ETV Bharat / politics

ভোটাৰৰ মনৰ কথা : কোন হ'ব ডিব্ৰুগড়ৰ পৰৱৰ্তী সাংসদ ? - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Jun 1, 2024, 6:42 PM IST

Lok Sabha Election 2024: ডিব্ৰুগড় লোকসভা সমষ্টিত প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল । ৪ জুনত লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব । তাৰ পূৰ্বে সমষ্টিটোত পৰৱৰ্তী সাংসদ কোন হ'ব তাক লৈ জল্পনা-কল্পনা আৰম্ভ হৈছে । প্ৰতিযোগিতা বিজেপি মিত্ৰজোঁট, বিৰোধী ঐক্যমঞ্চ আৰু আপৰ মাজত হ'লেও শেষ হাঁহি বিজেপি বা বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থীয়ে মাৰিব বুলি প্ৰায় নিশ্চিত হৈছে সমষ্টিটোৰ জনসাধাৰণ ।

Lok Sabha Election 2024
কোন হ'ব ডিব্ৰুগড়ৰ পৰৱৰ্তী সাংসদ (ETV Bharat)

বিশেষ প্ৰতিবেদন,১ জুন : বহু জল্পনা-কল্পনাৰ অন্তত অহা ৪ জুনত ঘোষণা হ'ব লোকসভা নিৰ্বাচনৰ ফলাফল । ফলাফলৰ দিন চমু চাপি অহাৰ লগে লগে সকলো ৰাজনৈতিক দলৰ মাজত হিচাপ-নিকাচ আৰম্ভ হৈছে । ৰাজ্যৰ ১৪ টা লোকসভা সমষ্টিৰ ভিতৰত ১২ টা সমষ্টিতে বিজেপিয়ে জয় লাভ কৰিব বুলি দৃঢ়তাৰে কৈ থকা সময়তে বিৰোধী ঐক্যমঞ্চইও পূৰ্বতকৈ অধিক আসন লাভ কৰাৰ লগতে প্ৰতিটো সমষ্টিতে ভোটৰ হাৰ বৃদ্ধি হ'ব বুলি দাবী কৰিছে ।

ৰাজ্যৰ ১৪ টা লোকসভা সমষ্টিৰ আটাইতকৈ বেছি চৰ্চাত থকা সমষ্টিৰ ভিতৰত আছে ডিব্ৰুগড় লোকসভা সমষ্টি । এই সমষ্টিত নিৰ্বাচনী যুঁজ অতি আকৰ্ষণীয় হ'ব বুলি অনুমান কৰা হৈছে । ডিব্ৰুগড় লোকসভা সমষ্টিৰ বৰ্তমানৰ সাংসদ তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ টিকট কৰ্তন কৰি শাসকীয় দল বিজেপিয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰাৰ্থিত্ব প্ৰদান কৰি নিৰ্বাচনী যুঁজত নমাইছিল ।

ইয়াৰ সমান্তৰালভাৱে ডিব্ৰুগড় লোকসভা সমষ্টিত বিৰোধী ঐক্যমঞ্চই অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ লগতে আপে মনোজ ধানোৱাৰক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল। বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ হৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ব্যাপক প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিছিল । আনকি ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত ডিব্ৰুগড়, চাবুৱা-লাহোৱাল, দুলীয়াজান, টিংখাং, নাহৰকটীয়া, তিনিচুকীয়া, ডিগবৈ, মাকুম, খোৱাং আৰু মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত একোখনকৈ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

প্ৰচাৰত কোনো ধৰণৰ ত্ৰুটি ৰখা নাছিল বিজেপিয়ে । ইয়াৰ পিছতো ডিব্ৰুগড় লোকসভা সমষ্টিক লৈ যথেষ্ট আশাবাদী অসম জাতীয় পৰিষদ । বিৰোধী ঐক্যমঞ্চৰ বিগ ব্ৰাডাৰ স্বৰূপ কংগ্ৰেছৰ সহযোগিতাত নিৰ্বাচনী যুঁজত নমা লুৰীণজ্যোতি গগৈয়ে দাবী কৰিছে যে তেওঁৰ বিজয় নিশ্চিত । ইফালে চাহ বাগিচাৰ কিছু ভোট আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে লাভ কৰাৰ পিছতো বিজেপিৰ ভোট কমি যোৱা বুলি অনুমান কৰা হৈছে ।

কিয়নো ডিব্ৰুগড় লোকসভা সমষ্টিত চাহ জনগোষ্ঠীয় ভোটাৰসকলে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিছে । লগতে একাংশ বিজেপি নেতা-কৰ্মীয়ে সৰ্বানন্দ সোণোৱালক সহযোগিতা নকৰাৰ খবৰো ৰাজহুৱা হৈছে । আনহাতে সোণোৱাল কছাৰী ৰাইজৰ মাজতো সৰ্বানন্দ সোণোৱালৰ পূৰ্বৰ জনপ্ৰিয়তা হ্ৰাস পোৱা বুলি দাবী কৰিছে একাংশই । নিৰ্বাচনৰ সময়ত সোণোৱাল কছাৰী জনগোষ্ঠীৰ সংগঠনে মুকলিকৈ লুৰীণজ্যোতি গগৈক সমৰ্থন দিয়া দেখা গৈছিল ।

এনেবোৰ কাৰণতে ৪ জুনৰ দিনটো চমু চাপি অহাৰ লগে লগে চিন্তা বাঢ়িছে ডিব্ৰুগড়ৰ বিজেপি নেতাসকলৰ । এই সম্পৰ্কত ই টিভি ভাৰতে সচেতন ৰাইজৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছে । সকলোৱে একে মুখে কৈছে বিজেপিয়ে কৈ থকাৰ দৰে ফলাফল সমগ্ৰ দেশতে নহ'ব । নতুন চিন্তাৰে ৰাইজে ভোটদান কৰিছে । অসমৰ ক্ষেত্ৰত ডিব্ৰুগড় আৰু যোৰহাট লোকসভা সমষ্টিত হ'ব পাৰে ৰাজনৈতিক অঘটন ।

দুয়োটা সমষ্টিতে বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী জয়ী হ'ব বুলি অনুমান কৰিছে একাংশ লোকে । কিন্তু এই সকলো চৰ্চা ৪ জুনত স্পষ্ট হ'ব । সৰ্বানন্দ সোণোৱাল আৰু লুৰীণজ্যোতি গগৈৰ ভিতৰত কোন হ'ব ডিব্ৰুগড়ৰ পৰৱৰ্তী সাংসদ ?

লগতে পঢ়ক :সমাগত ৪ জুন; ভোটগণনাৰ বাবে সাজু কলিয়াবৰ প্ৰশাসন - LOK SABHA ELECTION 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.