে এইবাৰ নগাঁও জিলাৰ চামগুৰি আৰু ধিং বিধানসভা সমষ্টিৰ বান গৰাখহনীয়া সমস্যা সমাধানৰ বাবে সংসদত বলিষ্ঠ কণ্ঠৰে মাত মাতিব বুলি মন্তব্য কৰে প্ৰদ্যুৎ বৰদলৈয়ে ।
ডি ভোটাৰৰ সমস্যা
অধিকাংশ সংখ্যালঘু ভোটাৰ থকা নগাঁও লোকসভা সমষ্টিৰ ডি ভোটাৰৰ সমস্যাও অন্যতম সমস্যা বুলি উল্লেখ কৰি বছৰ বছৰ ধৰি সংখ্যালঘু জনতাই সন্মুখীন হৈ অহা ডি ভোটাৰৰ সমস্যা সমাধানৰ বাবেও সংসদত উত্থাপন কৰাৰ কথাও ই টি ভি ভাৰত অসমৰ সাক্ষাৎকাৰত উল্লেখ কৰে প্ৰদ্যুৎ বৰদলৈয়ে ।
অসমৰ মাত্ৰ তিনিখন আসন লাভ কৰাৰ পাচতো কংগ্ৰেছৰ উছাহৰ কাৰণ কি ?
বিগত ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ দৰেই এইবাৰো অসমৰ ১৪ খন আসনৰ মাত্ৰ তিনিখন আসন দখল কৰিবলৈ সক্ষম হৈছে বিৰোধী কংগ্ৰেছ । তৎস্বত্বেও কংগ্ৰেছ নেতা কংগ্ৰেছ নেতা-কৰ্মীৰ মাজত বৃদ্ধি পাইছে উছাহ । অসমৰ তিনিখন আসন লাভ কৰিলেও অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলতেই কংগ্ৰেছৰ ফালফল তুলনামূলকভাৱে বৃদ্ধি পোৱা বুলি দাবী কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ।
২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ বাবে কি অংক কংগ্ৰেছৰ ?
আগন্তুক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ বাবে অসম কংগ্ৰেছে ইতিমধ্যেই ৰণকৌশল প্ৰস্তুত কৰা বুলিও উল্লেখ কৰে নৱ-নিৰ্বাচিত সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । হৈ যোৱা লোকসভা নিৰ্বাচনৰ ফালফল পূৰ্বৰ তুলনাত যথেষ্ট উন্নত বুলি উল্লেখ কৰি ২০২৬ ৰ অসম বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ নেতৃত্বতেই চৰকাৰ গঠন হোৱাটো নিশ্চিত বুলিও দাবী কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ।
কোন হ'ব কংগ্ৰেছৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী ?
২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ নেতৃত্বতেই চৰকাৰ গঠন হ'ব বুলি সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে দাবী কৰিছে যদিও কংগ্ৰেছৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী কোন হ'ব সেয়া সময়ত দলে নিৰ্ধাৰণ কৰিব বুলি মন্তব্য কৰে প্ৰদ্যুৎ বৰদলৈয়ে ।