ETV Bharat / politics

গান্ধী জয়ন্তীত কংগ্ৰেছৰ মণ্ডলে-মণ্ডলে সৰ্বধৰ্মীয় প্ৰাৰ্থনা: নতুন সচিবালয়ত কোনবোৰ কাম কৰিবলৈ ক’লে ভূপেন বৰাই ? - Assam Congress

author img

By ETV Bharat Assamese Team

Published : Sep 8, 2024, 9:49 PM IST

APCC extended executive meeting : বিজেপিক ৰোধিবলৈ ঐতিহাসিক চৰাইদেউত বৰ্দ্ধিত কাৰ্যনিৰ্বাহক পাতিলে প্ৰদেশ কংগ্ৰেছে ৷ অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ হোৱাটো কংগ্ৰেছ দলে বিচাৰে ৷ বিজেপিয়ে নোৱাৰিলে শাসনলৈ আহিলে কংগ্ৰেছ দলে কৰিব বুলি মন্তব্য ৷

ASSAM CONGRESS
চৰাইদেউত ভূপেন বৰা আৰু দেৱব্ৰত শইকীয়াৰ সংবাদেমেল (ETV Bharat Assam)

ডিব্ৰুগড়, ৮ ছেপ্টেম্বৰ : আগ্ৰাসী বিজেপিক ৰোধিবলৈ দেওবাৰে ঐতিহাসিক চৰাইদেউত বৰ্দ্ধিত কাৰ্যনিৰ্বাহক পাতিলে প্ৰদেশ কংগ্ৰেছে ৷ হৈ যোৱা লোকসভা নিৰ্বাচনত ধুবুৰী আৰু যোৰহাটৰ দৰে সমষ্টিত কংগ্ৰেছ দলে অত্যধিক ভোট লাভ কৰাৰ পিচতে উৎসাহিত হৈ উঠিছে কংগ্ৰেছ । ইয়াৰ পিচতে পুনৰ হেৰাই যোৱা দলীয় ভেঁটি শক্তিশালী কৰিবলৈ তৎপৰ হৈছে কংগ্ৰেছ দল ।

সমাগত পঞ্চায়ত আৰু ২৬ বিধানসভা নিৰ্বাচনৰ বাবে শাসক দলৰ সমানে দলীয় সাংগঠনিক কামকাজ আগুৱাই নিছে কংগ্ৰেছ দলে । তেনে সময়তে ২৬ৰ বিধানসভা নিবাৰ্চনৰ ৰণনীতি প্ৰস্তুত কৰিলৈ দেওবাৰে চৰাইদেউত অনুষ্ঠিত হ'ল বৰ্দ্ধিত কাৰ্যনিৰ্বাহক । চৰাইদেউ জিলাৰ মথুৰাপুৰত প্ৰদেশ কংগ্ৰেছ কমিটীৰ বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙৰ লগতে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ তিনিজন সম্পাদক, কংগ্ৰেছ দলৰ তিনিজন সাংসদ গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইন ।

তদুপৰি ৰাজ্যৰ প্ৰতিখন জিলাৰ জিলা কংগ্ৰেছৰ সভাপতি, বিধায়ক, প্ৰাক্তন বিধায়ক, দলটোৰ জ্যেষ্ঠ নেতা আদিকে কৰি দলীয় সকলো কৰ্মকৰ্তাই এই বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰে । মথুৰাপুৰৰ ৰাজ্যিক বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰাৰ পূৰ্বে বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউত পূৰ্ব-পুৰুষৰ আৰ্শীবাদ গ্ৰহণ কৰিলে APCC ৰ তত্বাৱধায়ক গৰাকীয়ে । সংগ দিয়ে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ লগতে অসম প্ৰদেশ কংগ্ৰেছৰ সাংসদ আৰু বিধায়কসকলে ৷

সভা আৰম্ভ হোৱা পিচতেই তৃণমূল কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাৰ লগতে ৰাজ্যৰ বহুকেইজনে কংগ্ৰেছত দলত যোগদান কৰে । মূলতঃ সমাগত উপ-নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচন আৰু ’২৬ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে কেনেকৈ আগবাঢ়িব সেই সম্পৰ্কত আলোচনাত কৰা হয় । দিনজোৰা কাৰ্যসূচীৰে চৰাইদেউৰ মথুৰাপুৰত অনুষ্ঠিত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভাৰ অন্তত শলাগৰ শৰাই আগবঢ়ায় চৰাইদেউ জিলা সমিতিৰ সভাপতি উৎপল গগৈয়ে আৰু ইয়াৰ লগে লগে প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই সংবাদমেল সম্বোধন কৰে । সংবাদমেলত কেবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱৰ বিষয়ে সদৰী কৰে সভাপতিগৰাকীয়ে । তদুপৰি ডিব্ৰুগড়ত মুকলি কৰা সচিবালয়ৰ সন্দৰ্ভতো মন্তব্য প্ৰদান কৰে ভূপেন বৰাই ।

সংবাদমেলত কি কয় ভূপেন বৰাই ?

ভূপেন বৰাই কয়, ‘‘কংগ্ৰেছ দলৰ সাংসদ, বিধায়কৰ পৰা আৰম্ভ কৰি ৫৫৯ গৰাকী কংগ্ৰেছ কৰ্মীয়ে আজি এই বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰে ৷ বিজেপিয়ে যি বিভাজনৰ ৰাজনীতি কৰিবলৈ চেষ্টা কৰিছে তাৰ বিপৰীতে কংগ্ৰেছ দলে ২ অক্টোবৰ তাৰিখে মাহাত্মা গান্ধীৰ জন্ম দিনটো কংগ্ৰেছ দলৰ প্ৰতিটো মণ্ডলত সৰ্বদলীয় প্ৰাৰ্থনা অনুষ্ঠিত কৰিব ৷ উক্ত অনুষ্ঠানত প্ৰতিজন সাংসদ বিধায়কে নিজৰ নিজৰ মণ্ডলত অংশগ্ৰহণ কৰিব ৷’’

লগতে তেওঁ কয়, ‘‘জনজাতিকৰণক লৈ পূৰ্বৰ স্থিতিত অটল আছে কংগ্ৰেছ দল । কংগ্ৰেছ দলে অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ হোৱাটো বিচাৰে । বিজেপিয়ে নোৱাৰিলে শাসনলৈ আহিলে কংগ্ৰেছ দলে কৰিব ।’’

আনহাতে চৰাইদেউৰ মথুৰাপুৰত কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহকত ভালেকেইটা প্ৰস্তাৱ গ্ৰহণ কৰে দলটোৱে ৷ চৰাইদেউৰ মথুৰাপুৰত অসম প্ৰদেশ কংগ্ৰেছৰ বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভাত গ্ৰহণ কৰা প্ৰস্তাৱসমূহৰ সন্দৰ্ভত সংবাদ মাধ্যমক সম্বোধন কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ।

কংগ্ৰেছে গ্ৰহণ কৰা প্ৰস্তাৱক লৈ কি কয় দেৱব্ৰত শইকীয়াই ?

চৰাইদেউৰ মথুৰাপুৰত কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহকত ভালেকেইটা প্ৰস্তাৱ গ্ৰহণ কৰা হয় । কাৰ্যনিৰ্বাহক সভাত আইন-শৃংখলাজনিত প্ৰস্তাৱ গ্ৰহণ কৰি আলফাৰ বোমা সংস্থাপন, নাৰী নিৰ্যাতন আদিক কঠোৰ হাতেৰে দমন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় । আনহাতে অৰ্থনৈতিক প্ৰস্তাৱ গ্ৰহণ কৰি বিভিন্ন বিভাগত পুঁজিৰ অভাৱত কাম-কাজ কৰিব নোৱৰা বিষয়টো উল্লেখ কৰি চৰকাৰক গৰিহণা জনায় ।

অনুৰূপধৰণে বৈঠকত সাংগঠনিক প্ৰস্তাৱ, জোৰ জৱৰদস্তি অসমৰ ৰাইজক স্মাৰ্ট মিটাৰ দিয়া কাৰ্যৰ গৰিহণা প্ৰস্তাৱ গ্ৰহণ কৰে । লগতে জাতি উপ-জাতিৰ সামূহিক উন্নয়ণ প্ৰস্তাৱৰ লগতে শোক প্ৰস্তাৱো গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে । ৬ জনগোষ্ঠীক জনজাতিকৰণৰ কাৰণে বিজেপিয়ে কেৱল কংগ্ৰেছক দোষ দিয়াৰ পৰিৱৰ্তে যদি মুখ্যমন্ত্ৰীৰ সদিচ্ছা আছে বিধানসভাৰ বিশেষ অধিবেশন পাতি ৬ জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰিবলৈ আহ্বান জনায় কংগ্ৰেছে ৷ তদুপৰি অসম চুক্তিৰ ৬ নং দফাৰ ৰূপায়ণৰ ক্ষেত্ৰতো মুখ্যমন্ত্ৰীক স্থিতি স্পষ্ট কৰিবলৈ আহ্বান বিৰোধী দলপতিগৰাকীৰ ।

লগতে পঢ়ক : কংগ্ৰেছলৈ ঘূৰি অহাৰ কাৰণ ব্যাখ্যা ৰিপুণ বৰাৰ

বৰ্ধিত কাৰ্যনিৰ্বাহক সভাৰ পূৰ্বে চৰাইদেউ মৈদামত উপস্থিত কংগ্ৰেছ নেতৃত্ব

এতিয়াও অসম আৰক্ষীৰ হাত কোনে বান্ধি ৰাখিছে ? : গৌৰৱ গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.