গুৱাহাটী, 12 মাৰ্চ : অসমৰ 14 টা লোকসভা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা এতিয়াও চূড়ান্ত কৰিব পৰা নাই কংগ্ৰেছ দলে । লক্ষণীয় বিষয় যে প্ৰদেশ কংগ্ৰেছে প্ৰস্তুত কৰা প্ৰাৰ্থী তালিকাক লৈ সন্তুষ্ট নহয় দলৰ কেন্দ্ৰীয় নেতৃত্ব । যাৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা প্ৰকাশত বিলম্ব হৈছে ।
কংগ্ৰেছৰ এনে বিলম্বৰ বিপৰীতে শাসকীয় দল বিজেপিয়ে ইতিমধ্যেই ঘোষণা কৰিলে তেওঁলোকৰ প্ৰাৰ্থী তালিকা । বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া 11 টা সমষ্টিৰ প্ৰাৰ্থী তালিকা ইতিমধ্যে ঘোষণা হ’ল । সেইদৰে মিত্রদল অগপই লাভ কৰা দুটা সমষ্টিৰ প্ৰাৰ্থী তালিকা সোমবাৰে ঘোষণা কৰিলে । একমাত্র এটা সমষ্টি লাভ কৰা মিত্রদল ইউ পি পি এলে বৰ্তমানেও ঘোষণা কৰা নাই প্ৰাৰ্থীৰ নাম ।
বিৰোধী দল হিচাপে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাক লৈ ব্যাপক চৰ্চা অব্যাহত আছে যদিও কংগ্ৰেছ দলে এতিয়াও চূড়ান্ত কৰিব পৰা নাই প্ৰাৰ্থী তালিকা । জানিব পৰা মতে, প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ বাবে কংগ্ৰেছক আৰু দুদিনমান সময়ৰ প্ৰয়োজন হ'ব । আনকি এই কথা সদৰী কৰিছে খোদ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ।
উল্লেখ্য যে, সোমবাৰে দিল্লীত অনুষ্ঠিত হয় কংগ্ৰেছৰ কেন্দ্ৰীয় নিৰ্বাচনী কমিটিৰ (চিইচি) বৈঠক । উক্ত বৈঠকত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই অংশগ্ৰহণ কৰে । মংগলবাৰে দিল্লীৰ পৰা উভতি অহাৰ পাচত সংবাদ মাধ্যমৰ আগত বৈঠক সন্দৰ্ভত সদৰী কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ।
শইকীয়াই কয়, "কংগ্ৰেছৰ কেন্দ্ৰীয় নিৰ্বাচনী বৈঠকত অসমৰ চেয়াৰমেন কে পি ৰাণাই অসমৰ প্ৰস্তাৱিত প্ৰাৰ্থী তালিকা দাঙি ধৰে । বৈঠকত অসমৰ প্ৰস্তাৱ সন্দৰ্ভত আলোচনা কৰি গৃহীত কৰা হয় যদিও দুটামান সমষ্টিৰ ক্ষেত্রত এতিয়াও চূড়ান্ত সিদ্ধান্ত হোৱা নাই । যাৰ বাবে গোটেইখিনি একেলগে কৰিবলৈ দলৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে দুদিন সময় ল’ব ।"
কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা প্ৰকাশৰ ক্ষেত্রত পলম হোৱাৰ কথা স্বীকাৰ কৰি বিৰোধী দলপতি শইকীয়াই কয়, "যিমান সোনকালে হ'ব সিমানে প্ৰাৰ্থীসকলে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সুবিধা পাব ।" আনহাতে নিৰ্বাচন খেলাৰ প্ৰসংগত বিৰোধী দলপতিগৰাকীয়ে কয়, "তেওঁ নিৰ্বাচন খেলিব বুলি আবেদন কৰা নাই । অৱশ্যে দলে বিচাৰিলে তেওঁ নিৰ্বাচন খেলিব ৷ কংগ্ৰেছ দলত নেতাৰ অভাৱ নাই ।"
আনহাতে ভূপেন বৰাই নিৰ্বাচন খেলিলে সমৰ্থন আগবঢ়াব বুলি শইকীয়াই সংবাদ মাধ্যমৰ আগত সদৰী কৰে । তেওঁ লগতে কয়, "দুটামান সমষ্টিৰ সিদ্ধান্ত চূড়ান্ত হ'লেই কংগ্ৰেছে 13 টা সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিব । ডিব্ৰুগড় সমষ্টিটো অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈক এৰি দিয়া হৈছে ।"
বিৰোধী দলপতিৰ বক্তব্যৰ পৰা এটা কথা স্পষ্ট যে কেইবাটাও সমষ্টিৰ ক্ষেত্রত এতিয়াও দলীয় নেতৃত্বই চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাই । যাৰ বাবে প্ৰাৰ্থী তালিকাও প্ৰকাশ কৰিব পৰা নাই । ইফালে দলীয় এক বিশেষ সূত্রই জনোৱা মতে প্ৰদেশ কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাক লৈ সন্তুষ্ট নহয় দলৰ কেন্দ্ৰীয় কমিটি । যাৰ পৰিপ্ৰেক্ষিতত প্ৰদেশ কংগ্ৰেছে দিয়া প্ৰাৰ্থী তালিকা ওলট-পালট হোৱাৰ সম্ভাৱনা আছে । প্ৰত্যক্ষভাৱে নকলেও বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই পৰোক্ষভাৱে কেইবাটাও সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ খেলিমেলি থকাৰ কথা স্বীকাৰ কৰিছে ।
সেয়া চূড়ান্ত হোৱাৰ পাচতহে কংগ্ৰেছৰ 13 টা সমষ্টিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ পাব । বিৰোধী দলপতিয়ে সদৰী কৰা অনুসৰি 14 মাৰ্চৰ পূৰ্বে প্ৰকাশ নাপায় কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা । ইফালে, দলীয় বিশেষ সূত্রটোৱে জনোৱা মতে কংগ্ৰেছৰ চিইচিৰ বৈঠকত প্ৰদেশ কংগ্ৰেছে দাখিল কৰা প্ৰাৰ্থী তালিকাক লৈ অসন্তুষ্টি ব্যক্ত কৰা হৈছে । বৈঠকত জ্যেষ্ঠ কংগ্ৰেছী নেতাক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰামৰ্শ আগবঢ়োৱা হৈছে ।
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াকো নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পৰামৰ্শ দিছে কংগ্ৰেছৰ কেন্দ্ৰীয় নিৰ্বাচনী কমিটিয়ে । এনে প্ৰেক্ষাপটত কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাখনত চৰ্চাৰ বিপৰীতে নতুনত্ব দেখিবলৈ পোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে । ইফালে বিজেপিক প্ৰতিহত কৰাৰ লক্ষ্যৰে 16 টা বিৰোধী ৰাজনৈতিক দল ঐক্যবদ্ধ হৈ গঠন কৰা বিৰোধী ঐক্য মঞ্চ কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ঘোষণাৰ পাচতে খণ্ডিত হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে । বিৰোধী ঐক্য মঞ্চত দলৰ সংখ্যা কমি যোৱাটো খাটাং ।
আম আদমী পাৰ্টী, তৃণমূল কংগ্ৰেছ, চি পি আই, চি পি আই এম আদি কেইবাটাও দলে ইতিমধ্যে নিজাকৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবে সাজু হৈছে । কংগ্ৰেছ দলে বিৰোধী ঐক্য মঞ্চৰ একমাত্র অসম জাতীয় পৰিষদ দলক এখন আসন দিয়াৰ বিপৰীতে বাকী 13 খনত নিজা প্ৰাৰ্থী দিয়াৰ কথা স্পষ্ট কৰি দিছে । যাৰ বাবে নিৰ্বাচনৰ পূৰ্বে বিৰোধী ঐক্য মঞ্চত কেইটা দল থাকিব সেয়া লক্ষণীয় হ'ব ।
লগতে পঢ়ক: হ্ৰাস পাইছে কোকৰাঝাৰ লোকসভা সমষ্টিৰ ভোটাৰ; কি হ’ব নিৰ্বাচনী ফলাফল ?