ETV Bharat / politics

মিঞা বিদ্বেষ মুখ্যমন্ত্ৰীৰ গাদী ৰক্ষাৰ ৰাজনীতি : ৰিপুণ বৰা - Ripun Bora criticized CM HBS

author img

By ETV Bharat Assamese Team

Published : Aug 27, 2024, 9:17 PM IST

Updated : Aug 27, 2024, 9:30 PM IST

TMC leader Ripun Bora : ‘‘বিভিন্ন সময়ত মুখ্যমন্ত্ৰীয়ে ৰাইজক উদ্দেশ্যি উচটনিমূলক মন্তব্য আগবঢ়াই আহিছে ৷ তাৰেই পৰিণতি এই মিঞা বিদ্বেষ ৷’’ এক সংবাদমেলত মঙলবাৰে এই মন্তব্য কৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ৷

Assam Miya controversy
মিঞা বিদ্বেষ মুখ্যমন্ত্ৰী গাদী ৰক্ষাৰ ৰাজনীতি : ৰিপুণ বৰা (ETV Bharat)

গুৱাহাটী, ২৭ আগষ্ট : ‘‘সমগ্ৰ অসমত বিশেষকৈ উজনি অসমত সন্দেহযুক্ত বিদেশীৰ নামত যি মিঞাসকলক খেদি পঠিওৱাৰ লগতে এক বিদ্বেষ সৃষ্টি হৈছে ৷ এই সকলো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্দেশ্য প্ৰণোদিতভাৱে সৃষ্টি কৰিছে । বিগত সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে যিসমূহ উচটনিমূলক মন্তব্য আগবঢ়াই আহিছিল তাৰেই পৰিণতি মিঞা বিদ্বেষ ।’’ এই মন্তব্য অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ ৷

উল্লেখ্য যে, বৰ্তমান অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ চৰম ব্যৰ্থতাৰ বাবে সৃষ্টি হোৱা অৰাজকতা, জংঘলৰাজ তথা ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত মঙলবাৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই এক সংবাদমেল সম্বোধন কৰে । এই সংবাদমেলতে তেওঁ কেতবোৰ মন্তব্য কৰে ৷

লগতে পঢ়ক : সদনৰ মজিয়াত মুখ্যমন্ত্ৰীৰ ৰুদ্ৰমূৰ্তি : নামনিৰ মিঞাক উজনিলৈ যাব নিদিওৱেই, যি কৰে কৰক - Assam Assembly Autumn Session

বৰাই কয়, ‘‘ড৹ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰূপে শাসনভাৰ গ্ৰহণ কৰিয়েই উচ্ছেদৰ নামত অসমত বুলড’জাৰ চলাই উচ্ছেদক যি এক ধৰ্মীয় ৰহন সানিলে তাৰেই ফল মিঞা বিদ্বেষ । দ্বিতীয়তে, কিছুদিন পূৰ্বে গুৱাহাটীৰ পৰা ছমাহৰ ভিতৰত মিঞা চাফা কৰি দিয়াৰ মন্তব্য কৰি সাধাৰণ ৰাইজক উচটনি দিলে, তাৰেই ফল আজিৰ এই অৰাজক অৱস্থা । তৃতীয়তে, হিন্দু-মুছলমানৰ মাজত মাটি কিনা-বেচাৰ বাবে মুখ্যমন্ত্ৰীৰ পৰা অনুমোদন ল'ব লাগিব বুলি কৰা উদ্ভট মন্তব্য । চতুৰ্থতে, গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ বাবে মুছলমানৰ মালিকীস্বত্ব থকা এখন বিশ্ববিদ্যালয়ৰ বাবে হোৱা বুলি কৰা অদ্ভুত মন্তব্য । পঞ্চমতে, মুখ্যমন্ত্ৰীৰ এখন সংবাদমেলত এগৰাকী মুছলমান সম্প্ৰদায়ৰ সাংবাদিকে তেখেতৰ সমষ্টিত পাহাৰ খননক লৈ কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে সাংবাদিকগৰাকীৰ ধৰ্মৰ নামত যি ব্যক্তিগত আক্ৰমণ কৰিলে তাৰেই ফল আজিৰ এই সামাজিক বৈষম্য । মুঠতে এই সকলোবোৰ মন্তব্যৰে পৰোক্ষ তথা প্ৰত্যক্ষভাৱে অসমত মিঞা বিদ্বেষ সৃষ্টি কৰাত ইন্ধন যোগালে মুখ্যমন্ত্ৰীয়ে ।’’

লগতে পঢ়ক : উজনি, মিঞা আৰু মাছ: প্ৰয়োজনত উজনিলৈ মাছ-পাচলি পঠোৱাত নিজেই নেতৃত্ব ল’ব পদ্ম হাজৰিকাই - Assam Miya controversy

অসম তৃণমূল কংগ্ৰেছৰ সভাপতিগৰাকীয়ে মুখ্যমন্ত্ৰীক কটাক্ষ কৰি আৰু কয়, ‘‘অসমত মুছলমান লোকৰ সংখ্যা ৪০% বৃদ্ধিয়ে অসমতেই অসমীয়া মানুহ সংখ্যালঘু হ'ব, মানৱ সমাজক লজ্জিত কৰা ধৰ্ষণৰ দৰে ঘটনাকো যিদৰে মুখ্যমন্ত্ৰীয়ে সাম্প্ৰদায়িকতাৰ ৰং সানি হিন্দু-মুছলমান কৰিলে - এই সকলোবোৰ উচতনিমূলক আচৰণৰ চৰম পৰিণতি আজিৰ এই ধৰ্মীয় উন্মাদনা ।’’

ধৰ্মীয় মেৰুকৰণ ড৹ হিমন্ত বিশ্ব শৰ্মাৰ গাদী ৰক্ষাৰ ৰাজনীতি বুলি সংবাদমেলত উল্লেখ কৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ।

লগতে পঢ়ক : মিঞা হাটাও অভিযান : আইন হাতত তুলি নল’বলৈ আহ্বান ৰণজিৎ কুমাৰ দাসৰ - Ranjeet Kumar Dass

Last Updated : Aug 27, 2024, 9:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.