ETV Bharat / politics

লখিমপুৰত কংগ্ৰেছসহ মুঠ নজন প্ৰাৰ্থীৰ মনোনয়ন দাখিল - LOK SABHA ELECTIONS

author img

By ETV Bharat Assamese Team

Published : Mar 28, 2024, 11:32 AM IST

Lakhimpur LS : ১২ নং লখিমপুৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে বুধবাৰে ৫ জন প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে । মঙলবাৰে চাৰিজন প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰাৰ পাচত বুধবাৰে আন পাঁচজন প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে ।

Total nine candidates including Congress filed their nominations in Lakhimpur LS
লখিমপুৰত কংগ্ৰেছসহ মুঠ নজন প্ৰাৰ্থীৰ মনোনয়ন দাখিল

লখিমপুৰ, ২৮ মাৰ্চ : প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব লগীয়া সমষ্টিসমূহৰ অন্যতম ১২ নং লখিমপুৰ লোকসভা সমষ্টিৰ পৰা বুধবাৰে মনোনয়ন দাখিলৰ অন্তিম সময়লৈ কংগ্ৰেছসহ পাঁচজন প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে । এই প্ৰাৰ্থী কেইজন হ’ল কংগ্ৰেছৰ উদয় শংকৰ হাজৰিকা, নিৰ্দলীয় প্ৰাৰ্থী দেবনাথ পাইট, গোবিন্দ বিশ্বকৰ্মা, ধীৰেণ কছাৰী আৰু বিক্ৰম ৰামচিয়াৰী ।

উল্লেখ্য যে, চিপিআই দলৰ পৰা ধীৰেণ কছাৰীয়ে বুধবাৰে মনোনয়ন দিবলৈ আহিছিল যদিও প্ৰ-পত্ৰত ছীল মোহৰৰ আসোঁৱাহৰ বাবে ৰিটাৰ্ণিং বিষয়াই তেওঁৰ মনোনয়ন গ্ৰহণ নকৰিলে । অৱশ্যে পৰৱৰ্তী সময়ত প্ৰাৰ্থীগৰাকীক দলৰ সলনি নিৰ্দলীয় হিচাপে মনোনয়ন দিব পাৰিব বুলি উল্লেখ কৰে । ফলত সমষ্টিটোত চিপিআই দলৰ প্ৰাৰ্থী নোহোৱা হৈ পৰে । আনহাতে, অজল নম শুদ্ৰ নামৰ এজন লোকেও ফৰৱাৰ্ড ব্লকৰ পৰা মনোনয়ন দিবলৈ আহিছিল যদিও তেওঁৰো তথ্য বিসংগতিৰ বাবে মনোনয়ন গ্ৰহণ নকৰিলে ৰিটাৰ্ণিং বিষয়াই ।

মনোনয়ন দাখিল কৰি নিৰ্দলীয় প্ৰাৰ্থী বিক্ৰম ৰামচিয়াৰীয়ে সংবাদ মাধ্যমৰ আগত কয়, ‘‘লখিমপুৰ লোকসভা সমষ্টিত এইবাৰ মামাৰ ৰাজনীতি নচলিব । মামাৰ ৰাজনীতিৰ বিপৰীতে এইবাৰ ভাগিন ওলাই আহিছে ৷’’ প্ৰদান বৰুৱাৰ দৰে সংসদত মাত মাতিব নোৱাৰা লোকৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰি তেওঁ কয়, ‘‘সংসদত সবল ৰূপত সমস্যাৰাজি তুলি ধৰিবলৈ মই প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাই আহিছো । নিৰ্বাচনত তেওঁ দহ লাখ ভোট পাব’’ ।

আন এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী তথা অধিবক্তা দেবনাথ পাইটে কয়, ‘‘লখিমপুৰ লোকসভা সমষ্টিটো বান, খহনীয়া, নিবনুৱা আদি এশ এবুৰি সমস্যাৰে ভৰা । সমাধান কৰাত চৰকাৰৰ সদিচ্ছা নাই । সমষ্টিটোৰ পৰা নিৰ্বাচিত জন প্ৰতিনিধিসকলৰ ভূমিকা নীৰৱ’’ । সেয়ে তেওঁ এটা আদৰ্শ স্থাপন কৰি সমস্যা সমাধানৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হৈছে বুলি কয় । বুধবাৰে মনোনয়ন দাখিল কৰা তৃতীয়গৰাকী নিৰ্দলীয় প্ৰাৰ্থী গোবিন বিশ্ব কৰ্মায়ো সমষ্টিটোৰ সমস্যা সমাধানত তেওঁ এক বলিষ্ঠ কণ্ঠ হ’ব বুলি আশা প্ৰকাশ কৰি ভোটাৰ ৰাইজৰ সমৰ্থন বিচাৰে ।

উল্লেখ্য যে, মঙলবাৰৰ দিনটোত লখিমপুৰ লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতাৰ বাবে চাৰিগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল । বিজেপিৰ প্ৰদান বৰুৱা, তৃণমূল কংগ্ৰেছৰ ঘনকান্ত চুতীয়া, এছইউচিআইৰ পল্লৱ পেগু আৰু ভিপিআইৰ বীৰেণ বাইলুঙে মনোনয়ন দাখিল কৰিছিল ৷

দুয়োদিনৰ ভিতৰত মুঠ নজন প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে । এই প্ৰাৰ্থীসকলৰ মনোনয়ন নাকচ নহ’লে নাইবা প্ৰত্যাহাৰ নকৰিলে সমষ্টিটোৰ ১৫ লক্ষাধিক ভোটাৰে তেওঁলোকৰ ভাগ্য নিৰ্ণয় কৰিব ।

লগতে পঢ়ক : সংসদীয় নিৰ্বাচনত প্ৰথমবাৰৰ বাবে অৱতীৰ্ণ শোণিতপুৰ সমষ্টিৰ দুই প্ৰাৰ্থীৰ সম্পত্তি কিমান ? - LOK SABHA ELECTIONs

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.