ETV Bharat / politics

জনতাৰ সৈতে সমশাৰীত থিয় হৈ ভোটাধিকাৰ সাব্যস্ত জনপ্ৰতিনিধিৰ - lok sabha election 2024

author img

By ETV Bharat Assamese Team

Published : May 7, 2024, 10:02 AM IST

Updated : May 7, 2024, 12:46 PM IST

THIRD PHASE OF LS POLLS : ভোটদান প্ৰতিগৰাকী নাগৰিকৰ গণতান্ত্ৰিক অধিকাৰ । আজি লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ চাৰিটা সমষ্টিতেই ভোটদান সাব্যস্ত কৰিছে বহুকেইগৰাকী বিধায়কে ৷

Etv Bharat
Etv Bharat (Etv Bharat)

নিউজ ডেস্ক, ৭ মে’ : আজি লোকসভা নিৰ্বাচনৰ অন্তিমটো পৰ্যায় ৷ ৰাজ্যৰ চাৰিটা সমষ্টিত পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ প্ৰতিকুল বতৰৰ মাজতো বৰপেটা জিলাত পুৱা 7 বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ হৈছে । জিলাখনৰ বহু কেন্দ্ৰত পুৱাৰ পৰাই ভোটদাতাৰ দীঘলীয়া শাৰী দেখা গৈছে ।

বিধায়ক জাকিৰ হুছেইন শিকদাৰ

বিশেষকৈ গ্ৰামাঞ্চলৰ বহু কেন্দ্ৰত ভোটাৰে ছাটি লৈও ভোটদানৰ বাবে দীঘলীয়া শাৰীত থিয় হৈ নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে । ইয়াৰে সমান্তৰালকৈ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক জাকিৰ হুছেইন শিকদাৰে তেওঁৰ গৃহ সমষ্টি পাকা বেতবাৰীৰ ৭১৭ নম্বৰ কুৰিহা প্ৰাথমিক বিদ্যালয়ত স্থাপন কৰা ভোট কেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে ।

ভোটদান সাব্যস্ত কৰিলে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে (ETV BHARAT ASSAM)

বিধায়ক ৰফিকুল ইছলাম :

ধুবুৰী লোকসভা সমষ্টিতৰ অন্তৰ্গত মন্দিয়া বিধানসভা সমষ্টিৰ এম ই স্কুল ভোটগ্ৰহণ কেন্দ্ৰ দুটাত ভোটাৰৰ দীঘলীয়া শাৰী দেখা গৈছে । কলগাছিয়া নিম্ন বুনিয়াদী বিদ্যালয়ৰ 27 নং খণ্ডত ভোটাধিকাৰ সাব্যস্ত কৰে জনীয়া এ আই ইউ ডি এফ দলৰ বিধায়ক হাফিজ ৰফিকুল ইছলাম আৰু তেওঁৰ পত্নীয়ে ৷ বৰষুণে কিছু বিধি পথালি দিছে যদিও ভোটাৰ ৰাইজে পুৱাই ওলাই আহি নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছে ৷

বিধায়ক আফতাব উদ্দীন মোল্লা :

গোৱালপাৰা জিলাৰ লক্ষীপুৰ জলেশ্বৰত প্ৰতিকুল বতৰৰ মাজত হিলদল ভাঙি ওলাই আহিছে ভোটাৰ ৰাইজ । জলেশ্বৰ সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক আফতাব উদ্দিন মোল্লাই জলেশ্বৰ সমষ্টিৰ সুপাৰীভিটা ভেটগ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে ৷ প্ৰতিকুল বতৰৰ মাজতো ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰৰ যথেষ্ট ভিৰ পৰিলক্ষিত হয় ৷

প্ৰাক্তন বিধায়ক অশোক শৰ্মা :

নলবাৰীত পুৱাই নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে প্ৰাক্তন বিধায়ক অশোক শৰ্মাই ৷ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি সংবাদ মাধ্যমৰ আগত কেতবোৰ বিষ্ফোৰক মন্তব্য কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে ৷

অশোক শৰ্মা (ETV BHARAT ASSAM)

বিধায়ক মনেশ্বৰ ব্ৰহ্ম :

বৰমা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা কেন্দ্ৰীয় বিপিএফ দলৰ সম্পাদক মনেশ্বৰ ব্ৰহ্মই সাব্যস্ত কৰে ভোটাধিকাৰ ৷ তেওঁ কয় যে এইবাৰ ১ নং কোকৰাঝাৰ লোকসভাৰ বিপিএফ দলৰ প্ৰাৰ্থী খাম্ফা বৰ্গয়াৰীয়ে বিপুল ভোটৰ ব্যৱধানত জয়ী হ’ব ৷ ৰাইজে ইতিমধ্যে বিপিএফ দলৰ প্ৰতি আকৰ্ষিত হোৱা বুলিও কয় মনেশ্বৰ ব্ৰহ্মই ৷

প্ৰাক্তন বিধায়ক মনেশ্বৰ ব্ৰহ্ম (ETV BHARAT ASSAM)

মন্ত্ৰী তথা বিধায়ক জয়ন্ত মল্ল বৰুৱা:

বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত নলবাৰীত পৰিয়াল সহিতে ভোটদান সাব্যস্ত কৰিলে মন্ত্ৰী তথা জয়ন্ত মল্ল বৰুৱাই । নলবাৰীৰ চান্দকুছি পাব্লিক হাইস্কুলত ভোটদান সাব্যস্ত কৰে মন্ত্ৰী পৰিয়ালে । এইবাৰ মন্ত্ৰীগৰাকীৰ তনয়া তৃনাদৃপ্তা মল্ল বৰুৱাইও প্ৰথমবাৰৰ বাবে ভোটদান সাব্যস্ত কৰি মনৰ অনুভৱ সাংবাদিকৰ আগত ব্যক্ত কৰে । আনহাতে ভোটদান সাব্যস্ত কৰি বৰুৱাৰ সহধৰ্মিনী জুলী ডেকা বৰুৱাইয়ো সাংবাদিকৰ আগত মত ব্যক্ত কৰে ৷

জয়ন্ত মল্ল বৰুৱা (THIRD PHASE OF LS POLLS)

মন্ত্ৰী তথা বিধায়ক ৰণজিৎ কুমাৰ দাস

প্ৰতিকুল বতৰকো নেওচি মন্ত্ৰী তথা বিধায়ক ৰণজিৎ কুমাৰ দাসে ছাতি লৈ আহি সপৰিয়ালে বৰপেটাৰোডত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে । সকলোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায় দাসে ।

মন্ত্ৰী তথা বিধায়ক ৰণজিৎ কুমাৰ দাস (ETV BHARAT ASSAM)

বিধায়ক অখিল গগৈ

গুৱাহাটীৰ নিজৰাপাৰ প্ৰাথমিক বিদ্যালয়ত ভোটদান কৰি শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে সকলোকে সচেতন হৈ ভাবি চিন্তি ভোটদান কৰিবলৈ আহ্বান জনায় । তেওঁ কয় যে, এইবাৰ নিৰ্বাচনত সকলো সচেতন মানুহে ভয় কৰিছে । এইবাৰ যদি জনসাধাৰণে ভুল কৰে দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটো বদলি হৈ যাব পাৰে । সংবিধান বদলি হৈ যাব পাৰে । ধৰ্মনিৰপেক্ষ চৰিত্ৰৰ পৰিৱৰ্তে ধৰ্মীয় মৌলবাদীৰ দেশলৈ পৰিৱৰ্তন হ'ব পাৰে ।

অখিল গগৈ (ETV BHARAT ASSAM)

বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য

আজি মহানগৰীৰ বি কে কলেজত বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই সপত্নীক ভোটদান কৰে । ভোটদান কৰি আহি সংবাদমাধ্যমৰ সন্মুখত মন্তব্য কৰি ভট্টাচাৰ্যই কয়, ৰ'দৰ বতৰতকৈ এনেকুৱা বতৰেই ভোটদানৰ বাবে ভাল । সকলো ৰাইজকে ওলাই আহি ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায় বিধায়কগৰাকীয়ে ৷

সিদ্ধাৰ্থ ভট্টাচাৰ্য (ETV BHARAT ASSAM)

বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা

আজি পুৱাৰ ভাগতে চানমাৰিৰ পি এইছ ইত পশ্চিম গুৱাহাটী সমষ্টিৰ অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সপত্নীক ভোটদান কৰে ৷ ভোটদান কৰাৰ পাচত সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে কলিতাই ৷

নাৰায়ণ ডেকা (THIRD PHASE OF LS POLLS)

বিধায়ক তথা GMDAৰ অধ্যক্ষ নাৰায়ণ ডেকা

নলবাৰী জিলাৰ মুকালমুৱাৰ 132 নং হাউলীঘাট প্ৰাথমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান সাব্যস্ত কৰে বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা GMDAৰ অধ্যক্ষ নাৰায়ণ ডেকাই । ভোটাৰ ৰাইজৰ লগত একেলগে শাৰী পাতি ভোটদান কৰিলে নাৰায়ণ ডেকাই ।

বিধায়ক ছামছুল হুদা

ধুবুৰী জিলাৰ বিলাসীপাৰাৰ 481 নং ছুৱাপাতা এল পি স্কুল ভোটগ্ৰহণ কেন্দ্ৰত বিধায়ক ছামছুল হুদা ভোটদান কৰি ভোটাধিকাৰ সাব্যস্ত কৰে ৷

বিধায়ক এ কে ৰচিদ আলম

গোৱালপাৰা পাহাৰশিং পাৰা এল পি স্কুলস্থিত ভোটগ্ৰহণ কেন্দ্ৰত বিধায়ক এ কে ৰচিদ আলমে ভোটাধিকাৰ সাব্যস্ত কৰে ।

বিধায়ক এ কে ৰচিদ আলম (ETV BHARAT ASSAM)

বিজেপি নেতা মানস বৰা

গুৱাহাটীৰ দক্ষিণ বেলতলা হাইস্কুলত বিজেপি নেতা মানস বৰাই পত্নীসহ ভোটাধিকাৰ সাব্যস্ত কৰে ৷

বিজেপি নেতা মানস বৰা (ETV BHARAT ASSAM)

লগতে পঢ়ক :

ভোটযুদ্ধ LIVE : পুৱা 9 বজালৈকে অসমৰ সামগ্ৰিক ভোটদানৰ হাৰ 10.12% - Lok Sabha Elections 2024

চাৰিটা সমষ্টিৰ ৪৭ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব 81,49,091 গৰাকী ভোটাৰে - LOK SABHA ELECTION 2024

Last Updated : May 7, 2024, 12:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.