ETV Bharat / politics

লক্ষ্য লোকসভা : EVM ত বুটাম টিপি গণতন্ত্ৰৰ সৰ্ববৃহৎ উৎসৱত অংশগ্ৰহণ কেবাগৰাকী প্ৰাৰ্থীৰ - lok sabha election 2024 - LOK SABHA ELECTION 2024

Assam election : আজি অসমৰ চাৰিটা সমষ্টিত আৰম্ভ হৈছে লোকসভা নিৰ্বাচনৰ অন্তৰ্গত তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৷ ৰাজ্যৰ 81 লাখ ভোটাৰে নিৰ্ণয় কৰিব 47 গৰাকী প্ৰাৰ্থীৰ ভাগ্য ৷ অৱশ্যে নিজৰ ভাগ্য পৰীক্ষাৰ বাবে সাধাৰণ জনতাৰ সৈতে শাৰী পাতি ভোট দিয়া দেখা গ’ল কেবাজনো প্ৰাৰ্থীক ৷ লক্ষ্য লোকসভা ৷

Several Assam  Candidates cast their vote during third phase of lok sabha election 2024
ভোটদান সম্পন্ন (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : May 7, 2024, 11:07 AM IST

Updated : May 7, 2024, 2:07 PM IST

নিউজ ডেস্ক, ৭ মে’ : ইতিমধ্যে পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ৰাজ্যত ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ অসমৰ মুঠ ৪ টা লোকসভা সমষ্টিত অনুষ্ঠিত হৈছে এই তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ সেয়েহে ৰাতিপুৱা ৭ বজাৰে পৰা প্ৰতিকূল বতৰকো নেওচি দেখা গৈছে ভোটাৰৰ দীঘলীয়া শাৰী ।

Several Assam  Candidates cast their vote during third phase of lok sabha election 2024
ভোটদান (ETV BHARAT ASSAM)

মীৰা বৰঠাকুৰ :

পুৱা ৭.৩০ বজাতে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ উপস্থিত হ’ল গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ । ৩৩ নং দিছপুৰ সমষ্টিৰ ৮২ ক নং নৰবমা এল পি স্কুল ভোটকেন্দ্ৰত শাৰী পাটি নিজৰ জীয়ৰীৰ সৈতে ভোটাধিকাৰ সাব্যস্ত কৰে মীৰা বৰঠাকুৰে ৷ মীৰা বৰঠাকুৰে ছাতি লৈ হ’লেও ভোট দিবলৈ আহ্বান জনাই ৰাইজক ।

মীৰা বৰঠাকুৰৰ ভাষ্য (ETV BHARAT ASSAM)

ইফালে খিজুবাৰীৰ ভোটকেন্দ্ৰত পানী হোৱাক লৈয়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয়, ‘‘বহুতে মোক গাড়ী বিচাৰি আছে ৷ কিন্তু মই গাড়ী দিলে বেয়া দেখিব । সেয়েহে নিৰ্বাচন আয়োগক বাছ যোগান ধৰিবলৈ আহ্বান জনাইছো ।’’

বিজুলী কলিতা মেধি :

স্বামী পুত্ৰ সহিতে ভোটদান কৰিলে গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে । পূৱ গুৱাহাটী উচ্চ বিদ্যালয়ৰ ভোট কেন্দ্ৰত ভোটদান কৰে বিজুলী কলিতাই । সোমবাৰে নিশা মা কামাখ্যা, বগলা মাৰ আশীষ লোৱাৰ পিচতেই আজি পুৱা হনুমান আৰু মা উগ্ৰতাৰাৰ আশীষ লৈ নিজকে নিজৰ ভোটদান সাব্যস্ত কৰে । ভোটদান সাব্যস্ত কৰি তেওঁ সকলোকে ভোটদান কৰি সুস্থ গণতান্ত্ৰিক চৰকাৰ গঠন কৰিবলৈ আহ্বান জনায় ।

বিজুলী কলিতা মেধিৰ ভাষ্য (ETV BHARAT ASSAM)

তেওঁ কয়, ‘‘গুৱাহাটী লোকসভা সমষ্টি এটা সন্মানীয় সমষ্টি । ভোটদান কৰাটো এটা ডাঙৰ দায়িত্ব । বেলেগ বেলেগ প্ৰাৰ্থীক ভোটদান কৰি আহিছিলো । আজি নিজে নিজক ভোট দিছো । খুব ভাল লাগিছে শান্তি লাগিছে ।’’

ইপিনে তেওঁৰ পুত্ৰই প্ৰথমবাৰৰ বাবে সাব্যস্ত কৰিছে ভোটাধিকাৰ । এগৰাকী শিক্ষিত মহিলাক ভোটদান কৰি গৌৰৱ অনুভৱ কৰিছে পুত্ৰয়ো ।

ফণী ভূষণ চৌধুৰী :

বীৰঝৰা গাৰ্লচ এইচ এস স্কুল মডেল ভোট কেন্দ্ৰত সুকলমে আৰম্ভ হ’ল ভোটগ্ৰহণ প্ৰক্ৰিয়া । পুৱা সাত বজাৰ পৰাই ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণ আৰম্ভ হয় বঙাইগাঁও সমষ্টিত ৷ পুৱাৰ পৰাই শাৰী পাতি পুৰুষ-মহিলা সকলো ওলাই আহিল ভোট দিবলৈ ।

lok sabha election 2024
ভোটদান (ETV BHARAT ASSAM)

এই ভোটকেন্দ্ৰত ভোট দিয়েহি বঙাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক তথা NDA ৰ বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী ফণী ভূষণ চৌধুৰীয়ে । ইপিনে ৰাতিৰে পৰা বঙাইগাঁৱত বতাহ বৰষুণ হৈ থকাত ভোটাৰ সকলৰ কিছু বিধি-পথালি হোৱা দেখা গৈছে ৷

ফণী ভূষণ চৌধুৰী (ETV BHARAT ASSAM)

দীপ বায়ন :

ৰাজ্যত চলি আছে তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচন ৷ বৰপেটাত লোকসভাত ১৪ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ১৯৪৯৮৭৩ জন ভোটাৰে ৷ প্ৰতিকূল বতৰৰ মাজতো বৰপেটা জিলাত আজি পুৱা সাত বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ হৈছে । জিলাখনৰ বহু কেন্দ্ৰত ভোটদাতাৰ দীঘলীয়া শাৰী দেখা গৈছে । বৰপেটাৰ কংগ্ৰেছৰ প্ৰাৰ্থী দীপ বায়নে ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন কৰি কয় যে ৰাইজৰ যথেষ্ট সঁহাৰি পাইছে ৷

দীপ বায়ন (ETV BHARAT ASSAM)

মানুহৰ মুখমণ্ডলত ইতিবাচক সঁহাৰি পোৱা বুলি উল্লেখ কৰে তেওঁ ৷ গণতন্ত্ৰৰ জয় হওক আৰু দেশখন ৰক্ষাৰ বাবে ৰাইজ উলাই অহা বুলি কৈ এই বৰষুণক পুষ্প বৃষ্টি বুলি উল্লেখ কৰি তেওঁৰ বাবে আশীৰ্বাদ বুলি মন্তব্য কৰে ৷

মনোৰঞ্জন তালুকদাৰ :

সৰভোগত সপৰিয়ালে ভোট দিলে চি পি আই এমৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে ৷ সৰভোগৰ উত্তৰ গণকগাৰী নিম্ন বুনিয়াদী বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰি মনোৰঞ্জন তালুকদাৰে কয়- প্ৰতিকূল বতৰতো ভোটাৰসকল ওলাই আহি নিজৰ ভোট সাব্যস্ত কৰিছে । লোকসভা নিৰ্বাচনত সাধাৰণতে বিধানসভা বা পঞ্চায়ত নিৰ্বাচনৰ ভোটৰ দৰে ভোটাৰসকল ওলাই নাহে ৷ ৰাজনৈতিকভাৱে সচেতন মানুহবোৰ ভোট কেন্দ্ৰলৈ আহিছে ।

মনোৰঞ্জন তালুকদাৰ (ETV BHARAT ASSAM)

লগতে ৰাজনৈতিকভাৱে সচেতন মানুহৰ বাবে প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ উৎসাহ বাঢ়িছে বুলি উল্লেখ কৰে । এগৰাকী প্ৰাৰ্থী হিচাপে ভোটাৰক যোগ্যতাৰ ভিত্তিত ভোট দিয়াৰ বাবে যি আহ্বান জনাইছিল, সেই মৰ্মে ব্যাপক সঁহাৰি লাভ কৰা বুলিও জানিবলৈ দিয়ে চি পি আই এমৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে ৷

বদৰুদ্দিন আজমল :

আজি তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ অন্তিম দিন । আজি পুৱাই সাংসদ আজমলে সাংবাদিকৰ আগত কয় যে, এয়া দেশৰ গণতন্ত্ৰৰ সৰ্ববৃহৎ উৎসৱ । পুৱাৰে পৰা প্ৰতিকূল বতৰক নেওচি ভোটাৰসকলে ওলাই আহিছে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ৷

বদৰুদ্দিন আজমল (ETV BHARAT ASSAM)

সাংসদগৰাকীয়ে কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইন সমালোচনা কৰি কয় যে ৰকিবুল হুছেইনে ধুবুৰীত খালি হাত লৈ আহিছে খালি হাত লৈ ঘৰলৈ উভতি যাব লাগিব ।

তেওঁ কয়, ‘‘ধুবুৰী সমষ্টিৰ মই তিনিবাৰৰ সাংসদ হৈ আছোঁ আৰু আজিৰ এই নিৰ্বাচনত মই ১০০ শতাংশই জিকিম । আজি ধুবুৰী সমষ্টিৰ ভোটাৰ ৰাইজে তলা-চাবিৰ ছবিত ভোট দিব । সাংসদ হৈ থকা অৱস্থাত মই চুৰি কৰা নাই । মোৰ পূৰ্বপুৰুষে ব্যৱসায় কৰি আহিছে মইও ব্যৱসায়ী কৰি আছো । ধুবুৰী লোকসভা সমষ্টিত মই নিৰ্বাচনী প্ৰচাৰ সভা বহুত কৰি আহিছো । কিন্তু মোৰ নিৰ্বাচনী প্ৰচাৰ সভাৰ পিছত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ সভা আছিল, কংগ্ৰেছৰ গৌৰৱ গগৈৰো নিৰ্বাচনী প্ৰচাৰ সভা আছিল কিন্তু বতৰ বেয়া হোৱা কাৰণে কোনেও সভালৈ যাব পৰা নাছিল । এয়া আল্লাৰ মোৰ প্ৰতি আশীৰ্বাদ । গতিকে ইয়াৰ পৰা বুজা যায় যে, মই এইবেলি নিৰ্বাচনতো ধুবুৰী সমষ্টিৰ পৰা ১০০ শতাংশই জিকি চাৰি বাৰৰ বাবে সাংসদ হ’ম ৷’’

জয়ন্ত বসুমতাৰী :

চিৰাঙৰ ৩৫০ নং টাঙাবাৰী প্ৰাথমিক বিদ্যালয়ৰ ১৪০ নম্বৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ এনডিএ সমৰ্থিত ইউপিপিএলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীয়ে । এই ভোটগ্ৰহণ কেন্দ্ৰত মুঠ ভোটাৰ আছে ১০৭৫ জন । তাৰে মাজত প্ৰাৰ্থী জয়ন্ত বসুমতাৰীয়ো এজন ভোটাৰ । সপত্নীক আহি প্ৰাৰ্থীজনে ব্যক্ত কৰিলে নিজৰ মনৰ কথা ।

জয়ন্ত বসুমতাৰী (ETV BHARAT ASSAM)

খাম্পা বৰগয়াৰী :

চিৰাং জিলাৰ চিদলী-চিৰাং বিধানসভা সমষ্টিৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ ৰুনিখাতা আশ্ৰাবাৰীৰ ৯৪৫ নং বাসবাৰী এল পি স্কুলৰ ১০৬ নং ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান সাব্যস্ত কৰি ১ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী খাম্পা বৰগয়াৰীয়ে সংবাদ মাধ্যমক বিপিএফ দলে ৭০% শতাংশ ভোট পাব বুলি জনায় ।

খাম্পা বৰগয়াৰী (ETV BHARAT ASSAM)

নিজে নিজক ভোট দি ভাল লগা বুলি উল্লেখ কৰে তেওঁ ৷ সকলো ৰাইজক ভোট প্ৰদান কৰি গণতন্ত্ৰ ৰক্ষা কৰাৰ লগতে এখন ভাল চৰকাৰ গঠন কৰিবলৈ ৰাইজক ভোটদানৰ আহ্বান জনাই খাম্পা বৰগয়াৰীয়ে ।

লগতে পঢ়ক :

ভোটদান সাব্যস্ত কৰিলে বিধায়ক জাকিৰ হুছেইন শিকদাৰে - lok sabha election 2024

বৰপেটাত ১৯,৬৬,৮৪৭ গৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব ১৪ গৰাকী প্ৰাৰ্থীৰ - LOK SABHA ELECTION 2024

Last Updated : May 7, 2024, 2:07 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.