ETV Bharat / politics

নিবাৰ্চন আহিল: শোণিতপুৰৰ পৰা দিল্লীলৈ যাব কোন ?

Sonitpur Lok Sabha: শোণিতপুৰ লোকসভা সমষ্টি প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত লক্ষ্যণীয় হৈ পৰিছে ৷ বৰ্তমানৰ সাংসদক আঁতৰোৱাৰ সম্ভাৱনাকে ধৰি ইণ্ডি এলায়েন্সৰো টিকটৰ অংকই এক আকৰ্ষণীয় ৰূপ লোৱাৰ সম্ভাৱনা আছে ৷ ইফালে আপ, টিএমচিৰ ভূমিকাও সুকীয়া ৷

Sonitpur Lok Sabha
শোণিতপুৰ লোকসভা সমষ্টি
author img

By ETV Bharat Assamese Team

Published : Mar 1, 2024, 9:55 PM IST

তেজপুৰ, ১ মাৰ্চ : লোকসভা নিবাৰ্চনৰ দিন চমু চাপি আহিছে ৷ মাৰ্চৰ দ্বিতীয় সপ্তাহতে নিবাৰ্চনৰ দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে ৷ ৰাজনৈতিক দল আৰু বিভিন্ন মহলে ধাৰণা কৰিছে যে অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত ৰঙালী বিহুৰ পূৰ্বেই অনুষ্ঠিত হ’ব নিবাৰ্চন ৷ স্বাভাৱিকতে ইয়াকে লৈ তৎপৰতা বৃদ্ধি পাইছে ৰাজনৈতিক দলসমূহৰ মাজত ৷ বিজেপি আৰু আপৰ প্ৰাৰ্থিত্বৰ তালিকাও ইতিমধ্যে প্ৰস্তুত হৈছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

শাসকীয় দল বিজেপিয়ে দলীয় কাৰ্যালয় আৰু লোকসভা সমষ্টি ভিত্তিত নিবাৰ্চনী কাযাৰ্লয়ৰ শুভাৰম্ভণী কৰাৰ লগতে বিভিন্ন সভা সমিতি, কাৰ্যকৰ্তা সন্মিলন আদি আয়োজন কৰিছে ৷ নিবাৰ্চনক লৈ দলটোৰ তৎপৰতা বৃদ্ধি পালেও দলীয় প্ৰাৰ্থীৰ আনুষ্ঠানিক ঘোষণা বাকী আছে ।

শুকুৰবাৰে তেজপুৰৰ চানমাৰীত লোকসভা নিবাৰ্চনৰ বাবে বিজেপিৰ কাৰ্যালয় মুকলি কৰা হয় । শোণিতপুৰত পূৰ্বৰ নিৰ্বাচনৰ তুলনাত ১০ গুণ ভোটাৰ বৃদ্ধি হৈছে ৷ সেয়েহে সমষ্টিটো বিজেপিৰ দখলত থাকিব বুলি এক প্ৰকাৰ নিশ্চিত শাসকীয় দল ৷ অৱশ্যে পূৰ্বতে বিভিন্ন মহলত চলা চৰ্চা অনুসৰি এইবাৰ শোণিতপুৰ সমষ্টিৰ প্ৰাৰ্থী আশ্বৰ্যজনকভাৱে সলনি হোৱাৰ সম্ভাৱনা আছে ৷

বৰ্তমানৰ সাংসদ পল্লৱ লোচন দাসে পুনৰ প্ৰতিদ্বন্দ্বিতাৰ পৰা বিৰত থাকিব আৰু প্ৰাৰ্থিত্বৰ বাবে প্ৰায় নিশ্চিত প্ৰাক্তন মন্ত্ৰী বিহালীৰ বিধায়ক তথা বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি ৰঞ্জিৎ দত্ত ৷ দত্তৰ প্ৰাৰ্থিত্ব ঘোষণাৰ পিচত বিজেপিৰ ভিতৰচ’ৰাত দুটা জনগোষ্ঠীৰ মাজত বিভাজন হোৱাৰ সম্ভাৱনা আছে নেকি এই লৈ এতিয়া এক চর্চা চলিছে ৷

কাৰণ সমষ্টিটোত চাহ জনগোষ্ঠীৰ সামন্তৰালকৈ নেপালী ভোটাৰৰ নিণাৰ্য়ক ভূমিকা থকা বুলি দাবী কৰি একাংশই অশোক ভট্টৰায়ৰ দৰে এজন গোর্খা প্ৰাৰ্থীৰ দাবী কৰি অলপতে মন্ত্ৰী নন্দিতা গাৰ্লোছালৈ পত্ৰও প্ৰেৰণ কৰিছিল ৷ অৱশ্যে কেন্দ্ৰীয় নেতৃত্বই ইতিমধ্যে চূড়ান্ত কৰিছে শোণিতপুৰৰ প্ৰাৰ্থীৰ নাম ৷

ইফালে কংগ্ৰেছ দলে বিভিন্ন সমষ্টিৰ প্ৰাৰ্থীৰ পেনেল প্ৰস্তুত কৰিছে ৷ সেই পেনেল অনুসৰি শোণিতপুৰত প্ৰাক্তন সাংসদ আৰ. পি. শৰ্মা, প্ৰেমলাল গুঞ্জু আৰু বণাৰ্লী ফুকনৰ নাম আছে ৷ অৱশ্য পেনেলত নথকা কোনো ব্যক্তিয়ে প্ৰাৰ্থিত্ব লাভ কৰিলেও অচৰিত হ’বলগীয়া নাই ৷

কংগ্ৰেছে প্ৰাৰ্থীৰ পেনেল প্ৰস্তুত কৰা সময়তে মিত্ৰদল আপে ইতিমধ্যে শোণিতপুৰ সমষ্টিটোৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ঋষিৰাজ কৌণ্ডিন্যক ৷ ৰাজ্যখনৰ ১৪ টা সমষ্টিৰ তিনিটা লাগে আপক আৰু আপে ইতিমধ্যে তিনিটা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ৷ একেদৰে টিএমচিকো লাগে আন তিনিটা সমষ্টি ৷

বিশেষকৈ শোণিতপুৰ সমষ্টিটোৰ প্ৰতি ইণ্ডি এলায়েন্সৰ অন্তৰ্ভুক্ত তৃণমূল কংগ্ৰেছ আৰু কংগ্ৰেছ দলৰ সমানেই আগ্ৰহ ৷

লগতে পঢ়ক: আকৌ টিকট পাব প্ৰদান বৰুৱাই ! কি কয় সাংসদগৰাকীয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.