ETV Bharat / politics

যোৰহাটৰ দুই প্ৰতিদ্বন্দ্বী: কিমান ধনী গৌৰৱ গগৈ আৰু তপন কুমাৰ গগৈ ? - LOK SABHA ELECTION 2024 - LOK SABHA ELECTION 2024

Jorhat LS Constituency : কাৰ সম্পত্তি বেছি ? ছাত্ৰনেতাৰ পৰা বিজেপিৰ‌ সাংসদ হোৱা তপন কুমাৰ গগৈৰ নে 15 বছৰ‌ অসমৰ‌ মুখ্যমন্ত্ৰীৰ আসনত বহা প্ৰয়াত তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈৰ ?

Etv Bharat
যোৰহাটৰ দুই প্ৰতিদ্বন্দ্বীৰ সম্পত্তি কিমান
author img

By ETV Bharat Assamese Team

Published : Mar 28, 2024, 9:12 PM IST

গুৱাহাটী, 28 মাৰ্চ : যোৰহাট লোকসভা সমষ্টিৰ বাবে ইতিমধ্যে নিৰ্বাচনী ৰণত নামিছে শাসক-বিৰোধীৰ দুই শক্তিশালী প্ৰাৰ্থী বিজেপিৰ তপন কুমাৰ গগৈ আৰু কংগ্ৰেছৰ গৌৰৱ গগৈ ৷ ইতিমধ্যে দুয়োগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে ৷ মনোনয়ন‌ পত্ৰৰ শপতনামাত দুয়োগৰাকীয়ে দাখিল‌ কৰিছে তেওঁলোকৰ সম্পত্তিৰ তালিকা ৷ শপতনামাত দাখিল কৰা সম্পত্তিৰ তালিকাৰ পৰা পোহৰলৈ আহিছে কোন বেছি ধনী ৷ ছাত্ৰনেতাৰ পৰা বিজেপিৰ‌ সাংসদ হোৱা তপন কুমাৰ গগৈ নে, 15 বছৰ‌ অসমৰ‌ মুখ্যমন্ত্ৰীৰ আসনত বহা প্ৰয়াত তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈ ?

  • " class="align-text-top noRightClick twitterSection" data="">

গৌৰৱ গগৈৰ সম্পত্তি :

2019 চনত পূৰ্বৰ কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা সাংসদ হোৱা প্ৰাক্তন‌ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হ'ল 2 কোটি 25 লাখ টকা আৰু স্থাৱৰ সম্পত্তিৰ পৰিমাণ ‌হ'ল 38 লাখ 30 হাজাৰ 796 টকা ৷ শপতনামাত দাখিল‌ কৰা তথ্য অনুসৰি গৌৰৱ গগৈৰ হাতত থকা জমা ধনৰ পৰিমাণ 45 হাজাৰ‌ 600‌ টকা ৷ তেওঁৰ পাঁচটা বেংক একাউণ্টত জমা থকা ধনৰ পৰিমাণ 11,79,118টকা ৷ তেওঁ মিউচুৱেল ফাণ্ডত‌ 5,63,082 টকা‌ বিনিয়োগ কৰা দেখুৱাইছে ৷ আকৌ ডাকঘৰত বিনিয়োগ কৰা মুঠ ধনৰ পৰিমাণ 11 লাখ 14 হাজাৰ 995 টকা ৷

প্ৰাৰ্থীগৰাকীৰ নিজৰ নামত আছে 2 লাখ‌ 10 হাজাৰ‌ টকাৰ এখন চুইফট ডিজায়াৰ গাড়ী ৷ আনহাতে তেওঁৰ নিজৰ নামত বেলতলাৰ অজন্তা পথত দুই কঠা এক‌ লেচা‌ মাটিত এটা তিনিমহলীয়া অট্টালিকা আছে ৷ বেলতলাৰ বৰসজাইত 4 কঠা 19 লেচাৰ আন এটুকুৰা মাটি আছে ৷ আনহাতে নতুন দিল্লীৰ বসন্ত কুঞ্জত এটা ফ্লেট আছে তেওঁৰ ৷ গৌৰৱ গগৈৰ কোনো কৃষি ভূমি নাই বুলি শপতনামাত উল্লেখ কৰিছে ৷

ইফালে গৌৰৱ গগৈৰ পত্নী তথা OPM India private limited ৰ চাকৰিয়াল এলিজাবেথ কালবাৰ্ন গগৈৰ নিজৰ নামত বিভিন্ন বেংকত জমা থকা আৰু বিভিন্ন শিতানত বিনিয়োগ কৰা আৰু তেওঁৰ লগত থকা সোণ আৰু ৰূপৰ অংলকাৰ মিলি মুঠ 2 কোটি 3 লাখ 832 টকাৰ অস্থাৱৰ সম্পত্তি আছে ৷ তেওঁৰ হাতত থকা নগদৰ পৰিমাণ 25 হাজাৰ 200 টকা ৷ তেওঁৰ অলংকাৰৰ বজাৰ‌ মূল্য প্ৰায় 24 লাখ 11 হাজাৰ 685 টকা বুলি উল্লেখ কৰিছে ৷

আনহাতে গৌৰৱ গগৈৰ পুত্ৰ কবীৰ গগৈৰ বিভিন্ন বেংক একাউণ্টত জমা আৰু বিনিয়োগ কৰা অস্থাৱৰ মুঠ ধনৰ পৰিমাণ 22 লাখ 03 হাজাৰ 538 টকা আৰু কন্যা মায়া গগৈৰ বিভিন্ন বেংক একাউণ্টত জমা আৰু বিনিয়োগ কৰা অস্থাৱৰ মুঠ ধনৰ পৰিমাণ 2 লাখ 21 হাজাৰ 952 টকা ৷

তপন কুমাৰ গগৈৰ সম্পত্তি :

আছুৰ সাধাৰণ সম্পাদক পদৰ পৰা অব্যাহতি লৈ 2019 চনত যোৰহাটৰ পৰা বিজেপিৰ সাংসদ হৈ এইবাৰো যোৰহাট লোকসভা সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থিত্ব লাভ কৰা তপন কুমাৰ গগৈৰ শপতনামাত দাখিল কৰা তথ্যমতে তেওঁৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ 2 কোটি 51 লাখ 44 হাজাৰ 290 টকা ৷ ইয়াৰ ভিতৰত আছে তেওঁৰ 6 টাকৈ বেংক একাউণ্টত থকা জমা ধন, তেওঁৰ নামত থকা টয়টা ইনোভা বাহন, সোণৰ অলংকাৰ আৰু এল আই চিৰ বীমা ৷ তেওঁৰ হাতত জমা থকা নগদ ধনৰ পৰিমাণ 3 লাখ 38 হাজাৰ টকা ৷

আনহাতে শপতনামাত দিয়া তেওঁৰ স্থাৱৰ সম্পত্তিৰ তালিকাত আছে 22 লাখ 80 হাজাৰ টকাৰ‌ মূল্যৰ ভূমি ৷ গগৈৰ বেংক একাউণ্ট সমূহৰ ভিতৰত পাঁচটা বেংক একাউণ্টত ক্ৰমে 41, 13, 440 টকা, 1, 23, 293 টকা, 3,93,786 টকা, 8,50,877 টকা আৰু 8,63,480 টকা জমা‌ আছে ৷ ইফালে তপন কুমাৰ গগৈৰ পত্নী বিনীতা শইকীয়া গগৈৰ হাতত থকা নগদ ধনৰ পৰিমাণ 1 লাখ 25 হাজাৰ টকা ৷ পেছাত সোণাৰী কলেজৰ গ্ৰন্থাগাৰিক বিনীতাৰ অস্থাৱৰ ধনৰ পৰিমাণ 45 লাখ 90 হাজাৰ 349 টকা ৷ ইয়াৰে সাতটা বেংক একাউণ্ট, এল আই চিৰ বীমা, সোণৰ অংলকাৰ আৰু এখন মাৰুতী ৱাগেনাৰ বাহন আছে ৷

তেওঁৰ সাতটা বেংক একাউণ্টৰ ভিতৰত তিনিটা বেংক একাউণ্টত ক্ৰমে 10 লাখ, 4,83, 946 টকা আৰু 1,35,946 টকা জমা আছে ৷ তেওঁৰ নামত থকা মাৰুতী ৱাগেনাৰৰ দাম 4,87, 387 টকা দেখুওৱা হৈছে ৷ আনহাতে তেওঁৰ লগত 2, 10,000 টকাৰ সোণৰ অলংকাৰ আছে বুলি শপতনামাত উল্লেখ কৰিছে ৷

লগতে পঢ়ক : সৰ্বানন্দ-লুৰীণৰ ভিতৰত কাৰ ধনবল বেছি ? ১০ বছৰত কিমান সম্পত্তি বাঢ়িল সোণোৱালৰ ? - LOK SABHA ELECTION 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.