ETV Bharat / politics

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ খিলঞ্জীয়া থলগিৰি লোকসকল সুৰক্ষিত নহয়: লুৰীণজ্যোতি গগৈ - Lurinjyoti Gogoi

author img

By ETV Bharat Assamese Team

Published : Sep 1, 2024, 8:05 PM IST

Lurinjyoti Gogoi on Himanta Biswa Sarma: সংঘৰ্ষ সৃষ্টিৰ জৰিয়তে বিজেপিয়ে 2026ৰ নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ বিচাৰিছে ৷ হিন্দু-মুছলমানৰ সাম্প্ৰদায়িক ৰাজনীতি অসমৰ কাৰণে অশনি সংকেত ৷ এই মন্তব্য লুৰীণজ্যোতি গগৈৰ ৷

Lurinjyoti Gogoi on Himanta Biswa Sarma
চৰাইদেউৰ সাপেখাতীত লুৰীণজ্যোতি গগৈ (ETV Bharat Assam)

ডিব্ৰুগড়, 1 ছেপ্টেম্বৰ : উপ-নিৰ্বাচনৰ লগতে সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে তৎপৰ হৈছে শাসক দলৰ লগতে আন বিৰোধী ৰাজনৈতিক দলে । প্ৰতিটো ৰাজনৈতিক দলে জিলাই জিলাই আৰম্ভ কৰিছে সাংগঠনিক কাম-কাজ ৷ সমাগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অসম জাতীয় পৰিষদে সাংগঠনিক ভেঁটি শক্তিশালী কৰাৰ বাবে তৎপৰ হোৱা পৰিলক্ষিত হৈছে ।

দেওবাৰে চৰাইদেউৰ সাপেখাতীত অনুষ্ঠিত হয় অসম জাতীয় পৰিষদৰ সাংগঠনিক আৰু যোগদান কাৰ্যসূচী । চৰাইদেউ জিলাৰ সাপেখাতী চাৰিআলি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় অসম জাতীয় পৰিষদৰ যোগদান আৰু সাংগঠনিক সভা । এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ উপস্থিত হোৱা দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈক সাপেখাতী চাৰিআলিৰ পৰা শ শ দলীয় কৰ্মীয়ে আদৰি জনায় ।

পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে চৰাইদেউ জিলাখনত প্ৰতিটো পঞ্চায়তত দলটোৰ সাংগঠনিক ভেঁটি কেনেকৈ শক্তিশালী কৰিব পাৰি সেই বিষয়ে আলোচনা কৰা হয় এই সভাত । লগতে দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈকে ধৰি বহু কেইজন কেন্দ্ৰীয় নেতাৰ উপস্থিতিত বিজেপি, কংগ্ৰেছৰ লগতে বহুকেইটা ছাত্ৰ সংগঠনৰ নেতা-কৰ্মীয়ে এই অনুষ্ঠানত যোগদান কৰে অসম জাতীয় পৰিষদত ।

উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্য সাম্প্ৰতিক পৰিস্থিতিক লৈ অধিক উদ্বেগ প্ৰকাশ কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে । সাম্প্ৰতিক পৰিস্থিতিক লৈ ৰাজ্যত বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে । সভাপতিগৰাকীয়ে কয়, ‘‘অসমৰ যি ভয়াবহ পৰিস্থিতি ই অসমৰ জাতীয় জীৱনৰ বাবে অশনি সংকেত নমাই আনিছে । এফালে হিন্দু মুছলমানৰ ৰাজনীতি আনফালে জাতি-জনগোষ্ঠীৰ মাজত বিভাজনৰ ৰাজনীতি কৰিবৰ বাবে চৰকাৰে চিন্তা চৰ্চা কৰিছে । সাম্প্ৰদায়িকতা আৰু বিভাজনৰ ৰাজনীতিৰে মুনাফা অৰ্জনৰ চেষ্টা চলাইছে চৰকাৰে ।’’

তেওঁ কয়, ‘‘২৬ ৰাজনৈতিক বৈতৰণী পাৰ কৰিবলৈ চৰকাৰে সাম্প্ৰদায়িক বিষবাষ্প বিয়পাই গোষ্ঠী সংঘৰ্ষ সৃষ্টি কৰিবলৈ বিচাৰিছে চৰকাৰে । কিন্তু অসম জাতীয় পৰিষদে অসমীয়া খিলঞ্জীয়া মানুহৰ ৰাজনৈতিক , সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক তথা ভাষা সুৰক্ষা যাতে সুনিশ্চিত কৰিব পাৰি তাৰ বাবে অহৰহ চেষ্টা অব্যাহত ৰাখিছে ।’’

চৰকাৰলৈ আহ্বান জনাই লুৰীণজ্যোতি গগৈয়ে কয়, ‘‘অসমৰ মানুহক যদি সুৰক্ষা দিব বিচাৰিছে তেনেহ'লে চৰকাৰে অসম চুক্তিৰ প্ৰতিটো দফা কাৰ্যকৰী কৰাৰ লগতে ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিয়ক ৷’’ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি কয়, ‘‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ খিলঞ্জীয়া থলগিৰি লোকসকল সুৰক্ষিত নহয় । মুখ্যমন্ত্ৰীগৰাকীয়ে হিন্দু-মুছলমানৰ কথা কৈ সংবিধানক উলংঘা কৰিছে । অসমত থকা বিদেশী বিতাৰণ কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকী দায়বদ্ধ নহয় । দায়বদ্ধ হোৱাহেঁতেন নাগৰিকপঞ্জী উন্নীত কৰিলেহেঁতেন ।’’

লগতে পঢ়ক : সস্তীয়া জনপ্ৰিয়তা বিচাৰি মুছলমানক লক্ষ্য কৰি লৈছে হিমন্ত বিশ্ব শৰ্মাই : তেজস্বী যাদৱ

বিভাজন নীতিত ব্ৰিটিছতকৈ ওস্তাদ মুখ্যমন্ত্ৰী হিমন্ত: গৌৰৱ গগৈ

বৃটিছৰ দিনৰে পৰা চলি অহা নামাজ বিৰতিৰ বিলুপ্তিকৰণ ! বিৰোধিতা বিৰোধী বিধায়কৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.