ETV Bharat / politics

সাধাৰণ নিৰ্বাচনত হেৰফেৰ কৰাৰ কথা স্বীকাৰ ৰাৱালপিণ্ডিৰ আয়ুক্তৰ - Pakistan electoral misconduct

Pakistan Election results: পাকিস্তানৰ সাধাৰণ নিৰ্বাচনৰ ফলাফলত হেৰফেৰ কৰাৰ কথা স্বীকাৰ কৰি পদত্যাগ পত্ৰ প্ৰেৰণ কৰে ৰাৱালপিণ্ডিৰ আয়ুক্ত লিয়াকত আলী চাথাই । এই ঘটনাত মুখ্য নিৰ্বাচন আয়ুক্ত আৰু উচ্চতম ন্যায়ালয়ৰ এগৰাকী শীৰ্ষ ন্যায়াধীশো জড়িত থকাৰ দাবী । বিষয়টোক লৈ তদন্ত আৰম্ভ ।

Pakistan Election results
সাধাৰণ নিৰ্বাচনত হেৰফেৰ কৰাৰ কথা স্বীকাৰ ৰাৱালপিণ্ডিৰ আয়ুক্তৰ
author img

By ANI

Published : Feb 18, 2024, 2:03 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,১৮ ফেব্ৰুৱাৰী : পাকিস্তানৰ সাধাৰণ নিৰ্বাচনৰ ফলাফলক লৈ বিভিন্ন ধৰণৰ বিতৰ্কৰ সৃষ্টি হৈছে । ইয়াৰ মাজত আন এক আচৰিত খবৰ । নিৰ্বাচনৰ ফলাফল হেৰফেৰ কৰাৰ কথা স্বীকাৰ কৰিলে ৰাৱালপিণ্ডিৰ আয়ুক্ত লিয়াকত আলী চাথাই । ইয়াৰ লগে লগে আয়ুক্তগৰাকীয়ে পদত্যাগ পত্ৰও প্ৰদান কৰে । ৰাৱালপিণ্ডি ক্ৰিকেট ষ্টেডিয়ামৰ বাহিৰত সাংবাদিকসকলক সম্বোধন কৰি চাথাই কয় যে তেওঁ এই সকলো অন্যায়ৰ দায়িত্ব লৈছে ।

তেওঁ অভিযোগ কৰিছে যে মুখ্য নিৰ্বাচন আয়ুক্ত আৰু উচ্চতম ন্যায়ালয়ৰ এগৰাকী শীৰ্ষ ন্যায়াধীশো এই ঘটনাত জড়িত আছিল । তেওঁ কয় যে তেওঁলোকে ৭০,০০০-৮০,০০০ ভোটত আগবাঢ়ি থকা নিৰ্দলীয় প্ৰাৰ্থীক ভুৱা ডাকটিকট ব্যৱহাৰ কৰি পৰাজিত কৰিছে ।

ৰাৱালপিণ্ডিৰ আয়ুক্তই লগতে কয় যে তেওঁ তেওঁৰ পদ আৰু সেৱাৰ পৰা পদত্যাগ কৰিছে কিয়নো তেওঁ ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত ৰিগিঙৰ দৰে গুৰুতৰ অপৰাধত জড়িত আছিল । নিৰ্বাচনী অনিয়ম আৰু ফলাফল প্ৰকাশত পলম হোৱা সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰ দি চাথাই কয় যে অনিয়ম ইয়াৰ বাবে এটা সৰু শব্দ আছিল । তেওঁ লগতে কয় যে তেওঁ কৰা এই অন্যায়ৰ বাবে তেওঁক শাস্তি দিয়া উচিত আৰু ইয়াত জড়িত আন সকলকো শাস্তি দিয়া উচিত ।

ইয়াৰ পূৰ্বে ৰাৱালপিণ্ডি ক্ৰিকেট ষ্টেডিয়ামত এখন সংবাদমেল সম্বোধন কৰি চাথাই কয় যে পুৱা তেওঁৰ মানসিক চাপ যথেষ্ট আছিল, যাৰ বাবে আত্মহত্যাৰ দৰে কথা চিন্তা কৰিছিল । কিন্তু পিচত বিষয়বোৰ ৰাইজৰ সন্মুখত উপস্থাপন কৰাৰ সংকল্প লয় । তেওঁ লগতে এই ধৰণৰ অপৰাধ ভৱিষ্যতে নকৰিবলৈ সকলোকে অনুৰোধ জনায় । চাথাৰ দাবীৰ প্ৰতিক্ৰিয়া স্বৰূপে পাকিস্তানৰ নিৰ্বাচন আয়োগে কয় যে তেওঁলোকে ইচিপি বা মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে উত্থাপিত অভিযোগবোৰ কঠোৰভাৱে নাকচ কৰিছে ।

নিৰ্বাচন আয়োগৰ মতে কোনো বিভাগৰ আয়ুক্তক কেতিয়াও জিলা ৰিটাৰ্ণিং বিষয়া হিচাপে নিযুক্তি দিয়া হোৱা নাই বা প্ৰিজাইডিং বিষয়া ও নিৰ্বাচন অনুষ্ঠিত কৰাত তেওঁলোকে কেতিয়াও পোনপটীয়া ভূমিকা পালন নকৰে । অৱশ্যে, নিৰ্বাচন আয়োগে কয় যে তেওঁলোকে যিমান সম্ভৱ সোনকালে বিষয়টোৰ তদন্ত কৰিব । ইফালে, পাঞ্জাবৰ তত্ত্বাৱধায়ক মুখ্যমন্ত্ৰী মহছিন নকভিয়ে চাথাৰ দাবীৰ নিৰপেক্ষ তদন্তৰ নিৰ্দেশ দিয়ে আৰু লগতে এখন উচ্চ পৰ্যায়ৰ তদন্ত সমিতি গঠনৰ কথাও ঘোষণা কৰে ।

পঞ্জাৱৰ তত্ত্বাৱধায়ক তথ্য মন্ত্ৰী আমিৰ মীৰেও চাথাৰ দাবী খাৰিজ কৰি দাবী কৰে যে তেওঁ তেওঁৰ অভিযোগৰ সমৰ্থনত প্ৰমাণ দাখিল কৰিব ।

লগতে পঢ়ক :পাকিস্তানত বিৰোধীৰ আসনত বহিব ইমৰান খানৰ দল পিটিআই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.