ETV Bharat / politics

হাইপ্ৰফাইল নেতা অবিহনেই গুৱাহাটী সমষ্টিত দুই মহিলা প্ৰাৰ্থীৰ জোৰদাৰ প্ৰচাৰ অভিযান - Lok Sabha election 2024

Guwahati LS constituency: গুৱাহাটী লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি আৰু কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীৰ ব্যাপক প্ৰচাৰ । কোনোৱে যদি নাচিছে গাইছে আন কোনোৱে ঘৰে ঘৰে তথা বজাৰে সমাৰে বিলাইছে প্ৰচাৰ-পত্ৰ । অকলেই চলাই গৈছে নিজৰ প্ৰচাৰকাৰ্য । গুৱাহাটী লোকসভা সমষ্টিত ৭ মে'ত তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'ব নির্বাচন । ডেৰ দশক ধৰি মহিলাৰ দখলত থকা সমষ্টিটো পুনৰ এগৰাকী মহিলাৰ দখলত থকাটো প্ৰায় নিশ্চিত ।

author img

By ETV Bharat Assamese Team

Published : Apr 11, 2024, 3:52 PM IST

Guwahati LS constituency
Lok Sabha election 2024

গুৱাহাটী, ১১ এপ্ৰিল: ৰাজ্যৰ সৰ্বত্র এতিয়া লোকসভা নিৰ্বাচনৰ ব্যাপক প্ৰচাৰ অভিযান দেখা গৈছে । বিশেষকৈ উজনিত নির্বাচনী প্ৰচাৰ তুংগত উঠিছে । ১৯ এপ্ৰিলত ৰাজ্যৰ পাঁচটা সমষ্টি ক্ৰমে লখিমপুৰ, কাজিৰঙা, যোৰহাট, শোণিতপুৰ আৰু ডিব্ৰুগড়ত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব । যাৰ বাবে উজনিৰ এই পাঁচটা সমষ্টিত এতিয়া নিৰ্বাচনী প্ৰচাৰ অভিযান অধিক তীব্ৰতৰ হৈ পৰিছে ।

Lok Sabha election 2024
বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি

শাসক-বিৰোধীৰ সকলো ৰথী-মহাৰথী তথা হাইপ্ৰফাইল নেতা উবুৰি খাই পৰিছে প্ৰথম পৰ্যায়ৰ পাঁচটা সমষ্টিত । উজনিৰ এনে ব্যাপক তৎপৰতাৰ মাজতে গুৱাহাটী লোকসভা সমষ্টিত দুগৰাকী মহিলা প্রার্থীয়ে নীৰৱে চলাই নিছে নিজৰ প্ৰচাৰ অভিযান । কোনোধৰণৰ হাইপ্ৰফাইল নেতা লগত নোলোৱাকৈয়ে দুয়োগৰাকী প্ৰাৰ্থীয়ে দিন-ৰাতি একাকাৰ কৰি চলাই গৈছে ব্যাপক প্ৰচাৰ অভিযান ।

Lok Sabha election 2024
কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ

তেওঁলোক হৈছে বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি আৰু কংগ্ৰেছৰ প্ৰাৰ্থী তথা বৰ্তমানৰ অসম প্রদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামী ।

Lok Sabha election 2024
কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ

দুয়োগৰাকী প্ৰাৰ্থীয়ে সমষ্টিটোৰ বিভিন্ন অঞ্চললৈ গৈ সৰু-সৰু সভা অনুষ্ঠিত কৰি নিৰ্বাচনী প্ৰচাৰ চলাই আহিছে । দুয়োগৰাকী প্ৰাৰ্থীয়ে ঘৰে ঘৰে গৈ প্ৰচাৰ চলাই আছে । কোনোৱে যদি নাচিছে গাইছে তেন্তে আন কোনোৱে ঘৰে ঘৰে, বজাৰে সমাৰে বিলাইছে প্ৰচাৰ-পত্ৰ ।

Lok Sabha election 2024
বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ প্ৰচাৰ

উল্লেখ্য যে আন চাৰিটা সমষ্টিৰ লগতে গুৱাহাটী লোকসভা সমষ্টিত ৭ মে'ত তৃতীয় পৰ্যায়ত নির্বাচন অনুষ্ঠিত হ'ব । লক্ষণীয় বিষয় যে সন্মানীয় গুৱাহাটী লোকসভা সমষ্টিটো এইবাৰ অত্যন্ত গুৰুত্বপূৰ্ণ সমষ্টি হিচাপে বিবেচিত হৈছে ।

বিগত প্রায় ডেৰ দশক ধৰি মহিলা সাংসদৰ দখলত থকা সমষ্টিটোত এইবাৰো পুনৰ এগৰাকী মহিলা দিল্লীলৈ যোৱাটো একপ্ৰকাৰ প্ৰায় নিশ্চিত হৈ পৰিছে । আনহাতে একেৰাহে তিনিটাকৈ কার্যকাল বিজেপিৰ দখলত থকা সমষ্টিটো চতুৰ্থবাৰৰ বাবেও নিজৰ দখলত ৰখাৰ বাবে বিশেষ ৰণ-কৌশল প্রস্তুত কৰিছে গেৰুৱা দলটোৱে । ডাবল ইঞ্জিন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামত বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে ভোট বিচৰাৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে বিজেপিৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰ আৰু জ্বলন্ত সমস্যাসমূহৰ কথাৰে ৰাইজৰ কাষ চাপিছে ।

বাকপটু নেত্রী হিচাপে পৰিচিত মীৰা বৰঠাকুৰে সমষ্টিটোত এঘড়ী যুঁজ দিয়াৰ বাবে দিন-ৰাতি একাকাৰ কৰি আটাইকেইটা বিধানসভা সমষ্টিৰ দলীয় কৰ্মীৰ মাজত সভা-সমিতি অনুষ্ঠিত কৰিছে যদিও বিজেপিৰ কৌশলী ৰাজনীতিয়ে সমস্যাৰ সৃষ্টি কৰিছে । বিজেপি চৰকাৰৰ উন্নয়নৰ জয়গানেৰে নিৰ্বাচনী বৈতৰণী পাৰ হ'ব বিচাৰিছে বিজুলী কলিতা মেধিয়ে ।

বিপৰীতে গণতন্ত্ৰ ৰক্ষাৰ নামত ৰাইজক বিবেক ভোট দিয়াৰ আহ্বান জনাই মীৰা বৰঠাকুৰ গোস্বামীয়ে বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হোৱা পৰিলক্ষিত হৈছে ।

লক্ষণীয় বিষয় যে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে সদায়ে বিজেপি দলৰ অন্যায়-অবিচাৰৰ বিৰুদ্ধে সৰৱ হৈ মাত মাতি আহিছে । জনতাৰ মাজতো তেওঁ সেই দিশটোক দাঙি ধৰিছে । মুঠতে গুৱাহাটী সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা শাসক-বিৰোধীৰ দুয়োগৰাকী নেত্রীয়ে পূৰ্ণোদ্যমে চলাই আহিছে প্ৰচাৰ অভিযান । অৱশ্যে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পাছত শাসক-বিৰোধীৰ হাইপ্ৰফাইল নেতাৰ সমাগম ঘটিব গুৱাহাটী সমষ্টিত । তেতিয়া অধিক গৰম হৈ পৰিব গুৱাহাটী সমষ্টি ৰাজনৈতিক পৰিৱেশ ।

উল্লেখ্য যে সমষ্টি পুনৰ নির্ধাৰণৰ পাছত গুৱাহাটী লোকসভা সমষ্টিটোৰ কিছু সাল-সলনি হৈছে যদিও বিধানসভা সমষ্টিৰ সংখ্যা পূৰ্বৰ দৰেই ১০টাই আছে । সমষ্টি পুনৰ নির্ধাৰণৰ পাছত গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত ১০টা বিধানসভা সমষ্টি হৈছে পশ্চিম গোৱালপাৰা (এছ টি), দুধনৈ (এছ টি), ছমৰীয়া, বকো-ছয়গাঁও (এছ টি), পলাশবাৰী, দিছপুৰ, ডিমৰীয়া (এছ চি), নিউ গুৱাহাটী,গুৱাহাটী চেণ্ট্ৰেল আৰু জালুকবাৰী সমষ্টি ।

স্বাধীনতাৰ পাচৰে পৰা বেছিভাগ সময় কংগ্ৰেছৰ দখলত থকা গুৱাহাটী লোকসভা সমষ্টিটোত কোনো এটা দল নাইবা প্ৰাৰ্থীক সমষ্টিবাসীয়ে দুবাৰৰ বেছি থাকিবলৈ দিয়া নাই যদিও বিজেপিৰ ক্ষেত্ৰত ব্যতিক্রম দেখা গৈছে ।

বিগত তিনিটা নিৰ্বাচনত সমষ্টিটোৰ ৰাইজে বিজেপিৰ পক্ষতে সমর্থন আগবঢ়াই আহিছে । গুৱাহাটী সমষ্টিৰ পৰা হেম বৰুৱা, দীনেশ গোস্বামীৰ দৰে ব্যক্তি সাংসদ হিচাপে নিৰ্বাচিত হৈ দিল্লীলৈ গৈছে । এনে পৰিস্থিতিত এইবাৰ গুৱাহাটী সমষ্টিৰ ৰাইজে কাক সাংসদ হিচাপে নিৰ্বাচিত কৰে সেয়া হ'ব অত্যন্ত লক্ষণীয় ।

ইফালে ৰাজ্যিক বিজেপিৰ এটা সূত্ৰই জনোৱা মতে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পাছতহে তৃতীয় পৰ্যায়ত নির্বাচন অনুষ্ঠিত হ'বলগীয়া সমষ্টিকেইটাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰ চলাব । অনুৰূপ ধৰণে প্ৰদেশ কংগ্ৰেছ আৰু বিৰোধী ঐক্য মঞ্চৰ নেতাসকলে দুটা পৰ্যায়ৰ নিৰ্বাচন সম্পূৰ্ণ হোৱাৰ পাছত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন হ'বলগীয়া সমষ্টি কেইটাত প্ৰচাৰ চলাব। যাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান দুয়োগৰাকী প্ৰাৰ্থীয়ে নিজাববীয়াকৈয়ে প্ৰচাৰ চলাই আছে ।

লগতে পঢ়ক: নিৰ্বাচনী ৰণক্ষেত্ৰত সৰ্বানন্দ সোণোৱাল : ডিব্ৰুগড়ৰ প্ৰাৰ্থীগৰাকীৰ সৈতে বিশেষ সাক্ষাৎকাৰ - Sarbananda Sonowal

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.