ETV Bharat / politics

লক্ষ্য বিধানসভা নিৰ্বাচন : নতুন সমীকৰণেৰে হ'ব মন্ত্রীসভাৰ সম্প্ৰসাৰণ ! - Assam Govt Ministry Reshuffle

author img

By ETV Bharat Assamese Team

Published : Aug 24, 2024, 6:01 PM IST

Assembly election 2026 : লক্ষ্য় ২০২৬ৰ বিধানসভা নিৰ্বাচন । ইয়াৰ পূৰ্বে পুনৰ মন্ত্রীসভাৰ সালসলনিক লৈ চৰ্চা । বিভিন্ন জাতি-জনগোষ্ঠীক সন্তুষ্ট কৰি নির্বাচনী অংকেৰে মন্ত্রীসভাত কেইবাগৰাকী নতুনক অন্তৰ্ভুক্ত কৰিব মুখ্যমন্ত্রীয়ে । কৰ্তন হ'ব বৰ্তমানৰ কেইবাজনো মন্ত্ৰীৰ মন্ত্ৰিত্ব । চৰ্চাত আছে কেইবাগৰাকীৰ নাম ।

Assembly election 2026
লক্ষ্য বিধানসভা নিৰ্বাচন (ETV Bharat Assam)

গুৱাহাটী, ২৪ আগষ্ট : মাজত প্ৰায় ডেৰ বছৰ সময় আছে যদিও ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ বাবে এতিয়াৰে পৰাই প্ৰস্তুতি আৰম্ভ কৰিছে বিজেপিয়ে । বিশেষকৈ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই এতিয়াৰে পৰাই বিধানসভা নিৰ্বাচনৰ বাবে টঙালি বান্ধিছে । এইক্ষেত্রত মন্ত্রীসভাৰ স‍ালসলনিৰ বিষয়টোও জড়িত হৈ আছে ।

লক্ষণীয় বিষয় যে বহু সময় ধৰি মন্ত্রীসভাৰ সালসলনিৰ বিষয়টো কেৱল চৰ্চাৰ মাজতে আৱদ্ধ হৈ আছে । মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মায়ো মন্ত্রীসভাৰ সালসলনিৰ প্ৰসংগত সময়ে সময়ে মন্তব্য কৰি আহিছে যদিও বিষয়টো আগবঢ়া নাই ।

যোৱা ১৫ আগষ্টৰ পূৰ্বে মন্ত্ৰীসভাৰ ব্যাপক সাল-সলনি ঘটোৱাৰ কথা আছিল যদিও হৈ নুঠিল । ইয়াৰ দ্বাৰা এটা কথা স্পষ্ট হৈ পৰিছে যে মন্ত্রীসভাৰ সালসলনিক লৈ ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ সমীকৰণ কৰা হৈছে । যাৰ বাবে বহু হিচাপ-নিকাচ কৰি মন্ত্রীসভাৰ সালসলনি ঘটোৱা হ'ব ।

বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ৰ এগৰাকী শীৰ্ষ নেতাই সদৰী কৰা মতে, বিভিন্ন জাতি-জনগোষ্ঠীক সন্তুষ্ট কৰি নির্বাচনী অংকেৰে মুখ্যমন্ত্রীয়ে মন্ত্রীসভাত কেইবাজনো নতুনক অন্তৰ্ভুক্ত কৰিব । আনহাতে, বৰ্তমানৰ কেইবাগৰাকী মন্ত্ৰীৰ মন্ত্ৰিত্ব কৰ্তন কৰিব ।

শীৰ্ষ নেতাগৰাকীয়ে জনোৱা মতে, অলপতে দিল্লীলৈ যোৱা মুখ্যমন্ত্ৰীয়ে দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাক সাক্ষাৎ কৰি ইতিমধ্যে মন্ত্ৰীসভাৰ সালসলনিৰ ক্ষেত্রতআলোচনা কৰিছে । দলৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে নিজৰ ইচ্ছা অনুসৰি মন্ত্রীসভাৰ সাল-সলনি ঘটাবলৈ মুখ্যমন্ত্ৰীক সেউজ সংকেত প্রদান কৰিছে ।

  • মন্ত্রীসভাৰ সালসলনি তথা সম্প্ৰসাৰণ : চৰ্চাত বহুজন

এই মন্ত্রীসভাখনত মুখ্যমন্ত্ৰীকে ধৰি মুঠ ১৯ গৰাকী সদস্য থকাৰ সম্ভাৱনা আছে । কিন্তু বিগত তিনি বছৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰীসভাৰ তিনিখন আসন পূৰণ কৰা নাছিল । ইয়াৰ পাচত লোকসভা নিৰ্বাচনত বৰাকৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য সাংসদ হৈ দিল্লীলৈ যোৱাৰ পাচত আৰু এটা মন্ত্ৰীৰ পদ খালী হ'ল । ইয়াকে ধৰি মন্ত্ৰীসভাৰ খালী থকা আসনৰ সংখ্যা চাৰিলৈ বৃদ্ধি পালে ।

আনহাতে, মুখ্যমন্ত্রীয়ে যদি দুজনকৈ বৰ্তমানৰ মন্ত্ৰীক মন্ত্রীসভাৰ পৰা আঁতৰ কৰে তেনেহ'লে মন্ত্রীত্বৰ আসনৰ সংখ্যা ছয়খনলৈ বৃদ্ধি পাব । ইফালে, দলীয় নেতৃত্বই যিকোনো সময়তে ৰাজ্যিক বিজেপিৰ নতুন সভাপতি নিযুক্তি দিব পাৰে । যাৰ বাবে বর্তমানৰ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই মন্ত্ৰী হোৱাৰ বাবে মন মেলিছে ।

আনহাতে, বিটিচি নিৰ্বাচনৰ প্রতি লক্ষ্য ৰাখি বিধানসভাৰ অধ্যক্ষ পদৰ পৰা আঁতৰাই বিশ্বজিত দৈমাৰীকো মন্ত্রীসভাত অন্তৰ্ভুক্ত কৰাৰ চিন্তা-চৰ্চা চলিছে । দলীয় শীৰ্ষ নেতাগৰাকীয়ে সদৰী কৰা মতে, বৰ্তমানৰ মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে যোগেন মহন আৰু সঞ্জয় কিষাণে মন্ত্রিত্ব হেৰুওৱাৰ সম্ভাৱনা আছে ।

মুখ্যমন্ত্রীয়ে চন্দ্ৰমোহন পাটোৱাৰীক বিধানসভাৰ অধ্যক্ষ বা ৰাজ্যসভালৈ প্ৰেৰণ কৰি তেওঁৰ স্থানত ভবেশ কলিতাক মন্ত্রীসভাত অন্তর্ভুক্ত কৰিব পাৰে । একেদৰে আহোম জনগোষ্ঠীৰ যোগেন মহনক দলীয় দায়িত্ব অপর্ণ কৰি তেওঁৰ স্থানত থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁইক মন্ত্রীসভাত অন্তর্ভুক্ত কৰিব পাৰে ।

  • ২০২৬ক লক্ষ্য কৰি সালসলনিৰ সমীকৰণ :

বিগত লোকসভা নিৰ্বাচনত আহোম সম্প্ৰদায়ৰ ভোট বিজেপিয়ে বিশেষভাৱে লাভ কৰা নাছিল । যাৰ বাবে যোৰহাট সমষ্টিটোত কংগ্ৰেছৰ প্রার্থী গৌৰৱ গগৈ বিপুল ভোটত জয়ী হৈছিল । ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আহোম সম্প্রদায়ৰ ভোটৰ অংকত যুৱ নেতা হিচাপে সুশান্ত বৰগোহাঁইক মন্ত্রীসভাত অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা প্ৰৱল ।

ইফালে, চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা মন্ত্রী সঞ্জয় কিষাণৰ কামকাজক লৈ মুখ্যমন্ত্রী সন্তুষ্ট নহয় । যাৰ বাবে তেওঁৰ স্থানত চাহ জনগোষ্ঠীৰে আন এজন বিধায়ক ডুমডুমাৰ ৰূপেশ গোৱালাক মন্ত্রিত্ব প্ৰদানৰ সম্ভাৱনা আছে বুলি চৰ্চা চলিছে । চাহ জনগোষ্ঠীৰ প্রভাৱশালী সংগঠন অসম চাই মজদুৰ সংঘৰ সাধাৰণ সম্পাদক হৈ থকা গোৱালাক মন্ত্রিত্ব প্রদান কৰিলে আগন্তুক বিধানসভা নির্বাচনত চাহ জনগোষ্ঠীৰ ভোট বেংকত শক্তিশালী খোপনি পুতিব পৰা যাব বুলি ভাবিছে বিজেপি দলটোৱে ।

ইফালে,বৰাকৰ প্ৰতিনিধি হিচাপে পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পাল অথবা লক্ষীপুৰৰ বিধায়ক কৌশিক ৰায়ক মন্ত্রীসভাত অন্তর্ভুক্ত কৰাটো একপ্ৰকাৰ নিশ্চিত । আনহাতে, কোচ-ৰাজবংশী সম্প্রদায়ৰ কোনো লোক মন্ত্রীসভাত অন্তর্ভুক্ত হৈ নথকাৰ প্ৰতি লক্ষ্য ৰাখি পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়াকো মন্ত্রীসভাত স্থান দিব বুলি চৰ্চা চলিছে ।

মুঠৰ ওপৰত মন্ত্রীসভাৰ সালসলনি তথা সম্প্রসাৰণ নিশ্চিত হোৱাৰ পাছত এতিয়া মন্ত্রীত্ব প্রত্যাশী বিধায়কসকলে লবীকেন্দ্ৰীক ৰাজনীতি আৰম্ভ কৰিছে । কোনোজনে যদি মুখ্যমন্ত্রীক সাক্ষ্যত কৰিছে আৰু আন কোনোজনে দিল্লীলৈ গৈ কেন্দ্রীয় নেতৃত্বক সাক্ষাত কৰিছে ।

ইফালে, বিধায়ক প্রশান্ত ফুকন, সিদ্ধার্থ ভট্টাচার্য, জিতু গোসামী, পদ্ম হাজাৰিকা, ভাস্কৰ শৰ্মা, ৰূপক শৰ্মা আদিৰ লগতে আন বহুকেইজনবিধায়ক মন্ত্রিত্বৰ দৌৰত আছে । তদুপৰি দিল্লীলৈ যোৱাৰ পৰিৱৰ্তে বিধানসভালৈ অহাৰ মনেৰে এইবাৰ লোকসভা নিৰ্বাচনত অৱতীৰ্ণ নোহোৱা প্ৰাক্তন সাংসদ পল্লৱ লোচন দাসকো মন্ত্রীসভাত অন্তর্ভুক্ত কৰিব পাৰে মুখ্যমন্ত্রীয়ে ।

অৱশ্যে পল্লৱ লোচন দাসক যদি এতিয়া মন্ত্রিত্ব প্ৰদান নকৰে তেন্তে উপ-নির্বাচনৰ পাছত হ'লেও তেওঁক মন্ত্রিত্ব প্ৰদান কৰাটো প্ৰায় নিশ্চিত। মুখ্যমন্ত্রীয়ে আগন্তুক বিধানসভা নির্বাচনৰ প্রতি লক্ষ্য ৰাখিহে মন্ত্রীৰ সালসলনি তথা সম্প্ৰসাৰণ কৰিব । ২০২৬ৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্রীসভাৰ শক্তিশালী টীম গঠনৰ বাবে কৰা হ'ব মন্ত্রীসভাৰ সালসলনি ।

লগতে পঢ়ক:মুখ্যমন্ত্ৰীয়ে দিলে মন্ত্ৰীসভা সম্প্ৰসাৰণৰ ইংগিত : চাৰি নতুন সদস্যৰ অন্তৰ্ভূক্তিৰ সম্ভাৱনা - Assam Govt Ministry Reshuffle

৪ জুনৰ পিচত হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ সালসলনি ! ভৱেশ কলিতা মন্ত্ৰী হ’লে ৰাজ্যিক সভাপতি হ’ব কোন ? - Assam Govt Ministry Reshuffle

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.