ETV Bharat / politics

বিহালী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ সমাপ্ত

৭৩.৭% ভোটদানেৰে সমাপ্ত হ'ল ৭৭ নং বিহালী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন । ভোটদানৰ হাৰ বৃদ্ধিৰ সম্ভাৱনা ।

Voting for Behali assembly constituency bye-election ends
বিহালী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণৰ সমাপ্ত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 13, 2024, 10:01 PM IST

তেজপুৰ: সৰ্বমুঠ ৭৩.৭% ভোটদানেৰে সমাপ্ত হ'ল ৭৭ নং বিহালী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন । সমষ্টিটোত দুই এক সৰু সৰু বিবাদৰ বাহিৰে কোনোধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত নোহোৱাকৈ ভোটগ্ৰহণ অনুষ্ঠিত হয় । সমষ্টিটোত ১৫৪ টা ভোটকেন্দ্ৰত পুৱা ৭ বজাৰ পৰা সুকলমে ভোটগ্ৰহণ অনুষ্ঠিত হয় । বিয়লি ৫ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হোৱা বিধানসভা সমষ্টিটোৰ মুঠ ১,৩২,৫৭৯ গৰাকী ভোটদাতাই মুঠ ৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ।

পুৱাৰ ভাগত ভোটদাতাৰ সংখ্যা কিছু সেৰেঙা দেখা গৈছিল যদিও ক্ৰমান্বয়ে ভোটদানৰ হাৰ বিয়লিৰ ভাগলৈ বৃদ্ধি পায় । পুৱা ৯ বজালৈ ভোটদানৰ হাৰ মাত্ৰ ১১% শতাংশ আছিল । বিগত ২০২১ চনৰ বিধানসভা নিৰ্বাচনত সমষ্টিটোত ভোটদানৰ হাৰ ৮৩.৫১% শতাংশ আছিল আৰু সেই অনুপাতে আজিৰ ভোটদানৰ চূড়ান্ত তালিকাত হাৰ ৭৩.৭% শতাংশৰ পৰা কিছু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।

কমল চুণ্ডী, মোনাবাৰী চাহ বাগিচাৰ এজন ভোটাৰ তেওঁ ই টিভি ভাৰতক কয়, "স্থানীয় ৰাইজে চাহ জনগোষ্ঠীৰ ৰাইজৰ উন্নয়ন আৰু তাৰ লগতে বাগিচাৰ যাতায়তৰ উন্নয়ন সাধন হোৱাকৈ এজন জনপ্ৰতিনিধি বিচাৰিছে । ৰাইজে উন্নয়নৰ বাবে এজন প্ৰকৃত অৰ্থত ৰাইজৰ কাম কৰা জনপ্ৰতিনিধি বিচাৰে ।"

ভোটাৰৰ বিভাজন:

বিহালী বিধানসভাত অনুসূচিত জাতিৰ ভোটাৰৰ সংখ্যা প্ৰায় ১১,১১২ গৰাকী, যিটো ২০১১ চনৰ লোকপিয়ল অনুসৰি প্ৰায় ৯.৪১% । বিপৰীতে এছ টি ভোটাৰৰ সংখ্যা প্ৰায় ৩,৫৯০, যিটো ২০১১ চনৰ লোকপিয়ল অনুসৰি প্ৰায় ৩.০৪% আৰু মুছলমান ভোটাৰৰ সংখ্যা প্ৰায় ১২,৬৩৫, যিটো ভোটাৰ তালিকা বিশ্লেষণ অনুসৰি ইয়াৰ হাৰ প্ৰায় ১০.৭% । বিধানসভা সমষ্টিটোত গ্ৰাম্য ভোটাৰৰ সংখ্যা প্ৰায় ১১৮,০৮৫ গৰাকী, যিটো ২০১১ চনৰ লোকপিয়ল অনুসৰি প্ৰায় ১০০% । আনহাতে নগৰীয়া ভোটাৰৰ সংখ্যা প্ৰায় ০, যিটো ২০১১ চনৰ লোকপিয়ল অনুসৰি প্ৰায় ০%। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ২০১৯ চনৰ সংসদীয় নিৰ্বাচনৰ হিচাপত বিহালী বিধানসভাৰ মুঠ ভোটাৰ ১১৮০৮৫ গৰাকী ৷

সেই নিৰ্বাচনত বিহালী বিধানসভাত ভোটাৰৰ ভোটদানৰ হাৰ আছিল ৮১.৮৭% ৷ আনহাতে ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত ভোটদানৰ হাৰ ৮৬.২৫% ৷ আনহাতে ২০২১ চনৰ বিধানসভা নিৰ্বাচনত সমষ্টিটোৰ মুঠ ভোটদানৰ হাৰ আছিল ৮৩.৫১% ৷ ইয়াৰ ভিতৰত মহিলা ভোটাৰৰ হাৰ সৰ্বাধিক ৮৪.১৫% আৰু পুৰুষ ভোটাৰৰ হাৰ ৮২.৯০% শতাংশ আছিল নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ।

লগতে পঢ়ক: নিৰ্বাচন আয়োগক বিজেপিৰ ধেমাধৰা এজেণ্ট আখ্যা অখিল গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.