ETV Bharat / politics

ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত বিজয়-উল্লাস - LOK SABHA ELECTION RESULTS 2024

Assam BJP : বাজপেয়ী ভৱনত নাচি-বাগি আনন্দ-উল্লাস বিজেপিৰ নেতা-কৰ্মীৰ ৷ 10 টা সমষ্টিত নিশ্চিত বিজয়ৰ দিশে আগবাঢ়িছে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৷

ASSAM LOK SABHA ELECTION RESULTS
বিজেপিৰ কাৰ্যালয়ত বিজয়-উল্লাস (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : Jun 4, 2024, 6:31 PM IST

Updated : Jun 4, 2024, 7:12 PM IST

গুৱাহাটী, 4 জুন : উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত ৷ লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ ফলাফলক লৈ নাচি-বাগি আনন্দ-উল্লাস বিজেপিৰ নেতা-কৰ্মীৰ ৷ ইতিমধ্যে ভোটগণনাত ৰাজ্যৰ 10 টা সমষ্টিত নিশ্চিত বিজয়ৰ দিশে আগবাঢ়িছে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৷

বাজপেয়ী ভৱনত আনন্দ-উল্লাস বিজেপিৰ নেতা-কৰ্মীৰ (ETV BHARAT ASSAM)

ভোটগণনা সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই কয়, " ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যালয়ত এক উৎসৱমুখৰ পৰিৱেশ চলি আছে ৷ আজিলৈকে অসমত এন ডি এ তথা বিজেপিৰ 14 খন আসনৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আছিল 9 খন ৷ এইবাৰ অসমৰ ৰাইজৰ আশীৰ্বাদত 14 খন আসনৰ 10 খন নিশ্চিত হৈছে ৷ সৰ্বৰভাৰতীয় পৰ্যায়তো বিজেপি মিত্ৰজোঁটৰ আসন তিনিশৰ ওচৰে-পাঁজৰে আছে, সেয়ে চৰকাৰ বিজেপিৰ হ’বলৈ গৈ আছে, নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ’বলৈ গৈ আছে ৷"

যোৰহাট লোকসভা সমষ্টি সন্দৰ্ভত পবিত্ৰ মাৰ্ঘেৰিটাই কয়-' আমাৰ কাৰণে প্ৰতিটো সমষ্টিয়ে সমান ৷ প্ৰতিটো সমষ্টিয়ে আমাৰ বাবে সমানেই গুৰুত্বপূৰ্ণ ৷ প্ৰতিটো সমষ্টিত আমি সমানেই গুৰুত্ব দিয়াৰ বাবেই আজি আমি পূৰ্বৰ 9 খন আসনৰ পৰিৱৰ্তে 10 খন আসন লাভ কৰিবলৈ সক্ষম হৈছো ৷ পিচপৰি থকা সমষ্টিকেইটাৰ ওপৰত বিশ্লেষণ হ'ব ৷'

লগতে পঢ়ক : প্ৰায় ডেৰ লাখতকৈ অধিক ভোটত তৃতীয়বাৰলৈ নিৰ্বাচিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জয় - LOK SABHA ELECTION RESULTS 2024

ইফালে যোৰহাট লোকসভা সমষ্টি সন্দৰ্ভত মন্তব্য কৰি ন-বিজেপি নেতা ৰাণা গোস্বামী কয়-' মই দল সলনি কৰাৰ লগত কোনো কথা নাই ৷ কোনোবা হাৰিব, জিকিব বুলি দল সলনি কৰা নাই ৷ নিৰ্বাচনত জয়-পৰাজয় আছেই ৷ ক’ৰবাত কমিব পাৰে, ক’ৰবাত বাঢ়িব পাৰে সেইটো ডাঙৰ কথা নহয় ৷ কিন্তু এতিয়ালৈ আমি 10 খনত আসনত জয়লাভ কৰিছো ৷ পৰৱৰ্তী সময়ত আমাৰ গোটেই কেইটা সমষ্টিৰ বিশ্লেষণ কৰা হ'ব ৷'

লগতে পঢ়ক : ডিব্ৰুগড় কাৰাগাৰত বন্দী হৈ থকা অমৃতপাল সিঙৰ বৃহৎ জয় - Lok Sabha Election Results 2024

Last Updated : Jun 4, 2024, 7:12 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.