ETV Bharat / politics

অগপ-বিজেপিৰ 50 শতাংশ সমৰ্থকে চি পি আই(এম)ক ভোট দিব: সুপ্ৰকাশ তালুকদাৰ - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

এই পৰ্যন্ত 40 শতাংশ নিশ্চিত যদিও 50 শতাংশ পৰ্যন্ত অগপ-বিজেপিৰ সমৰ্থকে মনোৰঞ্জন তালুকদাৰক ভোট দিব ৷ চাৰিখন আসনত পৰাস্ত হ’ব বিজেপি ৷ এই মন্তব্য সুপ্ৰকাশ তালুকদাৰৰ ৷

SUPRAKASH TALUKDAR CPIM
CPI (M)ৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰ
author img

By ETV Bharat Assamese Team

Published : May 1, 2024, 7:38 PM IST

CPI (M)ৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰ

গুৱাহাটী, 1 মে’: বুধবাৰে মহানগৰীৰ হেদায়ৎপুৰস্থিত CPI(M) ৰ মুখ্য কাৰ্যালয়ত দলটোৰ নেতৃত্বই এক সংবাদমেল সম্বোধন কৰে । সংবাদমেলখন সম্বোধন কৰে দলটোৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে ।

সংবাদমেলযোগে সুপ্ৰকাশ তালুকদাৰে কয় যে বিজেপি আৰু সহযোগী দলসমূহক পৰাভূত কৰাই CPI (M) ৰ মূল উদ্দেশ্য । এইক্ষেত্ৰত অসমবাসীয়ে সঁহাৰি জনাব বুলি দলটো আশাবাদী বুলি কয় সুপ্ৰকাশ তালুকদাৰে ৷

এই সন্দৰ্ভত তালুকদাৰে কয়, ‘‘চাৰিখন আসনত পৰাস্ত হ’ব বিজেপি । ইতিমধ্যে দুখনত নিশ্চিত পৰাজয়ৰ ইংগিত পোৱা গৈছে । ধুবুৰীত অগপই আসন নাপায় । গুৱাহাটীত হ’ব কঠিন প্ৰতিদ্বন্দ্বিতা । কোকৰাঝাৰত তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতাই ক্ষতি কৰিব ইউ পি পি এলক’’ ৷

লগতে তেওঁ কয়, ‘‘ৰণজিৎ কুমাৰ দাস কংগ্ৰেছ দৰদী হৈ গ’ল । মনোৰঞ্জন তালুকদাৰে কংগ্ৰেছ দলক প্ৰতাৰণা কৰা বুলি তেওঁ মন্তব্য কৰিছে ৷ মনোৰঞ্জন তালুকদাৰে ৰাইজৰ সঁহাৰি লাভ কৰাৰ ফলত চিন্তিত হৈ পৰিছে বিজেপি মিত্ৰজোঁট’’ ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাকো কটাক্ষ কৰে CPI (M) ৰ ৰাজ্যিক সম্পাদক গৰাকীয়ে । ভূপেন বৰাৰ সন্দৰ্ভত তেওঁ কয়, ‘‘বৰাৰ শেহতীয়া অদ্ভূত ভাষ্যত উদ্বিগ্ন CPI (M) । কংগ্ৰেছ কৰ্মীসকলক লৈ আমাৰ কোনো ক্ষোভ নাই । কিন্তু ভূপেন বৰাৰ শেহতীয়া অদ্ভূত ভাষ্যসমূহ কোনোপধ্যেই গ্ৰহণযোগ্য নহয়’’ ৷

বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী দ্বীপ বায়নৰ স্থিতি এতিয়া সামগ্ৰিকভাবে বহুত দুৰ্বল বুলি মন্তব্য কৰি সমষ্টিটোত মনোৰঞ্জন তালুকদাৰৰ বিজয় নিশ্চিত বুলি দাবী কৰে CPI (M) এ । সুপ্ৰকাশ তালুকদাৰে কয় যে, বৰপেটাত মূল যুঁজ চলি আছে ফণীভূষণ চৌধুৰী আৰু মনোৰঞ্জন তালুকদাৰৰ মাজত । এইক্ষেত্ৰত কংগ্ৰেছে কি কৰি আছে বুলি প্ৰশ্ন কৰে সুপ্ৰকাশ তালুকদাৰে ৷ CPI (M)এ বৰপেটাত বঙালী হিন্দুৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰিব বুলিও দাবী দলটোৰ ।

ইফালে দলটোৰ ৰাজ্যিক সম্পাদকগৰাকীয়ে সদৰী কৰে যে বৰপেটা সমষ্টিত মাণিক সৰকাৰ আৰু সীতাৰাম কেশৰীয়ে নিৰ্বাচনী প্ৰচাৰ চলাব ৷

লগতে পঢ়ক: কংগ্ৰেছক উদাৰ হৈ সমৰ্থন কৰাৰ কাৰণ নাই :মনোৰঞ্জন তালুকদাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.