ETV Bharat / politics

অসম-ছিকিমৰ বানৰ বাবে বাজেটত ধাৰ্য ১১ হাজাৰ কোটি টকা : সিন্ধিয়া - JYOTIRADITYA SCINDIA IN GUWAHATI

author img

By ETV Bharat Assamese Team

Published : Jul 27, 2024, 7:17 PM IST

North East in union budget : গুৱাহাটীত কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াৰ সংবাদমেল ৷ উত্তৰ-পূৰ্বাঞ্চলক দেশৰ বিকাশৰ ইঞ্জিন হিচাপে গঢ় দিয়াৰ সংকল্প । অসম আৰু ছিকিমৰ বানপানীৰ বাবে বাজেটত ধাৰ্য কৰা হৈছে ১১ হাজাৰ কোটি টকা ৷ ড’নাৰ মন্ত্ৰণালয়ৰ বাবে দিয়া হৈছে ছয় হাজাৰ কোটি টকা । এইবাৰৰ বাজেট যুৱশক্তি, মহিলা, কৃষক আৰু দৰিদ্ৰৰ ওপৰত সমৰ্পিত ।

North East in union budget
গুৱাহাটীত কেন্দ্ৰীয় মন্ত্রী জ্যোতিৰাদিত্য এম সিন্ধিয়া (ETV Bharat Assam)

গুৱাহাটী, ২৭ জুলাই : বানত ক্ষতিগ্ৰস্ত অসম আৰু ছিকিমৰ বাবে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেটত ১১ হাজাৰ কোটি টকা আৱণ্টন দিয়া হৈছে । শনিবাৰে গুৱাহাটীৰ হোটেল ৰেডিছন ব্লুত আয়োজন কৰা এখন সংবাদমেলত এই কথা সদৰী কৰে কেন্দ্ৰীয় অসামৰিক বিমান তথা ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াই ৷ অৱশ্যে দুয়োখন ৰাজ্যৰ ভয়াৱহ বানৰ বাবে দিয়া এই পুঁজিৰ কিমান অংশ অসমৰ সেই কথা স্পষ্টভাৱে প্ৰকাশ নকৰিলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

বিগত দহ বছৰত উত্তৰ-পূৰ্বাঞ্চলৰ আমূল পৰিৱৰ্তন হৈছে : সিন্ধিয়া

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেট সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজিৰ সংবাদমেল সম্বোধন কৰে । বিজেপিৰ কাৰ্যকালত বিগত দহ বছৰত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ আমূল পৰিৱৰ্তন হোৱা বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, ‘‘ কংগ্ৰেছৰ দিনত ২০০৪ চনৰ পৰা ২০১৪ চনলৈ টেক্স ডিভলোচনৰ বাবদ অসমক ৬৪ হাজাৰ কোটি টকা দিয়া হৈছিল । ইয়াৰ বিপৰীতে বিজেপি চৰকাৰৰ দিনত দিয়া হৈছে ২.৩০ লাখ কোটি টকা । ২০২৪-২৫ বৰ্ষত ৩৯ হাজাৰ কোটি টকা দিয়া হ’ব । সেইদৰে মূলধনী ব্যয়ৰ ক্ষেত্ৰত কংগ্ৰেছৰ দিনত ১৩ হাজাৰ কোটি টকা দিয়া হৈছিল । বিজেপি চৰকাৰৰ দিনত ২০২৩-২৪ বৰ্ষত ৫৮০৪ কোটি টকা দিয়া হৈছে ৷ অসমৰ ভৱিষ্যৎ সলনি কৰিব পৰাকৈ বিজেপি চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে ৷’’

ড’নাৰ মন্ত্ৰণালয়ৰ প্ৰসংগত কেন্দ্ৰীয় মন্ত্ৰীগৰ‍কীয়ে কয়, ‘‘ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সৰ্বাধিক গুৰুত্ব দিছে । উত্তৰ-পূৰ্বাঞ্চলক দেশৰ বিকাশৰ ইঞ্জিন হিচাপে গঢ় দিয়াৰ সংকল্প লোৱা হৈছে ৷ সূৰ্য উদয়ৰ উত্তৰ-পূৰ্বাঞ্চল দেশৰ এণ্ট্ৰি পইণ্ট ৷ প্ৰতি বছৰে বানে অসমৰ বিস্তৰ ক্ষতিসাধন কৰে ৷ এইবাৰৰ বাজেটত অসম আৰু ছিকিমৰ বানপানীৰ বাবে ১১ হাজাৰ কোটি টকা অৱণ্টন দিয়া হৈছে ৷ আনহাতে উত্তৰ-পূৰ্বাঞ্চলত পোষ্টেলৰ ১০০ টা শাখা স্থাপন কৰা হ’ব । কংগ্ৰেছ দিনত ড’নাৰ মন্ত্ৰণালয়ৰ বাবে ১৭৭৫ কোটি টকা দিয়া হৈছিল ৷ আমাৰ চৰকাৰে ছয় হাজাৰ কোটি টকা দিছে ৷ আনহাতে ৩৬টা যোজনাৰ বাবে ১৫০০ কোটি টকা দিয়া হৈছে ৷’’

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘‘ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বাবে ২০২৪-২৫ বৰ্ষত ১০ হাজাৰ কোটি টকা আৱণ্টন দিয়া হৈছে ৷ উত্তৰ-পূৰ্বাঞ্চলত পথ নিৰ্মাণৰ বাবে ২০ হাজাৰ কোটি টকা বাজেটত ধাৰ্য কৰা হৈছে ৷ এইখন বাজেট জনতাৰ বাজেট ৷ ইয়াৰ দ্বাৰা নতুন যুগৰ সূচনা হ’ব ৷’’

ডিজিটেলাইজেচন হ’ব কৃষিখণ্ড :

সামগ্ৰিকভাৱে বাজেট সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, ‘‘ তৃতীয়টো কাৰ্যকালত মোদী চৰকাৰে তিনিগুন কামৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ৷ এইবাৰৰ বাজেট যুৱশক্তি, মহিলা, কৃষক আৰু দৰিদ্ৰৰ ওপৰত সমৰ্পিত ৷ কৃষকৰ কৃষিক্ষেত্ৰ ডিজিটেলাইজেচন কৰা হ’ব ৷ কৃষকৰ আয়বৃদ্ধিৰ বাবে সমৰ্থন মূল্য বৃদ্ধি কৰা হৈছে ।’’

এজনো ভাৰতীয় গৃহহীন হৈ নথকাৰ লক্ষ্য :

এজনো ভাৰতীয় যাতে গৃহহীন হৈ নাথাকে তাৰ বাবে ইতিমধ্যে ৪ কোটি বহনযোগ্য গৃহ নিৰ্মাণ কৰা হৈছে ৷ আগন্তুক পাঁচ বছৰত ৩ কোটি গৃহ নিৰ্মাণ কৰা হ’ব ৷ দেশত নতুনকৈ এহাজাৰ আই টি আই নিৰ্মাণ কৰা হ'ব । গৰিব কল্যান অন্ন আঁচনিৰ দ্বাৰা ৮০ কোটি পৰিয়াল উপকৃত হ'ব । ২৫ হাজাৰ গ্ৰাম্য ৰাস্তা নিৰ্মাণ কৰা হ'ব । আনহাতে ২৪ হাজাৰ অত্যন্ত ভিতৰুৱা অঞ্চলক টেলিকম ব্যৱস্থাৰে সামৰি লোৱা হ'ব । এবছৰৰ ভিতৰত এই কাম সম্পূৰ্ণ কৰা হ'ব ।’’

অৰ্থনৈতিক দিশত ভাৰত মহাশক্তিৰূপে প্ৰতিষ্ঠিত হৈছে :

মোদী চৰকাৰৰ কাৰ্যকালত দেশ প্ৰগতিৰ দিশত আগুৱাই গৈছে বুলি সদৰি কৰি মন্ত্ৰীগৰাকীয়ে কয়, ‘‘ মোদীৰ নেতৃত্বত দেশৰ বিকাশৰ হাৰ ৮.২ শতাংশ হৈছে ৷ এয়া বিশ্বস্তৰত কৃতিমানৰূপে পৰিগণিত হৈছে । অৰ্থনৈতিক দিশত ভাৰত বিশ্বৰ মহাশক্তিৰূপে প্ৰতিষ্ঠিত হৈছে । অৰ্থনৈতিক ক্ষেত্ৰত কংগ্ৰেছৰ দিনত ২০১৪ চনত ভাৰতৰ স্থান ১১ নম্বৰত আছিল । বৰ্তমান ভাৰতৰ স্থান পাঁচ নম্বৰত । যিটো মোদী নীতিৰ বাবে সম্ভৱ হৈছে । ২০২৭ চনলৈ জাৰ্মানী আৰু জাপানক পিছ পেলাই ভাৰতে তৃতীয় স্থানত উপনীত হ'ব ।’’

৭৫ বছৰত নোহোৱা কাম মোদী চৰকাৰৰ দিনত সম্ভৱ হৈছে :

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে নিবনুৱাৰ হাৰ ৩.২ শতাংশলৈ হ্ৰাস হৈছে । মোদী চৰকাৰৰ দিনত দেশ অৰ্থনৈতিকভাৱে শক্তিশালী হ'বলৈ সক্ষম হৈছে ৷ মোদী চৰকাৰৰ দহ বছৰীয়া কাৰ্যকালৰ প্ৰসংগত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, ‘‘ ৭৫ বছৰত যি হোৱা নাছিল সেয়া মোদী চৰকাৰৰ দিনত সম্ভৱ হৈছে । স্বচ্ছ ভাৰতৰ অধীনত দেশৰ ১২ কোটি ঘৰত শৌচালয় নিৰ্মাণ কৰা হৈছে । জলজীৱন মিছনৰ অধীনত ১১.৭০ কোটি পৰিয়ালৰ ঘৰত টেপযোগে পানী যোগানৰ ব্যৱস্থা কৰা হৈছে ৷ প্ৰধানমন্ত্ৰী উজ্বলা আঁচনিৰ অধীনত চাৰে দহ কোটি মহিলাই ৰন্ধন গেছৰ সুবিধা লাভ কৰিছে । আনহাতে আয়ুষ্মান কাৰ্ডৰ সুবিধা চাৰে ছয় কোটি পৰিয়ালে লাভ কৰিছে । জন ধন যোজনাৰ অধীনত ৫১.৬ কোটি বেংক একাউণ্ট খোলা হৈছে । এই একাউণ্টৰ যোগেদি দহ বছৰত হিতাধিকাৰীক বিভিন্ন আঁচনিৰ যোগেদি ৩৬ লাখ কোটি টকা দিয়া হৈছে । টেলিকমৰ গ্ৰাহকৰ সংখ্যা ১১৬ কোটিলৈ বৃদ্ধি হৈছে । সেইদৰে ৯৫ কোটি লোকে ব্যৱহাৰ কৰে ইণ্টাৰনেট ।’’

প্ৰতিদিনে ৩৪ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হৈছে :

জ্যোতিৰাদিত্য এম সিন্ধিয়াই লগতে কয়, ‘‘ কংগ্ৰেছৰ দিনত প্ৰতিদিনে ১১.৫ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হৈছিল ৷ বিজেপি চৰকাৰৰ দিনত প্ৰতিদিনে ৩৪ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হৈছে ৷ আনহাতে বিজেপিৰ দিনত ৩১ টা নতুন বিমান বন্দৰ নিৰ্মাণ কৰা হৈছে আৰু ইয়াৰে ৪ টা অসমৰ । উত্তৰ-পূৰ্বাঞ্চলত ৯ টা বিমান বন্দৰ আছিল যদিও এতিয়া সেই সংখ্যা বৃদ্ধি হৈ ১৭ টা হৈছে ।’’ সংবাদমেলত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, মন্ত্ৰী অশোক সিংহল আৰু জয়ন্ত মল্লবৰুৱা উপস্থিত আছিল ।

লগতে পঢ়ক : ৰাজধানী দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী আৰু অশ্বিনী বৈষ্ণৱক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ

লগতে পঢ়ক : অসমৰ বান সমস্যাক উপেক্ষা : পেকেজ বিচাৰি কেন্দ্ৰক দাবী জনাব অগপই

লগতে পঢ়ক : কেন্দ্ৰীয় বাজেটত অসমক চূড়ান্তভাৱে অৱহেলা কৰা হৈছে: ৰিপুণ বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.